ETV Bharat / bharat

পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ'ল তাজমহল

author img

By

Published : Jun 16, 2021, 4:56 PM IST

বুধবাৰৰ পৰা পৰ্যটকে পুনৰ দৰ্শন কৰিব পাৰিব তাজমহল(Tajmahal) । ক'ভিডসৃষ্ট পৰিস্থিতি(Covid Situation)ৰ বাবে জাৰি কৰা লকডাউন(Lockdown)ৰ বাবে কেইবামাহো ধৰি বন্ধ হৈ থকাৰ পিছত বুধবাৰে পুনৰ পৰ্যটকৰ বাবে তাজমহল মুকলি কৰা হয় । ঐতিহাসিক পৰ্যটন ক্ষেত্ৰ মুকলি কৰাৰ এদিন পূৰ্বে অৰ্থাৎ মঙলবাৰে তাজমহলত কৰ্মৰত লোকসকলৰ টীকাকৰণ কৰা হয় ।

Tajmahal reopens for tourists from today
পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ'ল তাজমহল

নেশ্যনেল ডেস্ক, ১৬ জুন : অৱশেষত পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ'ল ঐতিহাসিক তাজমহল(Tajmahal) । ভাৰতীয় পুৰাতাত্বিক জৰীপৰ(Archaeological Survey of India)ৰ আগ্ৰা চক্ৰৰ অধীক্ষক পুৰাতত্ববিদ বসন্ত কুমাৰ স্বৰ্ণকাৰে মঙলবাৰে জনাইছিল যে, ভাৰতীয় পুৰাতাত্বিক জৰীপৰ তত্বাৱধানত থকা অন্যান্য স্মৃতিশৌধসমূহৰ ভিতৰত তাজমহল বুধবাৰৰ পৰা পুনৰ মুকলি হ'ব ।

স্বৰ্ণকাৰে লগতে কয় যে, তাজমহলত পৰ্যটক(Tourist)ৰ প্ৰৱেশৰ সময়ত ক'ভিড প্ৰট'কল মানি চলা হ'ব । কেৱল অনলাইন টিকটৰ জৰিয়তেহে প্ৰৱেশৰ অনুমতি দিয়া হ'ব আৰু মাস্ক অবিহনে কোনো লোককে প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ'ব বুলি তেওঁ জানিবলৈ দিয়ে ।

উল্লেখ্য যে, মঙলবাৰে তাজমহলত কৰ্মৰত লোকসকলৰ টীকাকৰণ কৰা হয় । ইফালে, আগ্ৰাৰ জিলা দণ্ডাধীশ প্ৰভু এন সিঙে পৰ্যটকৰ সংখ্যাৰ ক্ষেত্ৰত এক নিৰ্দেশ জাৰি কৰিছে । এই নিৰ্দেশ অনুসৰি, একে সময়তে তাজমহলৰ ভিতৰত ৬৫০ জনতকৈ অধিক লোকে প্ৰৱেশ কৰিব নোৱাৰিব ।

সকলো সময়তে ভিৰ নিৰীক্ষণ কৰিবলৈ দলসমূহক নিযুক্তি দিয়া হ'ব । এটা ফোন নম্বৰৰ জৰিয়তে মাত্ৰ ৫ টা টিকটহে বুক কৰিব পাৰিব বুলিও জনায় বসন্ত কুমাৰ স্বৰ্ণকাৰে ।

লগতে পঢ়ক : হাৰিয়ানাৰ প্ৰতিবাদস্থলীত কৃষকৰ আত্মহত্যা(Suicide)

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.