ETV Bharat / bharat

Jan Suvidha Kendra in Taj Mahal: তাজমহলত পৰ্যটকৰ সুবিধাৰ্থে মুকলি কৰা হ'ব জন সুবিধা কেন্দ্ৰ - Taj Mahal Online Tickets

বিভিন্ন সময়ত তাজমহললৈ যোৱা পৰ্যটকসকলে বহু সমস্যাৰ সন্মুখীন হয় । বিশেষ টিকট ক্ৰয়ৰ ক্ষেত্ৰত দুষ্টচক্ৰৰ প্ৰৱঞ্চনাৰো বলি হয় । যাৰ বাবে তাজমহলত অনলাইন টিকট মুকলি কৰিবলৈ জন সুবিধা কেন্দ্ৰ আৰম্ভ কৰা হ'ব ।

Jan Suvidha Kendra in Taj Mahal
তাজমহলত পৰ্যটকৰ সুবিধাৰ্থে মুকলি কৰা হ'ব জন সুবিধা কেন্দ্ৰ
author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 1:07 PM IST

নেশ্যনেল ডেস্ক, ২৮ আগষ্ট : প্ৰেমৰ প্ৰতীক তাজমহল প্ৰতিগৰাকী পৰ্যটকৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু । প্ৰতিবছৰে লাখ লাখ পৰ্যটকে তাজমহলত ভিৰ কৰে । পৰ্যটকসকলৰ বাবে ভাল খবৰ । এইবাৰ পৰ্যটকসকলৰ সুবিধাৰ্থে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । এতিয়াৰে পৰা জন সুবিধা কেন্দ্ৰত অনলাইন টিকট মুকলি কৰা হ'ব । য'ত তাজমহললৈ অহা পৰ্যটকসকলে অনলাইনত প্ৰৱেশৰ বাবে টিকট ক্ৰয় কৰিবলৈ সক্ষম হ'ব । ৫ টাকৈ জন সুবিধা কেন্দ্ৰ পৰিচালনা কৰা হ'ব ।

Jan Suvidha Kendra in Taj Mahal
তাজমহলত পৰ্যটকৰ সুবিধাৰ্থে মুকলি কৰা হ'ব জন সুবিধা কেন্দ্ৰ

দেওবাৰে সন্ধিয়া পৰ্যটন আৰক্ষী থানাত আগ্ৰাৰ নাগৰিক সমাজ আৰু এচিপি আৰিব আহমেদৰ এখন বৈঠক অনুষ্ঠিত হয় । যাতে আগ্ৰালৈ অহা পৰ্যটকসকলে ইয়াৰ পৰা সুবিধা লাভ কৰি ভ্ৰমণৰ অভিজ্ঞতা স্মৰণীয় কৰিব পাৰে তাৰ বাবে এই পদক্ষেপ লোৱা হৈছে । বৈঠকত দুৰ্বৃত্ত আৰু অবৈধ টুৰিষ্ট গাইডসকলৰ বিৰুদ্ধে ব্যৱস্থা তীব্ৰতৰ কৰাৰ দাবীও উত্থাপন কৰা হয় ।

উল্লেখ্য যে প্ৰতিদিনে হাজাৰ হাজাৰ দেশী আৰু বিদেশী অতিথি আগ্ৰালৈ আহে । তাজমহলৰ লগতে আগ্ৰা ফৰ্ট, চিকান্দ্ৰা, ইতমাদ-উদ-দৌলা আদিও তেওঁলোকে ভ্ৰমণ কৰে । প্ৰতিটো পৰ্যটন ক্ষেত্ৰতে পৰ্যটকৰ বাবে প্ৰৱেশ টিকট অনলাইনত উপলব্ধ । অৱশ্যে, তাজমহললৈ অহা পৰ্যটকৰ সংখ্যা অধিক হোৱাৰ বাবে পৰ্যটকসকল টিকটক লৈ চিন্তিত হৈ পৰা দেখা যায় । আনকি তেওঁলোক প্ৰৱঞ্চনাৰো সন্মুখীন হয় ।

এচিপি আৰিব আহমেদে কয় যে, তাজৰ পূব গেট আৰু পশ্চিম গেটৰ সৈতে শিল্পগ্ৰামত জন সুবিধা কেন্দ্ৰসমূহ পৰিচালনা কৰা হ'ব । য'ত তাজৰ প্ৰৱেশ টিকটো কিউআৰ কোডৰ জৰিয়তে উপলব্ধ কৰা হ'ব । যাতে পৰ্যটকসকলৰ কোনো অসুবিধা নহয় । তেওঁলোকে টিকটৰ হাবাথুৰি খাব নালাগে । ইয়াৰ লগতে, পৰ্যটকসকলে অধিক ব্যয় আৰু ক'লা বজাৰৰ পৰা টিকট ক্ৰয় কৰিবও নালাগে । জন সুবিধা কেন্দ্ৰ পৰিচালনা কৰা উপৰিও নাগৰিক সমাজে আৰক্ষীক আন কামত সহায় কৰিবলৈ সাজু বুলি এচিপিগৰাকীয়ে উল্লেখ কৰে ।

আৰক্ষী বিষয়াগৰাকীৰ মতে আৰক্ষীয়ে তাজমহললৈ অহা পৰ্যটকসকলক সুৰক্ষা দিয়া আৰু তেওঁলোকক উপলব্ধ সুবিধা আৰু সঠিক তথ্য প্ৰদান কৰাৰ দায়িত্বত নিয়োজিত হৈ আছে । তাজমহলৰ টিকট ক'ত পাব ? গল্ফ কাৰ্টৰ বাবে ধন কিমান হ'ব ? এই তথ্য সামাজিক মাধ্যমৰ প্লেটফৰ্মতো আপলোড কৰা হ'ব । যাতে পৰ্যটকসকল প্ৰতিটো তথ্যৰ সৈতে আপডেট হৈ থাকে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

নাগৰিক সমাজ আৰু তাজ সুৰক্ষাৰ দায়িত্বত থকা আৰক্ষীৰ মাজত হোৱা বৈঠকত পৰ্যটকৰ বয়-বস্তুৰ সংৰক্ষণ, গল্ফ কাৰ্টৰ সংখ্যা বৃদ্ধি, নতুন বাছ নোপোৱালৈকে ই-ৰিক্সা ব্যৱহাৰৰ অনুমতি দিয়াৰ ব্যৱস্থাৰ বিষয়েও আলোচনা কৰা হয় । নাগৰিকসকলৰ সজাগতাৰ বাবেও বিশেষ পদক্ষেপ লোৱা হ'ব । শিশুৰ চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হ'ব । বিদ্যালয় পৰ্যায়ৰ পৰাই নাগৰিকসকলক পৰ্যটনৰ দিশত সংযোগ কৰিবলৈ চেষ্টা কৰা হ'ব । বৈঠকত প্ৰাক্তন পৰিষদ শিৰোমণি সিং, অনিল শৰ্মা, ৰাজীৱ চাক্সেনা আৰু অন্যান্য বিশিষ্ট নাগৰিকসকল উপস্থিত থাকে ।

লগতে পঢ়ক :Khalistan supporters protest: দিল্লীৰ মেট্ৰ' ষ্টেচনত শিখছ ফৰ জাষ্টিছে লিখিলে 'খালিস্তান জিন্দাবাদ' !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.