ETV Bharat / bharat

Delhi Flood : যমুনাৰ জলস্তৰ হ্ৰাস ! বৰষুণৰ আগজাননীয়ে পুনৰ চিন্তাত পেলাইছে দিল্লীবাসীক

পূৰ্বৰ তুলনাত যমুনা নদীৰ জলস্তৰ কিছু হ্ৰাস হৈছে । অৱশ্যে এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে পানী । অহা দুদিনত পুনৰ বৰষুণৰ আগজাননী বতৰ বিজ্ঞান বিভাগৰ । শংকিত দিল্লীবাসী ।

author img

By

Published : Jul 15, 2023, 12:42 PM IST

Delhi Flood
যমুনাৰ জলস্তৰ হ্ৰাস

নেশ্যনেল ডেস্ক,১৫ জুলাই : দিল্লীৰ মাজেৰে যোৱা যমুনা নদীৰ জলস্তৰ কিছু হ্ৰাস পাইছে । ইতিমধ্যে কেইবাটাও অঞ্চলত কালৰূপ ধাৰণ কৰা যমুনাৰ জলস্তৰ শনিবাৰে পুৱাৰে পৰা কিছু হ্ৰাস হোৱা দেখা গৈছে । অৱশ্যে প্ৰতি ঘণ্টাত মাত্ৰ কেই ছেণ্টিমিটাৰমানকৈহে নিম্নগামী হৈছে জলস্তৰ । এতিয়াও বিপদসীমাৰ পৰা দুই মিটাৰ ওপৰেৰে বৈ আছে যমুনা নদী ।

জলস্তৰ নিম্নগামী হোৱাৰ লগে লগে দিল্লীবাসীয়ে কিছু সকাহ পাইছিল যদিও বতৰ বিজ্ঞান বিভাগৰ আগজাননীয়ে পুনৰ চিন্তিত কৰি তুলিছে দিল্লীবাসীক । ৰাজধানী আৰু সমীপৰ অঞ্চলত অধিক বৰষুণৰ ভৱিষ্যতবাণী সঁচা হ'লে পৰিস্থিতি অধিক অৱনতি হোৱাৰ আশংকা কৰা হৈছে । কেন্দ্ৰীয় জল আয়োগৰ বান নিৰীক্ষণ পৰ্টেলৰ মতে বৃহস্পতিবাৰে নিশা ৮ বজাত যমুনাৰ জলস্তৰ ২০৮.৬৬ মিটাৰ শীৰ্ষৰ পৰা শনিবাৰে পুৱা ৭ বজালৈ ২০৭.৬২ মিটাৰলৈ হ্ৰাস পাইছে ।

যোৱা দুদিনত হাৰিয়ানাৰ যমুনানগৰৰ হাথনিকুণ্ড বেৰেজৰ পৰা জলপ্ৰবাহৰ হাৰ হ্ৰাস হোৱাৰ উপৰিও আগন্তুক দিনত ই অধিক হ্ৰাস হোৱাৰ সম্ভাৱনা আছে । ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে অহা দুদিনত চহৰখনত কম বেছি পৰিমাণে বৰষুণ আৰু পৰৱৰ্তী ৫ দিনত উত্তৰাখণ্ড, হিমাচল প্ৰদেশ আৰু উত্তৰ প্ৰদেশত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে । যদি এনে হয় তেনেহ'লে নদীৰ জলস্তৰ পুনৰ বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে ।

বিশেষজ্ঞসকলৰ মতে দিল্লীত অধিক বৰষুণ হ'লে বৃহত্তৰ অঞ্চল জলমগ্ন হৈ পৰিব । ঠায়ে ঠায়ে পানী জমা হোৱাৰ ফলত পৰিস্থিতি আৰু জটিল হ'ব পাৰে । শুকুৰবাৰে যমুনা আৰু ইয়াৰ নলাবোৰৰ ফলক দুৰ্গন্ধযুক্ত পানী উচ্চতম ন্যায়ালয়, ৰাজ ঘাট আৰু আইটিঅ'ৰ ব্যস্ত পথবোৰত উপচি পৰিছিল । আনহাতে নৈৰ পানীয়ে লালকিল্লাৰ পিছফালৰ প্ৰাচীৰত স্পৰ্শ কৰিছিল । চহৰখনৰ এটা মুখ্য বাছ টাৰ্মিনেল কাশ্মীৰে গেটো প্লাবিত হৈছিল । যাৰ বাবে বাছ টাৰ্মিনেলৰ ৰিং ৰোড একেৰাহে তিনি দিনৰ বাবে বন্ধ কৰি দিয়া হৈছিল ।

উল্লেখ্য যে যোৱা প্ৰায় এসপ্তাহ ধৰি দিল্লী কৃত্ৰিম বানৰ কবলত পৰিছে । ৮ আৰু ৯ জুলাইত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ঠায়ে ঠায়ে পানী জমা হৈছিল । পৰৱৰ্তী সময়ত, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু হাৰিয়ানাকে ধৰি অৱবাহিকা অঞ্চলত ধাৰাসাৰ বৰষুণৰ ফলত যমুনা নদী ওফন্দি উঠিছিল ।

লগতে পঢ়ক :Flood in Delhi : হ্ৰাস পাইছে যমুনা নদীৰ জলস্তৰ; এতিয়াও কমা নাই বিপদাশংকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.