ETV Bharat / bharat

Gujarat Bridge Collapse : গুজৰাটত দলং খহি প্ৰায় 60 জনৰ মৃত্যু; সন্ধানহীন কেইবাগৰাকীও - ওলমা দলং ভাঙি পৰা

দেওবাৰে সন্ধিয়া প্ৰায় 6:30 বজাত গুজৰাটৰ মৰ্বিত মাচু নদীৰ ওপৰত এখন ওলমা দলং ভাঙি পৰে (Gujarat Bridge Collapse)৷ ফলত 60 জনৰো অধিক লোকৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা গৈছে ৷

Gujarat Bridge Collapse
গুজৰাটত দলং ভাগি পৰি 60 জনৰো অধিক লোকৰ মৃত্যুৰ আশংকা
author img

By

Published : Oct 30, 2022, 10:53 PM IST

নেশ্যনেল ডেস্ক, 30 অক্টোবৰ : দেওবাৰে সন্ধিয়া গুজৰাটত সংঘটিত হয় এক শোকাৱহ ঘটনা ৷ ৰাজ্যখনৰ মৰ্বি চহৰৰ মাচচু নদীৰ ওপৰত থকা প্ৰায় শতিকা পুৰণি এখন ওলমা দলং ভাঙি পৰাত(Morbi suspension bridge) ৬০ জনৰো অধিক লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ ইয়াৰোপৰি বহু লোক এতিয়াও সন্ধানহীন হৈ থকা বুলি জানিবপৰা গৈছে (Gujarat Bridge Collapse)৷

উল্লেখ্য যে, মাত্ৰ চাৰিদিন পূৰ্বে দলংখন ৰাইজৰ বাবে পুনৰ মুকলি কৰাৰ পাছত দলংখনত যথেষ্ট লোকৰ ভিৰ হোৱাৰ ফলতে দেওবাৰে সন্ধিয়া ৬.৩০ বজাৰ ওচৰত দলংখন ছিগি যোৱা বুলি বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে । শোকাৱহ ঘটনাটো সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত মন্ত্ৰী বৃজেশ মেৰ্জা উপস্থিত হয় ৷

আনহাতে মৰ্বি অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ প্ৰদীপ দুধৰাজিয়াই কয় যে উক্ত চিকিৎসালয়খনৰ লোকে এই পৰ্যন্ত ৩২ টাতকৈ অধিক মৃতদেহ লাভ কৰিছে । গুজৰাটৰ মন্ত্ৰী বৃজেশ মেৰ্জায়ো নিশ্চিত কৰিছে যে এই শোকাৱহ দুৰ্ঘটনাত প্ৰায় ৩২ জন লোকৰ মৃত্যু হৈছে । অৱশ্যে ইটিভি ভাৰতক বিশেষ সূত্ৰই জনোৱা মতে মৃত্যুৰ সংখ্যাই ইতিমধ্যে ৬০ৰ ঘৰ স্পৰ্শ কৰিছে (Death in Bridge Collapse Gujarat)।

গুজৰাটত দলং ভাগি পৰি 60 জনৰো অধিক লোকৰ মৃত্যুৰ আশংকা

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি ওলমা দলংখন ছিগি পানীত ডুব যোৱাৰ দলংখনত কেইবাগৰাকীও মহিলা, শিশু আৰু আন লোক আছিল । দীপাৱলীৰ ছুটী আৰু দেওবাৰ হোৱাৰ বাবে পৰ্যটকৰ প্ৰধান আকৰ্ষণৰ স্থান দলংখনত পৰ্যটকৰ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল । উল্লেখ্য যে, ২৬ অক্টোবৰত গুজৰাটী নৱবৰ্ষ উদযাপনৰ দিনটোত দলংখন জনসাধাৰণৰ বাবে মুকলি কৰাৰ পূৰ্বে প্ৰায় ছমাহ ধৰি এটা ব্যক্তিগত কোম্পানীয়ে দলংখনৰ মেৰামতিৰ কাম কৰি আছিল ৷

উল্লেখ্য, এজন চৰকাৰী বিষয়াই কৰা মন্তব্য অনুসৰি দুৰ্ঘটনাটোৰ পাছতে সন্ধানহীন হৈ থকা লোকসকলৰ সন্ধানত নাৱেৰে উদ্ধাৰ অভিযান চলাই থকা হৈছে ৷ নদীখনত প্ৰায় ৪০-৫০ জন লোক সন্ধানহীন হৈ থকা বুলিও বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : Tiger at Bhuragaon: ভুৰাগাঁৱত বাঘৰ আতংক, চকুৰ পচাৰতে সাতটাকৈ গৰুক হত্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.