ETV Bharat / bharat

অলিম্পিক সন্থাৰ তদৰ্থক সমিতিক অস্বীকাৰ নিলম্বিত ডব্লিউএফআইৰ মুৰব্বী সঞ্জয় সিঙৰ

author img

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 3:49 PM IST

IOA : ভাৰতীয় কুস্তি ফেডাৰেচনৰ নিলম্বিত সভাপতি সঞ্জয় সিঙে অলিম্পিক এছোচিয়েচনৰ দ্বাৰা গঠন কৰা তদৰ্থক কমিটীখন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে । ইয়াৰ উপৰি তেওঁ সমগ্ৰ বিষয়টো সন্দৰ্ভত এক ডাঙৰ বক্তব্য ৰাখিছে ।

Sanjay Singh controversy
অলিম্পিক সন্থাৰ তদৰ্থক সমিতিক অস্বীকাৰ নিলম্বিত ডব্লিউএফআই মুৰব্বী সঞ্জয় সিঙৰ

নিউজ ডেস্ক, ২৮ ডিচেম্বৰ : ভাৰতীয় কুস্তি ফেডাৰেচনৰ (ডব্লিউএফআই) নিলম্বিত সভাপতি সঞ্জয় সিং পুনৰ বিতৰ্কত । সঞ্জয় সিঙে ভাৰতীয় অলিম্পিক সংস্থাই গঠন কৰা তদৰ্থ সমিতিখন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে । সঞ্জয় সিঙৰ ঘনিষ্ঠ সূত্ৰই আইএএনএছক জনাইছে যে তেওঁ তদৰ্থ সমিতিখন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে আৰু ক্ৰীড়া মন্ত্ৰীৰ সৈতে বিষয়টো আলোচনা কৰাৰ পৰিকল্পনা কৰিছে ।

উল্লেখ্য যে ভাৰতীয় অলিম্পিক সংস্থাই বুধবাৰে ডব্লিউএফআইৰ দৈনন্দিন কাৰ্যকলাপৰ তত্ত্বাৱধানৰ দায়িত্ব দিয়াৰ বাবে তিনিজনীয়া তদৰ্থ সমিতিখন গঠন কৰে ।

সমিতিখনৰ নেতৃত্ব অৰ্পণ কৰা হৈছে ভাৰতীয় ৱুশ্বু এছোচিয়েচনৰ সভাপতি পদত অধিষ্ঠিত ভূপিন্দৰ সিং বাজৱাক । আন দুগৰাকী সদস্য হৈছে হকী অলিম্পিয়ান এম এম সোমায়া আৰু প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন খেলুৱৈ মঞ্জুছা কানৱাৰ । ক্ৰীড়া মন্ত্ৰালয়ে ২৪ ডিচেম্বৰত অনূৰ্ধ্ব-১৫ আৰু অনূৰ্ধ্ব-২০ ৰাষ্ট্ৰীয় ক্ৰীড়া ঘোষণাৰ পিছত নিৰ্বাচনৰ তিনি দিন পিছত সঞ্জয় সিঙৰ নেতৃত্বত নতুন ডব্লিউএফআই সমিতিখনক নিলম্বনৰ নিৰ্দেশ দিয়ে । আনহাতে, ভাৰতীয় অলিম্পিক সন্থাক ডব্লিউএফআইৰ কাৰ্যকলাপৰ তত্ত্বাৱধানৰ বাবে এখন অস্থায়ী পেনেল গঠন কৰিবলৈ কয় ।

কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়ে পেনেলখন নিলম্বন কৰি এই সিদ্ধান্তক 'খৰখেদা' কৰা বুলি অভিহিত কৰে আৰু কয় যে ডব্লিউএফআই সংবিধানৰ বিধান অনুসৰণ নকৰাকৈ এই সিদ্ধান্ত লোৱা হৈছে ।

উল্লেখ্য যে সঞ্জয় সিং হৈছে ডব্লিউএফআইৰ প্ৰাক্তন মুৰব্বী ব্ৰীজভূষণ চৰণ সিঙৰ ঘনিষ্ঠ । তেওঁ দাবী কৰে যে ক্ৰীড়া মন্ত্ৰালয়ৰ দ্বাৰা তেওঁৰ পেনেলৰ নিলম্বনৰ বিৰুদ্ধে তেওঁ আইনী মতামত বিচাৰিব । অৱশ্যে তেওঁ লগতে কয় যে আইনী পৰামৰ্শ লোৱাৰ পূৰ্বে তেওঁ কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰিব ।

লগতে পঢ়ক :শনিবাৰে অযোধ্যালৈ যাব প্ৰধানমন্ত্ৰী মোদী, প্ৰধানমন্ত্ৰীৰ ভ্ৰমণক লৈ সতৰ্কতা জাৰি চোৰাংচোৱা সংস্থাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.