নেশ্যনেল ডেস্ক, ১ এপ্ৰিল: এইবাৰ সন্দেহযুক্ত উগ্ৰপন্থীৰ আক্ৰমণৰ লক্ষ্য বিজেপি নেতা । জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ নাওগাম অঞ্চলত বিজেপি নেতা আনৱাৰ খানৰ বাসগৃহলৈ লক্ষ্য কৰি আতৰ্কিতে গুলীচালনা কৰে সন্দেহযুক্ত উগ্ৰপন্থীয়ে । বৃহস্পতিবাৰে আৰক্ষীয়ে প্ৰকাশ কৰা মতে, দিনৰ প্ৰায় ১১.৩০ বজাত এই ঘটনা সংঘটিত হয় । সন্দেহযুক্ত উগ্ৰপন্থীৰ আক্ৰমণত, ৰামিজ ৰাজা নামৰ এগৰাকী কনিষ্টবল গুলীবিদ্ধ হয় ।
চিকিৎসাৰ বাবে তেওঁক এছ এম এইচ এছ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও দুৰ্ভাগ্যবশতঃ আদবাটতে তেওঁৰ মৃত্যু হয় । এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই ইটিভি ভাৰতক জনোৱা মতে, সন্দেহযুক্ত উগ্ৰপন্থীয়ে শ্ৰীনগৰ চহৰৰ সমীপৰ আৰিবাগ অঞ্চলত থকা বিজেপি নেতা আনৱাৰ খানৰ বাসগৃহলৈ লক্ষ্য কৰি নিৰ্বিচাৰ গুলীচালনা কৰিছিল । আনহাতে, বিজেপিয়ে আনৱাৰ খানৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক গৰিহণা দিছে ।
দলটোৰ তৰফৰ পৰা প্ৰকাশ কৰা এক বিবৃতিত উল্লেখ কৰা হৈছে যে, বিজেপি নেতাগৰাকী সুৰক্ষিত হৈ আছে । আক্ৰমণৰ সময়ত নিৰাপত্তা ৰক্ষীয়ে উগ্ৰপন্থীক যোগ্য প্ৰত্যুত্তৰ দিছিল বুলিও বিবৃতিটোত প্ৰকাশ কৰা হৈছে ।