ETV Bharat / bharat

ঘৰলৈ অহা ডকাইতৰ দলক অকলে প্ৰতিহত কৰা এজনী সাহসী জীয়ৰী ৰিয়া - robbers enters house during load shedding

ঘৰলৈ অহা অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলক অকলে প্ৰতিহত কৰা সাহসী জীয়ৰী এগৰাকীৰ কথা আজি লৈ আহিছো আপোনাৰ বাবে (Surati girl face off in front of armed robbers) ৷ জানো আহক কিদৰে নিজ পৰিয়ালক অকলেই যুঁজ দি ৰক্ষা কৰিলে ৰিয়াই ৷

Surati girl face off in front of armed thieves self defense training is worth
ঘৰলৈ অহা ডকাইতৰ দলক অকলে প্ৰতিহত কৰা এজনী সাহসী জীয়ৰী ৰিয়া
author img

By

Published : Mar 31, 2022, 5:25 PM IST

নেচনেল ডেস্ক, 31 মাৰ্চ : নাৰী কেতিয়াবা মাতৃ, কেতিয়াবা জীয়ৰী আৰু কেতিয়াবা কাৰোবাৰ পত্নী ৷ কিন্তু, এইকেইটা চিৰচৰিত ৰূপৰ ওপৰিও নাৰীৰ আছে আন এক ৰূপ ৷ অসুৰক নাস কৰিবলৈ দুৰ্গাৰ ৰূপ লোৱা নাৰীয়ে সেই ৰূপত যুগে যুগে প্ৰতিহত কৰি আহিছে অসুৰ ৰূপী মানৱৰ অকৰ্ম আৰু অন্যায় ৷ ঘৰলৈ অহা দুৰ্বৃত্তৰ দলক অকলে প্ৰতিহত কৰা এনে এগৰাকী সাহসী জীয়ৰীৰ খবৰ আজি লৈ আহিছো আপোনাৰ বাবে ৷

মহাবিদ্যালয়ত আত্মৰক্ষাৰ শিক্ষাগ্ৰহণ কৰি থকা ৰিয়া চোৱাইনে তেওঁৰ পিতৃ-মাতৃ আৰু ভগ্নীৰ সৈতে চুৰাটৰ ওচৰৰ পালচানা তালুকাত বাস কৰে ৷ সচৰাচৰ নিশাৰ ভাগত কামলৈ যোৱা ৰিয়াৰ পিতৃ বাবুৰাম ঘটনাৰ দিনাও ঘৰৰ পৰা কামলৈ ওলাই গৈছিল ৷ নিশা ডেৰ বজাত ঘৰৰ বিদ্যুতৰ বিসংগতিৰ বাবে অন্ধকাৰ হৈ পৰে ঘৰখন, সেই সময়ত পঢ়াত ব্যস্ত আছিল ৰিয়া ৷

এই সুযোগতে ঘৰটোত প্ৰৱেশ কৰিলে ডকাইতৰ দলটোৱে (robbers enters house during load shedding ) ৷ কিন্তু, ডকাইতে ঘৰত প্ৰৱেশ কৰাৰ লগে-লগেই হঠাৎ জ্বলি উঠিল বিজুলী বাটি ৷ হাতত চোকা অস্ত্ৰ লৈ থকা এটা ডকাইতৰ মুখা-মুখি হৈছিল ৰিয়া ৷ সেই সময়তে আন দুটা ডকাইতো সেইখিনিত উপস্থিত হয় ৷ ৰিয়াৰ ভগ্নী আৰু মাতৃৰ ওচৰলৈ ডকাইত কেইটা আগবঢ়া দেখি চিৎকাৰ কৰি উঠিছিল ৰিয়াই ৷

ইয়াৰ পিছত তাই ৰৈ নাথাকি সাহসিকতাৰে আটাইকেইটা ডকাইতৰ সৈতে অকলেই যুঁজিছিল ৷ ৰিয়াৰ এই আক্ৰমণত তিষ্ঠিব নোৱাৰি অৱশেষত পলাবলৈ বাধ্য হৈছিল ডকাইতৰ দলটো ৷ অৱশ্যে, ডকাইতৰ সৈতে এইদৰে যুঁজাৰ পিছত সাহসী জীয়ৰী গৰাকীৰ দেহত 28 টাকৈ চিলাই পৰিছিল ৷

পিছে, 20 বছৰীয়া ৰিয়া চোৱাইনে দেখুওৱা এই সাহসিকতা এতিয়া সকলোৰে মুখে-মুখে চৰ্চিত হৈছে ৷ বি.এছ.চি প্ৰথম বৰ্ষৰ ছাত্ৰী গৰাকীয়ে মহাবিদ্যালয়তে লোৱা আত্মৰক্ষাৰ শিক্ষাৰ সফল প্ৰয়োগ কৰা দেখি বহু অভিভাৱকে এতিয়া নিজৰ সন্তানক এই শিক্ষা দিয়াৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে (self defense training is worth) ৷

লগতে পঢ়ক : অসম, মণিপুৰ আৰু নাগালেণ্ডৰ কিছু অঞ্চলৰ পৰা বাতিল হ’ব AFSPA

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.