নিউজ ডেস্ক, ২ আগষ্ট: ২০২৩ চনৰ ২৭ ফেব্ৰুৱাৰীত গুজৰাটৰ শচীন অঞ্চলত এটি দুবছৰীয়া কিশোৰীক ধৰ্ষণ-হত্যাৰ গোচৰত অভিযুক্তক মৃত্যুদণ্ডৰ ৰায়দান কৰে চুৰাট সত্ৰ আদালতে । অভিযুক্ত ইছমাইল ইউছুফ চুৰাট চহৰৰ সচিন অঞ্চলৰ বাসিন্দা ৷ ইণ্টাৰনেটত পৰ্ণগ্ৰাফিক ভিডিঅ’ চাই শিশুটিক ধৰ্ষণ কৰে ইউছুফে । আৰক্ষীয়ে ইউছুফৰ মোবাইলৰ পৰা শিশুটি হত্যা কৰাৰ ভিডিঅ’ও উদ্ধাৰ কৰে ।
চুৰাট সত্ৰ আদালতে পৰিয়ালটোক ১০ লাখ টকাৰ ক্ষতিপূৰণৰ দিয়াৰো নিৰ্দেশ দিয়ে । আদালতে চৰকাৰী অধিবক্তাৰ যুক্তিসমূহ বিবেচনা কৰি এই গোচৰটোক বিৰলতকৈ বিৰল বুলি বিবেচনা কৰি অভিযুক্ত ধৰ্ষণকাৰীটোক মৃত্যুদণ্ডৰ শাস্তি বিহে ।
উল্লেখ্য যে, পাঁচ মাহ পূৰ্বে ২০২৩ চনৰ ২৭ ফেব্ৰুৱাৰীত চুৰাট চহৰৰ শচীন অঞ্চলত বাস কৰা শ্ৰমিক পৰিয়ালৰ এটি দুবছৰীয়া শিশু সন্ধানহীন হৈছিল । শ্ৰমিকৰ পৰিয়ালটোৰ চুবুৰীত বাস কৰা ইছমাইল ইউছুফে শিশুটিক লগত লৈ গৈছিল । পূৰ্বে ইটা ভাটাত শ্ৰমিক হিচাপে কাম কৰিছিল ২৩ বছৰীয়া ইউছুফে।
ইউছুফে শিশুটিক প্ৰায়ে খেলিবলৈ লগত লৈ গৈছিল । কিন্তু ২৭ ফেব্ৰুৱাৰী দিনা ইউছুফে শিশুটিক খেলিবলৈ লৈ যায় যদিও শিশুটি পুনৰ ঘৰলৈ ঘূৰি নাহে । শিশুটিৰ পৰিয়ালৰ লোকে শিশুটিৰ কোনো সন্ধান লাভ নকৰাত আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰে ৷ আৰক্ষীয়ে সমগ্ৰ বিষয়টোৰ তদন্ত কৰাত অভিযুক্ত ইউছুফে শিশুটিৰ লগত দুষ্কাৰ্য সংঘটিত কৰাৰ লগতে হত্যা কৰাৰ তথ্য পোহৰলৈ আহে ৷
তদন্তৰ সময়ত আৰক্ষীয়ে অভিযুক্ত ইউছুফৰ মোবাইলৰ পৰা কেইবাটাও অশ্লীল ভিডিঅ’ উদ্ধাৰ কৰে । ডি এন এ আৰু বৈজ্ঞানিক প্ৰমাণৰ ভিত্তিত ১১ দিনৰ ভিতৰত অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হয় । পাঁচ মাহৰ অন্তত আজি চুৰাট সত্ৰ আদালতে ইউছুফক মৃত্যুদণ্ডৰ ৰায়দান কৰে ।