ETV Bharat / bharat

Rahul Gandhi defamation case : ৰাহুলৰ আবেদন খাৰিজ চুৰাট আদালতৰ

author img

By

Published : Apr 20, 2023, 12:22 PM IST

দোষী সাব্যস্ত হোৱাৰ ওপৰত স্থগিতাদেশ বিচাৰি ৰাহুল গান্ধীয়ে চুৰাট আদালতত আবেদন দাখিল কৰিছিল । আদালতে তেওঁৰ এই আবেদন খাৰিজ কৰে (Surat Court dismisses Rahul appeal)। চুৰাট আদালতৰ আদেশক প্ৰত্যাহ্বান জনাই গুজৰাট উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ত আবেদন জনাব লাগিব ।

Rahul Gandhi defamation case
ৰাহুলৰ আবেদন খাৰিজ চুৰাট আদালতৰ

নেশ্যনেল ডেস্ক,২০ এপ্ৰিল : কংগ্ৰেছ নেতা ৰাহুল গান্ধী পুনৰ হতাশা হ'বলগীয়া হ'ল । চুৰাট আদালতে কংগ্ৰেছ নেতাগৰাকীৰ আবেদন খাৰিজ কৰে (Surat Court rejects application of Rahul Gandhi)। মোডী উপাধি গোচৰত দোষী সাব্যস্ত হোৱাৰ ওপৰত স্থগিতাদেশ বিচাৰি চুৰাট আদালতত আবেদন জনাইছিল ৰাহুলে ।

চুৰাট আদালতে বৃহস্পতিবাৰে ৰাহুল গান্ধীয়ে দাখিল কৰা সেই আবেদনখন খাৰিজ কৰে (Surat Court dismisses Rahul appeal)। ৱায়ানাড়ৰ প্ৰাক্তন সাংসদগৰাকীয়ে এতিয়া চুৰাট আদালতৰ আদেশক প্ৰত্যাহ্বান জনাই গুজৰাট উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ত আবেদন জনাব লাগিব ।

যোৱা ৩ এপ্ৰিলত চুৰাট সত্ৰ আদালতে গোচৰটোত কংগ্ৰেছ নেতাজনক জামিন প্ৰদান কৰিছিল । প্ৰাক্তন সাংসদগৰাকীক জামিন প্ৰদান কৰাৰ সময়ত, আদালতে অভিযোগকাৰী পূৰ্ণেশ মোডী আৰু ৰাজ্য চৰকাৰক কংগ্ৰেছ নেতাজনৰ দোষী সাব্যস্ত হোৱাৰ ওপৰত স্থগিতাদেশৰ আবেদনৰ ওপৰত জাননী জাৰি কৰে (Rahul Modi surname issue)। দুয়োটা পক্ষৰ ভাষ্য শুনাৰ পাচত ২০ এপ্ৰিলৰ বাবে আদেশটো সংৰক্ষিত ৰাখিছিল ৷

উল্লেখ্য যে ৰাহুল গান্ধীৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক পূৰ্ণেশ মোডীয়ে দাখিল কৰা গোচৰত ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ধাৰা ৪৯৯ আৰু ৫০০ (মানহানি)ৰ অধীনত ২৩ মাৰ্চত চুৰাটৰ নিম্ন আদালতে তেওঁক দুবছৰৰ কাৰাদণ্ড দিয়াৰ পাচত তেওঁক সংসদৰ পৰা অযোগ্য ঘোষণা কৰা হৈছিল (Rahul Gandhi disqualified)৷

২০১৯ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এক প্ৰচাৰ সভাত ভাষণ প্ৰদান কৰি ৰাহুল গান্ধীয়ে 'মোডী' উপাধিক লৈ বিতৰ্কিত মন্তব্য কৰিছিল । তাৰ পাচতে পূৰ্ণশ মোডীকে ধৰি বহু নেতাই ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল । গোচৰটোত দোষী সাব্যস্ত হোৱাৰ পাচতে ৰাহুলক ২৪ মাৰ্চত সংসদৰ পৰা অযোগ্য ঘোষণা কৰা হৈছিল । অৱশ্যে পৰৱৰ্তী সময়ত ৰাহুল গান্ধীয়ে চুৰাট আদালতত তেওঁৰ দোষী সাব্যস্ত হোৱাৰ ওপৰত স্থগিতাদেশ বিচাৰি আবেদন জনায় । কিন্তু বৃহস্পতিবাৰে আদালতে তেওঁৰ আবেদন খাৰিজ কৰাৰ লগে লগে এতিয়া বিভিন্ন মহলত পুনৰ বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে ।

লগতে পঢ়ক :Modi Surname Remark: ৰাহুল গান্ধীৰ আবেদনৰ ওপৰত আজি চূৰাট আদালতৰ ৰায়দান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.