নেশ্যনেল ডেস্ক,১৩ নৱেম্বৰ : ৰাজধানী দিল্লীত ২ দিনৰ বাবে লকডাউন (Lockdown) ঘোষণা কৰাৰ বাবে চৰকাৰক পৰামৰ্শ দিলে উচ্চতম ন্যায়ালয়ে (Supreme Court) । অৱশ্যে এয়া কৰ'ণা (Corona) মহামাৰীৰ বাবে নহয় । ভয়াৱহ প্ৰদূষণৰ (Pollution) বাবেহে উদ্বেগ প্ৰকাশ কৰি উচ্চতম ন্যায়ালয়ে এই আহ্বান জনাইছে চৰকাৰক । আৱৰ্জনা জ্বলোৱা আৰু অন্যান্য কাৰণত দিল্লীত সৃষ্টি হোৱা ভয়ংকৰ বায়ু প্ৰদূষণ (Air Pollution) ৰোধৰ বাবে বিশেষ নিৰ্দেশনা বিচাৰি এগৰাকী কিশোৰে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল ।
সেই আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে চৰকাৰক প্ৰদূষণ মাত্ৰা হ্ৰাস কৰিবলৈ লকডাউন দিবলৈ পৰামৰ্শ দিয়ে । মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ (Chief Justice NV Ramana) নেতৃত্বৰ একজনীয়া বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰক প্ৰতিনিধিত্ব কৰা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাক কয় যে পৰিস্থিতি অতি বেয়া, ঘৰতে ৰাইজে মাস্ক পিন্ধি থাকিবলগীয়া হৈছে । দিল্লীত মানুহ কেনেকৈ থাকিব ? দিল্লীত বায়ু প্ৰদূষণ কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰি ? দুদিনৰ বাবে লকডাউন দিব পাৰি নেকি বুলি প্ৰশ্ন কৰে ন্যায়াধীশগৰাকীয়ে ।
ইয়াৰ উত্তৰত ছলিচিটৰ জেনেৰেলে ৰাজধানী আৰু ইয়াৰ কাষৰীয়া অঞ্চলবোৰত বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে বায়ু গুণমান ব্যৱস্থাপনা আয়োগে (air quality management commission) গ্ৰহণ কৰা পদক্ষেপবোৰৰ বিৱৰণ দিয়ে । ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু সূৰ্য কান্তক লৈ গঠিত বিচাৰপীঠে কয় যে এই ক্ষেত্ৰত কৃষকসকলক দোষাৰোপ কৰাৰ পৰিৱৰ্তে সকলো ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰই সমস্যাটোৰ সমাধানৰ বাবে একত্ৰিত হোৱা উচিত ।
মুখ্য ন্যায়াধীশগৰাকীয়ে এই ক্ষেত্ৰত কয় যে কৃষকসকলে শস্যৰ আৱৰ্জনা জ্বলোৱাৰ ফলত কেৱল ২৫ শতাংশহে প্ৰদূষণ হৈছে আৰু বাকী ৭৫ শতাংশ প্ৰদূষণ আতচবাজী, যানবাহনৰ প্ৰদূষণ আৰু ধুলিৰ ফলত হৈছে । লগতে আতচবাজী, যানবাহনৰ প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ কাৰ্যকৰী প্ৰণালী ক'ত আছে বুলি প্ৰশ্ন কৰাৰ লগতে প্ৰদূষণৰ স্তৰ চাবলৈ মুখ্য ন্যায়াধীশে ছলিচিটৰ জেনেৰেল মেহতাক আহ্বান জনায় । ইফালে মেহতাই উল্লেখ কৰা মতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ উভয়ে সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰি আছে । মেহতাই লগতে স্পষ্ট কৰি কয় যে দিল্লীৰ বায়ু প্ৰদূষণৰ বাবে কেৱল কৃষকহে দায়ী ।
ইফালে, ন্যায়াধীশ চন্দ্ৰচূড়ে গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰি কয় যে দিল্লী চৰকাৰে বিদ্যালয় খুলিছে আৰু এইমছৰ সঞ্চালকে (AIIMS Director) কোৱা মতে প্ৰদূষণ, ক'ভিড (Covid) আৰু ডেংগু (Dengue) এই তিনিটা সমস্যাই গুৰুতৰ ৰূপ লৈছে । ইফালে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় আৰু দিল্লী চৰকাৰক সোমবাৰে ৰাজধানীত হোৱা ভয়ংকৰ বায়ু প্ৰদূষণৰ মোকাবিলা কৰিবলৈ লোৱা পদক্ষেপৰ বিষয়ে অৱগত কৰিবলৈ নিৰ্দেশ দিয়ে ।
লগতে পঢ়ক :ভাৰতৰ স্বাধীনতা সম্পৰ্কে মন্তব্য কৰি পুনৰ বিতৰ্কত Kangana Ranaut