ETV Bharat / bharat

কৰ’ণা বিৰোধী পদক্ষেপ সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ প্ৰশ্ন ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ - Suo-motu PIL

ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে সোমবাৰে ৰাজ্য চৰকাৰক ন্যায়ালয়ৰ ওচৰত নতুন কৈ শপতনামা দাখিল কৰাৰ লগতে ইয়াৰ দ্বাৰা আগবঢ়োৱা প্ৰশ্নৰ এটা সংহতি স্পষ্ট কৰিবলৈ কয় । ন্যায়ালয়ে ৰেমডেচিভিৰৰ উপলব্ধতা আৰু পেডিয়াট্ৰিক ক’ভিড ৱাৰ্ডৰ উপলব্ধতাৰ বিষয়েও জানিব বিচৰাৰ লগতে কয় যে, ৰেমডেচিভিৰৰ ড’জ আৰু ষ্টেৰ’ইডসহ অন্যান্য জীৱন ৰক্ষাকাৰী ঔষধৰ উপলব্ধতা যিবোৰ কৰ’ণা সংক্ৰমণৰ অত্যাধিক ক্ষেত্ৰত জৰুৰীকালীন অৱস্থাত প্ৰয়োজন হ'ব পাৰে ।

suo-motu-pil-on-covid-management-hc-asks-for-fresh-affidavit-in-raised-queries
কৰ’ণা বিৰোধী পদক্ষেপ সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ প্ৰশ্ন ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ
author img

By

Published : May 11, 2021, 8:50 PM IST

আগৰতলা,11 মে’: ত্ৰিপুৰাৰ উচ্চ ন্যায়ালয়ে সোমবাৰে ৰাজ্য চৰকাৰক ন্যায়ালয়ৰ ওচৰত নতুনকৈ শপতনামা দাখিল কৰাৰ লগতে ইয়াৰ দ্বাৰা আগবঢ়োৱা প্ৰশ্নৰ এটা সংহতি স্পষ্ট কৰিবলৈ কয় । মুখ্য ন্যায়াধীশ এ কুৰেশ্বী আৰু ন্যায়াধীশ এছ তালাপাত্ৰক লৈ গঠিত ন্যায়ালয়ৰ এক খণ্ড বিচাৰপীঠে বিগত বৰ্ষত স্বতঃপ্ৰণোদিত পিআইএল এখনৰ প্ৰস্তাৱৰ শুনানি গ্ৰহণ কৰাৰ সময়ত ৰাজ্য চৰকাৰে বিতং শপতনামা দাখিল কৰাৰ দুদিন পিছত নতুন প্ৰশ্নবোৰ উত্থাপন কৰিছিল ।

শপতনামাখনত ৰাজ্য চৰকাৰে কৰ’ণাৰ সংক্ৰমণৰ "তথাকথিত' দ্বিতীয় ঢৌৰ সৈতে মোকাবিলা কৰাৰ প্ৰস্তুতি সন্দৰ্ভত আদালতক অৱগত কৰে । ন্যায়ালয়ে চৰকাৰক সুধিছিল যে, ইয়াৰ কোনো "বৈজ্ঞানিক আৰ্হি" আছে নেকি ? যিয়ে কৰ’ণাৰ সংক্ৰমণৰ ঘটনাসমূহৰ পূৰ্বানুমান কৰিব পাৰে ৷ আৰু যদি হয় তেন্তে আনুমানিক সংখ্যক আক্ৰান্তৰ বিপৰীতে অক্সিজেন আৰু বিচনাৰ উপলব্ধতা কিমান আছে ।

তদুপৰি ন্যায়ালয়ে ৰেমডেচিভিৰৰ উপলব্ধতা আৰু পেডিয়াট্ৰিক ক’ভিড ৱাৰ্ডৰ উপলব্ধতাৰ বিষয়েও জানিব বিচৰাৰ লগতে কয় যে, ৰেমডেচিভিৰৰ ড’জ আৰু ষ্টেৰ’ইডসহ অন্যান্য জীৱন ৰক্ষাকাৰী ঔষধৰ উপলব্ধতা যিবোৰ কৰ’ণা সংক্ৰমণৰ অত্যাধিক ক্ষেত্ৰত জৰুৰীকালীন অৱস্থাত প্ৰয়োজন হ'ব পাৰে ।

কৰ’ণা ভাইৰাছত আক্ৰান্ত সংকটজনক ৰোগীৰ চিকিৎসাৰ বাবে সঁজুলিৰ উপলব্ধতাও উল্লেখ কৰিব লাগিব । ৰাজ্যখনৰ চিকিৎসালয়সমূহত শিশু কৰ’ণা ৰোগীসকলৰ বাবে কোনো বিশেষ ব্যৱস্থা আছে নে নাই আৰু এনে কোনো বিশেষ সমৰ্পিত ৱাৰ্ড বা ব্যৱস্থাৰ অনাগত দিনত প্ৰয়োজন হ'ব নে তাকো জানিব বিচাৰে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে ৷

লগতে পঢ়ক: তেলেংগানাত 10 দিনৰ বাবে সম্পূৰ্ণ লক ডাউন ঘোষণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.