ETV Bharat / bharat

উত্তৰ প্ৰদেশত বাটৰ কুকুৰৰ আক্ৰমণত কিশোৰী নিহত

উত্তৰ প্ৰদেশৰ পিলিভিট জিলাত সংঘটিত হ'ল এক মৰ্মান্তিক ঘটনা । এজাক বাটৰ কুকুৰৰ আক্ৰমণত প্ৰাণ গ'ল এগৰাকী ১২ বছৰীয়া কিশোৰীৰ । স্থানীয় লোকে কিশোৰীগৰাকীক ৰক্ষা কৰাৰ চেষ্টা কৰে যদিও ব্যৰ্থ হয় ।

author img

By

Published : Jan 6, 2021, 6:52 PM IST

উত্তৰ প্ৰদেশত বাটৰ কুকুৰৰ আক্ৰমণত নিহত কিশোৰী

নেশ্যনেল ডেস্ক, ৬ জানুৱাৰী: মঙলবাৰে উত্তৰ প্ৰদেশৰ পিলিভিট জিলাত বাটৰ কুকুৰৰ আক্ৰমণৰ পিছতে কৰুণ মৃত্যুক আঁকোৱালি ল'লে এগৰাকী কিশোৰীয়ে । এক সূত্ৰই প্ৰকাশ কৰা মতে, সমীপৰে কৃষিভূমিৰ পৰা ধনিয়া আনিবলৈ গৈছিল কিশোৰীগৰাকী । সেই সময়তে ১২ বছৰীয়া কিশোৰীগৰাকীক বাটৰ কুকুৰৰ এটা জাকে আক্ৰমণ কৰে । কুকুৰৰ জাকটোৱে আক্ৰমণ কৰি থকা শিহৰণকাৰী দৃশ্য প্ৰত্যক্ষ কৰাৰ পিছতে স্থানীয় লোকে কিশোৰীগৰাকীক ৰক্ষা কৰিবলৈ আগবাঢ়ি আহে ।

কিন্তু কিশোৰীগৰাকীক ৰক্ষা কৰাত ব্যৰ্থ হয় । কুকুৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈ চটফটাই থাকি মাত্ৰ কেইমুহূৰ্তমানৰ ভিতৰতে কিশোৰীগৰাকীয়ে মৃত্যুক সাৱতিবলগীয়া হয় । ই টি ভি ভাৰতৰ সাংবাদিকৰ আগত আৰক্ষী অধীক্ষক জয়প্ৰকাশ যাদৱে কয় যে, আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ কিশোৰীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ।

ভৱিষ্যতে এনে অঘটন সংঘটিত হোৱাত বাধা দিবলৈ সম্ভাৱ্য সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে । আনহাতে, বাটৰ কুকুৰবোৰ ধৰি নি জনবসতিপূৰ্ণ এলেকাৰ পৰা দূৰত নি এৰি দিবলৈ নিৰ্দেশ দিয়ে জিলা দণ্ডাধীশে ।

লগতে পঢ়ক:ৰাজস্থানত দুৰ্ঘটনাগ্ৰস্ত বায়ুসেনাৰ মিগ-২১

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.