ETV Bharat / bharat

Rajasthan shameful incident : হাস্পতালৰ ৱাৰ্ডৰ পৰা কুকুৰে লৈ গ'ল নৱজাতক

author img

By

Published : Feb 28, 2023, 7:49 PM IST

হাস্পতালৰ ৱাৰ্ডত মাতৃৰ কাষত শুই থকা কেঁচুৱা লৈ গ'ল কুকুৰে । বাটৰ কুকুৰে কামুৰি হত্যা কৰে নৱজাতকটোক (Stray dogs maul infant to death)। ঘটনাক লৈ তীব্ৰ উত্তেজনা ৰাজস্থানৰ চিৰোহিত । স্বাস্থ্যকৰ্মীৰ বিৰুদ্ধে ক্ষোভিত ৰাইজ ।

Rajasthan shameful incident
হাস্পতালৰ ৱাৰ্ডৰ পৰা কুকুৰে লৈ গ'ল নৱজাতক

নেশ্যনেল ডেস্ক,২৮ ফেব্ৰুৱাৰী : ৰাজস্থানত ভয়ংকৰ ঘটনা । চিকিৎসালয়ৰ ৱাৰ্ডৰ পৰাই এমহীয়া কেঁচুৱা কামুৰি লৈ গ'ল কুকুৰে । স্বাস্থ্য বিভাগৰ কৰ্মচাৰীৰ অৱহেলাৰ বাবেই এই ভয়ংকৰ ঘটনা সংঘটিত হ'ল । চিৰোহি জিলা চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনা (Dog took newborn from hospital ward)। হাস্পতালখনৰ কৰ্মচাৰীৰ ভুলৰ বাবে ৱাৰ্ডৰ ভিতৰত কুকুৰ প্ৰৱেশ কৰি লৈ যায় নৱজাতক কেঁচুৱাটো ।

জানিব পৰা মতে মাতৃৰ কাষতে শুই আছিল নৱজাতকটো । কিন্তু মাতৃয়ে গম নোপোৱাকৈয়ে এটা কুকুৰে ৱাৰ্ডৰ ভিতৰত প্ৰৱেশ কৰি কেঁচুৱাটো লৈ গৈছিল । ইফালে শৰীৰৰ বিভিন্ন স্থানত আঘাত প্ৰাপ্ত কেঁচুৱাৰ মৃতদেহটো চিকিৎসালয়ৰ ৱাৰ্ডৰ পৰা কেইগজমান দূৰত পৰি থকা অৱস্থাত উদ্ধাৰ হয় (Sirohi hospital incident)।

এই ভয়ংকৰ ঘটনাৰ খবৰ পোৱাৰ পাচত, কোতৱালী আৰক্ষী থানাৰ আৰক্ষীৰ এটা ঘটনাস্থলীত উপস্থিত হয় । আৰক্ষীয়ে কেঁচুৱাৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু তাৰ পাচত মৃতদেহটো পৰিয়ালৰ লোকসকলক হস্তান্তৰ কৰা হৈছে । কোতৱালী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সীতাৰামে এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ৰাজ্যখনৰ পালি জিলাৰ জৱাইবন্ধৰ বাসিন্দা মহেন্দ্ৰ কুমাৰ জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল । আনহাতে মহেন্দ্ৰৰ পত্নী ৰেখা আৰু কেঁচুৱাটোকে ধৰি তেওঁলোকৰ তিনিটা সন্তানো চিকিৎসালয়ৰ ৱাৰ্ডত শুই আছিল ।

নিশা তিনিটা বাটৰুৱা কুকুৰে হঠাতে হাস্পতালখনৰ ৱাৰ্ডত প্ৰৱেশ কৰে আৰু কেঁচুৱাটোক লৈ যায় । কেঁচুৱাটোৰ কান্দোন শুনি চিকিৎসালয়ৰ লোকসকলে কুকুৰকেইটাক ভয় খুৱাবলৈ চেষ্টা কৰিছিল । লোকসকলে কুকুৰকেইটাক খেদিবলৈ প্ৰয়াস কৰিছিল । কিন্তু কেঁচুৱাটোক কুকুৰকেইটাই ইতিমধ্যে কামুৰিছিল । কেঁচুৱাটোৰ ভৰি, মুখ আৰু হাতত বহু স্থানত কুকুৰকেইটাই কামুৰিছিল । যাৰ বাবে কেঁচুৱাটো মৃত্যুমুখত পৰে (Stray dog killed new born in Sirohi)।

ইফালে ঘটনাটোৰ পাছতে চিকিৎসালয়খনৰ প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে ভুক্তভোগী পৰিয়াল আৰু আন আন ৰোগীসকল । স্থানীয় লোকসকলেও চিকিৎসালয়খনৰ প্ৰশাসনৰ অৱহেলাৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ কৰিছে । অভিযোগ অনুসৰি নিশা হ'লেই বাটৰুৱা কুকুৰবোৰে চিকিৎসালয়ৰ চৌহদত মুক্তভাৱে বিচৰণ কৰে । কিন্তু আজিলৈ ৰোগী আৰু ৰোগীৰ পৰিয়ালৰ সুৰক্ষাৰ কথা চিন্তা কৰা নাই চিকিৎসালয় কৰ্তৃপক্ষই । যাৰ বাবে হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে দাবী জনাইছে ।

লগতে পঢ়ক :Fire in Bongaigaon: বঙাইগাঁৱত ঘৰৰ দোকানতে অগ্নিসংযোগ কৰিলে পুত্ৰই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.