ETV Bharat / bharat

ক’ভিডৰ ভয়ংকৰ সংক্ৰমণক ৰোধ কৰাৰ ৰণকৌশল - ১৫০ খন জিলাত কঠোৰ লকডাউন বলৱৎ কৰাৰ হেঁচা প্ৰয়োগ

চীনৰ পদানুকৰণ কৰি ভাৰতবৰ্ষই যুদ্ধকালীন গতিৰে ক’ভিড চিকিৎসালয় নিৰ্মাণ কৰা উচিত বুলি পৰামৰ্শ দিয়ে এন্থনী ফাউছিয়ে ৷ লগতে জনসাধাৰণৰ বাবে অক্সিজেন, ঔষধ তথা বিচনা উপলব্ধ কৰাৰ ক্ষেত্ৰত দেশখনে গুৰুত্ব দিয়া উচিত বুলিও মত পোষণ কৰে ৷ লগতে প্ৰধানমন্ত্ৰীয়ে নিযুক্ত কৰা ক’ভিড টাস্ক ফ’ৰ্চেও জনসাধাৰণৰ জীৱন ৰক্ষা কৰিবলৈ তাৎক্ষণিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰাৰ সময় সমাগত বুলি পৰামৰ্শ আগবঢ়াইছে ৷ ভাৰতীয় বাণিজ্য তথা উদ্যোগিক মহাসংঘই মন্তব্য কৰিছে যে মহামাৰীবিধৰ বিভীষিকাময় ৰূপ অন্তত চাৰি-পাঁচ মাহলৈকে অব্যাহত থাকিব ৷ সন্থাটোৱে সন্দেহ প্ৰকাশ কৰা অনুসৰি দেশখনত অন্তত ২ লাখ আইচিইউযুক্ত বিচনা আৰু ৩ লাখ নাৰ্চৰ লগতে ২ লাখ কনিষ্ঠ চিকিৎসকৰ প্ৰয়োজন ৷

COVID
ক’ভিডৰ ভয়ংকৰ সংক্ৰমণক ৰোধ কৰাৰ ৰণকৌশল
author img

By

Published : May 8, 2021, 2:22 PM IST

দিল্লীত ক্ৰমান্বয়ে দেখা দিয়া অক্সিজেন সংকটৰ তীব্ৰ প্ৰকট সন্দৰ্ভত হোৱা এক শুনানিত শেহতীয়াকৈ দিল্লী উচ্চ ন্যায়ালয়ে ব্যক্ত কৰে 'ইমানদিনে আমি ক’ভিডক এক ঢৌ বুলিহে অভিহিত কৰি আছিলো ৷ প্ৰকৃততে ই এক চুনামীহে ৷ যোৱাটো বৰ্ষত দেশত প্ৰথমজন ক’ভিড আক্ৰান্ত ৰোগী জানুৱাৰী মাহত ধৰা পৰিছিল ৷ তাৰ পাচত এই মহামাৰীত আক্ৰান্ত ৰোগীৰ সংখ্যা ২৫ লাখৰ ঘৰ পাৰ হ’বলৈ ছমাহ সময় লাগিছিল ৷ সম্প্ৰতি, দ্বিতীয় ঢৌ বুলি অভিহিত কৰা এই ঢৌত আক্ৰান্তৰ সংখ্যা মাত্ৰ এসপ্তাহৰ ভিতৰতে ২৬ লাখৰ ঘৰ অতিক্ৰম কৰে ৷ এই সময়চোৱাতে মৃতকৰ সংখ্যা হৈছিলগৈ ২৩,৮০০ জন লোক ৷ চৰকাৰী তথ্য অনুসৰি, মাৰ্চ মাহত ৫,৪১৭ জন ক’ভিড আক্ৰান্তই মৃত্যুক সাৱটি ল’বলগীয়া হৈছিল ৷ উক্ত চৰকাৰী তথ্যৰ পৰা জানিব পৰা গৈছে যে, এই মহামাৰীৰ কবলত কেৱল এপ্ৰিল মাহতে ৪৫,০০০ জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে' ৷

বৰ্তমান কৰ’ণাত আক্ৰান্ত হোৱা ৩৪ জন ৰোগীৰ সৈতে ভাৰতবৰ্ষত ক’ভিড আক্ৰান্তৰ সংখ্যাই ২ কোটিৰ সীমা অতিক্ৰম কৰিছে ৷ এই সমগ্ৰ তথ্যসমূহে অৱধাৰিত এক গম্ভীৰ সামাজিক সংকটৰ দিশে লৈ গৈছে ৷ কেইবাটাও বিদেশী সন্থাই সকীয়াই দিছে যে চলিত মাহত ভাৰতবৰ্ষত প্ৰতিদিনে ক’ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যাই দহ লাখৰ ঘৰ চুবগৈ । তাৰ সমান্তৰালকৈ প্ৰতিদিনে মৃত্যু হ'বলগীয়া লোকৰ সংখ্যা হ’বগৈ ৫ হাজাৰ ৷ এই তথ্য প্ৰকাশ পোৱাৰ পাচতেই দেশজুৰি এক সৰ্বাত্মক লক ডাউনৰ দাবী পুনৰ উত্থাপন হ’বলৈ ধৰিছে ৷ কেন্দ্ৰৰ মতে, ক’ভিডত আক্ৰান্ত ৰোগীসকলৰ ৭৩ শতাংশই হৈছে মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, কৰ্ণাটক, কেৰালা, তামিলনাডু, অন্ধ্ৰ প্ৰদেশ, পশ্চিমবংগ, ৰাজস্থান, ছত্তিশগড় আৰু দিল্লীৰ ৷ দেশৰ যিকেইখন জিলাত ক’ভিড আক্ৰান্তৰ সংখ্যা ব্যাপকভাৱে বৃদ্ধি পোৱা দেখা গৈছে সেই ১৫০ খন জিলাত কঠোৰ লক ডাউন বলৱৎ কৰাৰ হেঁচা প্ৰয়োগ কৰা দেখা দৈছে ৷

শেহতীয়াকৈ হাৰিয়ানা আৰু ওড়িশাত লক ডাউন ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে ৷ কেইবাখনো ৰাজ্যই সান্ধ্য আইন বলৱৎ কৰাৰ লগতে কঠোৰ নীতি-নিয়ম ঘোষণা কৰিছে ৷ তৎস্বত্বেও মহামাৰীবিধক বশ কৰিব পৰা নাই ৷ ইতিমধ্যে কেইবাখনো দেশে ভাৰতবৰ্ষৰ পৰা অন্য দেশসমূহলৈ যিকোনো লোকৰ যাতায়ত ব্যৱস্থা বন্ধ কৰিছে ৷ ঠিক তেনেদৰে দেশখনেও অন্য দেশৰ পৰা ভাৰতলৈ অহা লোকৰ যাতায়ত বন্ধ কৰিছে ৷ মহামাৰীবিধৰ সংক্ৰমণৰ শৃংখলা ভংগ কৰিবৰ বাবে কেন্দ্ৰই ৰাজ্যসমূহৰে আলোচনা কৰি লক ডাউন বলৱৎ কৰাৰ ক্ষেত্ৰত দৃঢ়তাৰে বিবেচনা কৰা উচিত ৷

শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে মত পোষণ কৰিছে যে জনসাধাৰণৰ জীৱন ৰক্ষা কৰিবলৈ চৰকাৰে লক ডাউন জাৰি কৰাৰ সম্পৰ্কত বিবেচনা কৰা উচিত ৷ লক ডাউনৰ ফলত হ’ব পৰা আৰ্থ সামাজিক ফলাফলখিনিৰ সম্পৰ্কে অৱগত শীৰ্ষ আদালতখনে কয় যে দৰিদ্ৰ লোকসকলক ভোক নিবাৰণৰ পৰা ৰক্ষা কৰিবৰ বাবে আগতীয়াকৈ উপায় অৱলম্বন কৰা উচিত ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজহুৱা স্বাস্থ্য বিশেষজ্ঞ এন্থনী ফাউছিয়ে জনোৱা অনুসৰি, দেশখনৰ চিকিৎসা আৰু স্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনি ইতিমধ্যে ভাঙি পৰিছে ৷ গতিকে দেশখনত কেই সপ্তাহমানৰ বাবে লক ডাউন বলৱৎ কৰা উচিত ৷

তদুপৰি যে চীনৰ পদানুকৰণ কৰি ভাৰতবৰ্ষই যুদ্ধকালীন গতিৰে ক’ভিড চিকিৎসালয় নিৰ্মাণ কৰা উচিত বুলি পৰামৰ্শ দিয়ে এন্থনী ফাউছিয়ে ৷ লগতে জনসাধাৰণৰ বাবে অক্সিজেন, ঔষধ তথা বিচনা উপলব্ধ কৰাৰ ক্ষেত্ৰত দেশখনে গুৰুত্ব দিয়া উচিত বুলিও মত পোষণ কৰে ৷ লগতে প্ৰধানমন্ত্ৰীয়ে নিযুক্ত কৰা ক’ভিড টাস্ক ফ’ৰ্চেও জনসাধাৰণৰ জীৱন ৰক্ষা কৰিবলৈ তাৎক্ষণিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰাৰ সময় সমাগত বুলি পৰামৰ্শ আগবঢ়াইছে ৷ ভাৰতীয় বাণিজ্য তথা উদ্যোগিক মহাসংঘই মন্তব্য কৰিছে যে মহামাৰীবিধৰ বিভীষিকাময় ৰূপ অন্তত চাৰি-পাঁচ মাহলৈকে অব্যাহত থাকিব ৷ সন্থাটোৱে সন্দেহ প্ৰকাশ কৰা অনুসৰি দেশখনত অন্তত ২ লাখ আইচিইউযুক্ত বিচনা আৰু ৩ লাখ নাৰ্চৰ লগতে ২ লাখ কনিষ্ঠ চিকিৎসকৰ প্ৰয়োজন ৷

ৰাজ্যসমূহৰ সহযোগত কৰ'ণা ৰোগীৰ পৰীক্ষণ আৰু প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া খৰতকীয়া হোৱা বুলি মন্তব্য কৰা ‘কনফিডাৰেশ্বন অৱ ইণ্ডিয়ান ইণ্ড্ৰাষ্টিজে’ও লক ডাউনৰ প্ৰস্তাৱক সমৰ্থন কৰিছে ৷ দেশখনে সন্মুখীন হোৱা অভূতপূৰ্ব বিপৰ্যয়ৰ সৈতে কাৰ্যকৰীভাৱে মোকাবিলা কৰিবলৈ কেন্দ্ৰই ৰাজ্যসমূহৰ সৈতে আলোচনা কৰা উচিত ৷ লগতে প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ সমস্যাসমূহক বিবেচনাৰ আওঁতালৈ আনিব লাগিব আৰু সিদ্ধান্ত লোৱাৰ সময়ত এক মানৱীয় দৃষ্টিকোণৰ পৰা সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব । সমগ্ৰ দেশতে বিভীষিকাময় পৰিৱেশ সৃষ্টি কৰা কৰ'ণা ভাইৰাছক এনেকৈয়ে ভাৰত চৰকাৰে নাশ কৰি মৃত্যুৰ কিৰিলি ৰোধ কৰিব লাগিব ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.