ETV Bharat / bharat

Cyclone Mocha: বংগোপসাগৰত সৃষ্টি হৈছে ঘূৰ্ণী বতাহ মোচা; বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী - Cyclone Mocha

বংগোপসাগৰত সৃষ্টি হৈছে ঘূৰ্ণী বতাহ মোচা ৷ বতৰ বিজ্ঞান বিভাগৰ পূৰ্বানুমান অনুসৰি শনিবাৰে দক্ষিণ-পূব বংগোপসাগৰত সৃষ্টি হৈছে ঘূৰ্ণীবতাহৰ । বতৰ বিজ্ঞানীসকলৰ মতে অহা সপ্তাহত এই অঞ্চলটোত এক তীব্ৰ ঘূৰ্ণীবতাহ হোৱাৰ সম্ভাৱনা আছে (Storm brewing in Bay of Bengal) ৷

Storm brewing in Bay of Bengal
বংগোপসাগৰত ঘূৰ্ণী বতাহ মোচা
author img

By

Published : May 7, 2023, 9:10 AM IST

Updated : May 7, 2023, 11:21 AM IST

নিউজ ডেস্ক, 7 মে’: বতৰ বিজ্ঞান বিভাগৰ পূৰ্বানুমান অনুসৰি শনিবাৰে দক্ষিণ-পূব বংগোপসাগৰত সৃষ্টি হৈছে ঘূৰ্ণীবতাহৰ । বতৰ বিজ্ঞানীসকলৰ মতে অহা সপ্তাহত এই অঞ্চলটোত এক তীব্ৰ ঘূৰ্ণীবতাহ হোৱাৰ সম্ভাৱনা আছে ৷ দক্ষিণ-পূব বংগোপসাগৰ আৰু চুবুৰীয়া অঞ্চলত নিম্ন আৰু মধ্য ট্ৰোপোস্ফেৰিক স্তৰত ঘূৰ্ণীবতাহৰ প্ৰৱাহ আছে ৷ ইয়াৰ প্ৰভাৱত, 8 মে'ৰ ভিতৰত একেটা অঞ্চলতে নিম্ন চাপৰ এলেকা সৃষ্টি হোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (আইএমডি) সঞ্চালক প্ৰধান মৃত্যুঞ্জয় মহাপাত্ৰই (Cyclone Mocha low pressure forming) ৷

বংগোপসাগৰত সৃষ্টি হোৱা এই ঘূৰ্ণীবতাহজাকৰ নাম মোচা ৷ য়েমেনৰ দ্বাৰা এই মোচা নামটো প্ৰদান কৰা হৈছে । মোচা লোহিত সাগৰৰ পাৰত অৱস্থিত এখন উপকূলীয় চহৰ ৷ যিখন চহৰে 500 বছৰৰ আগতে বিশ্বত কফি প্ৰৱৰ্তন কৰিছিল বুলি জনা যায় ৷ আই.এম.ডি. প্ৰতিবেদন অনুসৰি, 8 মে'ৰ ভিতৰত একেটা অঞ্চলতে নিম্ন-চাপৰ এলেকা বিকশিত হোৱাৰ সম্ভাৱনা আছে (Storm brewing in Bay of Bengal) ৷

আই.এম.ডি.-ৰ শেহতীয়া পূৰ্বানুমানত কোৱা হৈছে যে নিম্ন-চাপ প্ৰণালীটো 9 মে'ৰ আশে পাশে আৰু অধিক তললৈ যোৱাৰ সম্ভাৱনা আছে ৷ 9 মে’ৰ আশে-পাশে নিম্ন চাপ দক্ষিণ-পূব বংগোপসাগৰৰ ওপৰত কেন্দ্ৰীভূত হোৱাৰ সম্ভাৱনা আছে ৷ তাৰ পিছত ই তীব্ৰতৰ হৈ ঘূৰ্ণীবতালৈ পৰিণত হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ লগতে ই প্ৰায় উত্তৰ দিশলৈ মধ্য বংগ উপসাগৰৰ ফালে আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে ৷ আইএমডিৰ প্ৰতিবেদনত কোৱা হৈছে যে নিম্ন চাপৰ এলেকা গঠন হোৱাৰ পিছত, ইয়াৰ (ঘূৰ্ণীবতাহ) পথ আৰু তীব্ৰতাৰ বিৱৰণ প্ৰদান কৰা হ'ব, ইতিমধ্যে এই সম্বন্ধে নিৰন্তৰ আৰু নিয়মীয়াকৈ নিৰীক্ষণ কৰি থকা হৈছে (Cyclone Mocha) ৷

ওড়িশাৰ বাবে এতিয়ালৈকে কোনো বিশেষ সতৰ্কবাণী দিয়া হোৱা নাই যদিও ৰাজ্য চৰকাৰে জিলা উপায়ুক্তসকলক পৰামৰ্শ জাৰি কৰি আইএমডিৰ ঘূৰ্ণীবতাহৰ পূৰ্বাভাসৰ পিছত সজাগ আৰু সাজু হৈ থাকিবলৈ নিৰ্দেশ দিছে ৷ ইয়াৰ প্ৰভাৱত, 8-12 মে'ত বেছিভাগ ঠাইত মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷ কিছুমান এলেকাত 8-11 মে'ত মধ্যমীয়া, ধাৰাসাৰৰ পৰা অতি ধাৰাসাৰ বৰষুণ হ'ব পাৰে । ইয়াৰ উপৰিও, 10 মে'ত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ কিছুমান ঠাইত অতি ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে (Low pressure in southeast Bay of Bengal) ৷

দেওবাৰৰ পৰা বংগ উপসাগৰৰ দক্ষিণ-পূব উপসাগৰ আৰু আন্দামান সাগৰৰ কাষৰীয়া অঞ্চলত সাগৰত প্ৰৱেশ নকৰিবলৈ মাছমৰীয়াসকলক পৰামৰ্শ জাৰি কৰা হৈছে ৷ 8 মে’ৰ পৰা দক্ষিণ-পূব আৰু সংলগ্ন মধ্য বংগ উপসাগৰত সাগৰৰ পাৰৰ কাম-কাজ নকৰিবলৈ সকীয়াই দিয়া হৈছে ৰাইজক ৷

লগতে পঢ়ক: Heavy storm: মৰাণত প্ৰচণ্ড ধুমুহাত গছ পৰি তিনিজন আহত

Last Updated : May 7, 2023, 11:21 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.