ETV Bharat / bharat

অত্যাধিক ভিৰ নিয়ন্ত্ৰণৰ বাবে দাম বৃদ্ধি হ’ব ষ্টেচন টিকটৰ - ভাৰতীয় ৰেলৰ কাৰ্যবাহী অধীক্ষক আৰ ডি বাজপায়ী

দেশত বৃদ্ধি হ’ব ষ্টেচন টিকটৰ দাম ৷ 50 টকালৈ বৃদ্ধি হ’ব পাৰে ষ্টেচনৰ টিকটৰ দাম ৷ মুম্বাইত হ’ব সৰ্বাধিক ৷

station-ticket-price
ৰুৱা উপায় money seized at sapor in dhubri নিৰ্বাচনী আচৰণ বিধিৰ মাজতে চাপৰত 2.78 লাখ নগদ ধন জব্দ নিশা মদৰ আড্ডা চলে সচিবালয়ৰ ফুটব্ৰীজত.. সচিবালয়ৰ ফুটব্ৰীজত নিশা চলে মদৰ আড্ডা..
author img

By

Published : Mar 5, 2021, 3:57 PM IST

নেচনেল ডেক্স , 5 মাৰ্চঃ ভাৰতীয় ৰেল বিভাগে দেশৰ মূখ্য ৰেলৱে ষ্টেচনসমূহত কৰণা ভাইৰাছৰ আতংকৰ সময়ত যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি প্লেটফৰ্মৰ ভাড়া বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ দেশৰ বিভিন্ন ষ্টেচনসমূহৰ ভাড়া 3 টকাৰ পৰা 5 টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে বিভাগটোৱে ৷ একে সময়তে দেশৰ প্ৰধান ষ্টেচনষ্টেচন সমূহত ভাড়া 10 ৰ পৰা 30 টকা ধাৰ্য কৰাৰ বিপৰীতে মুম্বাই মহানগৰীৰ প্ৰধান ষ্টেচনত প্লেটফৰ্মৰ এই ভাড়া 50 টকা পৰ্যন্ত বৃদ্ধি হ’ব বুলি প্ৰকাশ ৷ ভাৰতীয় ৰেল মন্ত্ৰনালয়ে জনোৱা মতে, ষ্টেচনসমূহত যাত্ৰী নিয়ন্ত্ৰণ আৰু পৰিচালনাৰ সম্পূৰ্ণ কতৃত্ব থাকে শাখা প্ৰৱন্ধকৰ হাতত ৷ সাধাৰণতে এনেকুৱা সিদ্ধান্ত ভাৰতীয় ৰেল বিভাগে যাত্ৰীসকলৰ নিৰাপত্তা আৰু ভীৰ নিয়ন্ত্ৰণৰ বাবে লোৱা পৰিলক্ষিত হয় ৷ প্লেটফৰ্মৰ ভাড়া সাল-সলনিৰ সম্পূৰ্ণ কতৃত্ব থাকে শাখা প্ৰৱন্ধকৰ ওচৰত বুলি মন্তব্য কৰে ভাৰতীয় ৰেলৰ এগৰাকী শীৰ্ষ বিষয়াই ৷

2015 চনতে ভাৰতীয় ৰেলে প্লেটফৰ্মৰ ভাড়া 10 টকালৈ বৃদ্ধিৰ কৰাৰ দায়িত্ব শাখা প্ৰৱন্ধকক প্ৰদান কৰা হৈছিল ৷ লগতে এয়া কোনো নতুন ঘটনা নহয় বুলি ভাৰতীয় ৰেল বিভাগৰ এগৰাকী কাৰ্যবাহী সঞ্চালক আৰ ডি বাজপায়ীয়ে ই টিভি ভাৰতক জানিবলৈ দিয়ে ৷ লগতে ফ্ৰেব্ৰুৱাৰী মাহৰ পৰা সমগ্ৰ দেশতে কম দূৰত্বৰ যাত্ৰীসকলৰ ভাড়া বৃদ্ধি কৰা হৈছে বুলিও উল্লেখ কৰে শীৰ্ষ বিষয়া গৰাকীয়ে ৷ কোভিড 19 ৰ ভয়াবহতাৰ সময়ত দেশত অৰ্থনৈতিক দূৰৱস্থা চলি থকাৰ সময়তে ৰেলৱেৰ এনে সিদ্ধান্তৰ বাবে সমালোচনাৰ সন্মূখীন হৈছে যদিও একমাত্ৰ যাত্ৰীৰ নিৰাপত্তাৰ বাবেই এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি ভাৰতীয় ৰেলৰ এক বিশেষ সূত্ৰই জানিবলৈ দিয়ে ৷

লগতে পঢ়কঃ সচিবালয়ৰ ফুটব্ৰীজত নিশা চলে মদৰ আড্ডা..

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.