ETV Bharat / bharat

চেন্নাইত ভিপি সিঙৰ প্ৰতিমূৰ্তি উন্মোচন ষ্টেলিনৰ

author img

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 4:41 PM IST

আজি দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বিশ্বনাথ প্ৰতাপ সিঙৰ মৃত্যুবাৰ্ষিকী । এই উপলক্ষে চেন্নাইত তামিলনাডুৰ মুখ্যমন্ত্ৰী ষ্টেলিনে উন্মোচন কৰে ভিপি সিঙৰ এটা পূৰ্ণাৱয়ৱ মূৰ্তি । প্ৰতিমূৰ্তি উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে সমাজবাদী পাৰ্টীৰ নেতা তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱৰ লগতে ভিপি সিঙৰ পৰিয়ালৰ সদস্যসকলো । তেওঁলোকৰ উপস্থিতিত ষ্টেলিনে প্ৰতিমূৰ্তিটো উন্মোচন কৰে ।

VP Singhs Statue at Presidency College Che
চেন্নাইত ভিপি সিঙৰ প্ৰতিমূৰ্তি উন্মোচন ষ্টেলিনৰ

নিউজ ডেস্ক, ২৭ নৱেম্বৰ : চেন্নাইৰ প্ৰেছিডেন্সী কলেজত উন্নোচিত হ'ল দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভিপি সিঙৰ পূৰ্ণাৱয়ৱ মূৰ্তি । তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে সোমবাৰে এক গুৰুত্বপূৰ্ণ অনুষ্ঠানত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ এই পূৰ্ণাৱয়ৱ মূৰ্তিটো আনুষ্ঠানিকভাৱে উন্মোচন কৰে । মহাবিদ্যালয় চৌহদত স্থাপন কৰা এই প্ৰতিমূৰ্তিটো ভিপি সিঙৰ প্ৰভাৱশালী ৰাজনীতিৰ উত্তৰাধিকাৰীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে উছৰ্গা কৰা হৈছে ।

এই প্ৰতিমূৰ্তি উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে সমাজবাদী পাৰ্টীৰ নেতা তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱৰ লগতে ভিপি সিঙৰ পৰিয়ালৰ সদস্যসকলো । তেওঁলোকৰ উপস্থিতিত ষ্টেলিনে প্ৰতিমূৰ্তিটো উন্মোচন কৰে । আনহাতে, তাত উপস্থিত থকা নেতাসকলে প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতি সশ্ৰদ্ধ সোঁৱৰণেৰে তেওঁৰ প্ৰতিকৃতিত পুষ্পাঞ্জলি জ্ঞাপন কৰে ।

উল্লেখ্য যে বিগত এপ্ৰিলত মাহত তামিলনাডুৰ মুখ্যমন্ত্ৰী এমকে ষ্টেলিনে ভিপি সিঙৰ সন্মানত তামিলনাডু চৰকাৰৰ দ্বাৰা প্ৰতিমূৰ্তিটো স্থাপনৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছিল । বি পি মণ্ডল আয়োগৰ পৰামৰ্শৰ ওপৰত ভিত্তি কৰি কেন্দ্ৰীয় চৰকাৰৰ চাকৰিত অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে ২৭ শতাংশ সংৰক্ষণ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ভিপি সিঙৰ গুৰুত্বপূৰ্ণ অৱদানৰ এক স্বীকৃতি হৈছে এই পদক্ষেপ ।

আনহাতে, এই প্ৰতিমূৰ্তি উন্মোচন অনুষ্ঠানটো কেৱল ভিপি সিঙৰ কৃতিত্বৰ স্বীকৃতিৰ প্ৰতীকেই নহয়, তেওঁৰ কাৰ্যকালত নিৰ্ধাৰণ কৰা সামাজিক ন্যায়ৰ প্ৰতি প্ৰতিশ্ৰুতিৰ স্মাৰক হিচাপেও ই চিহ্নিত হৈ থাকিব । অনুষ্ঠানটোত বিভিন্ন ৰাজনৈতিক গণ্যমান্য ব্যক্তি আৰু পৰিয়ালৰ সদস্যসকলে অংশগ্ৰহণ কৰে । তেওঁলোকে ভিপি সিঙৰ অৱদানৰ বিষয়েও আলোকপাত কৰে ।

উল্লেখ্য যে প্ৰাক্তন প্ৰধানমন্ত্ৰী বিশ্বনাথ প্ৰতাপ সিঙৰ জন্ম হৈছিল ১৯৩১ চনৰ ২৫ জুনত । তেওঁ আছিল দেশৰ সপ্তম গৰাকী প্ৰধানমন্ত্ৰী । তেওঁ ১৯৮৯-১৯৯০ চনত দেশৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত আছিল । তেওঁ হৈছে ৰাজকীয় পৰিয়ালৰ পৰা অহা দেশৰ একমাত্ৰ প্ৰধানমন্ত্ৰী । ২০০৮ চনৰ ২৭ নৱেম্বৰত তেওঁৰ মৃত্যু হয় ।

লগতে পঢ়ক :সপত্নীক জগন্নাথ মহাপ্ৰভূৰ আশিস ল’লে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.