আগৰতলা,২৫ মাৰ্চ : শিক্ষকৰ প্ৰতিবাদত উত্তাল আগৰতলাৰ শিক্ষা ভৱন কাৰ্যালয় (Teachers protest in front of Siksha Bhawan of Tripura)। বৃহস্পতিবাৰে ৫০০ ৰো অধিক বঞ্চিত শিক্ষকে ঘেৰাও কৰিলে শিক্ষা ভৱন কাৰ্যালয় । সৰ্বশিক্ষাৰ অধীনৰ শিক্ষকসকলে বিভিন্ন ক্ষেত্ৰত বঞ্চিত হৈ অহাৰ অভিযোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (SSA teachers protest in Tripura)। তেওঁলোকৰ অভিযোগ যোগ্যতা থকাৰ পাছতো ৰাজ্যৰ স্থায়ী শিক্ষকসকলৰ তুলনাত বহু সুবিধাৰ পৰা বঞ্চিত হৈছে তেওঁলোক (SSA teachers in Tripura deprived of various facilities)।
প্ৰতিবাদকাৰী শিক্ষকসকলে জনোৱা মতে তেওঁলোকক ঠিকাভিত্তিত নিযুক্তি দিয়া হৈছিল কিন্তু তেওঁলোকৰ বহুতে ডি.এল.এড পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছে লগতে এগৰাকী শিক্ষকৰ থাকিবলগীয়া সকলো যোগ্যতা অৰ্জন কৰিছে । তথাপিও ৰাজ্যৰ আন শিক্ষকৰ দৰে সুবিধা আৰু দৰমহাৰ পৰা তেওঁলোক বঞ্চিত হৈ আছে । আনকি ই.এছ.আইৰ দৰে সুবিধাও দিয়া হোৱা নাই তেওঁলোকক ।
তেওঁলোকৰ মতে প্ৰায় ৫৭৫ গৰাকী সৰ্বশিক্ষাৰ অধীনৰ শিক্ষকে ৰাজ্য চৰকাৰৰ স্থায়ী শিক্ষকৰ সমান দৰমহা নাপায় । প্ৰতিবাদকাৰী শিক্ষকসকলৰ মতে একাংশ শিক্ষকে চৰকাৰৰ পৰ্যাপ্ত সুবিধা লাভ কৰিছে যদিও তেওঁলোক আজিলৈ কিয় বঞ্চিত হৈ আছে সেয়া আজিও সন্দেহৰ আৱৰ্তত ।
তেওঁলোকৰ মতে সম্প্ৰতি চৰম আৰ্থিক সমস্যাত পৰিছে বহু শিক্ষক । পৰিয়াল চলাবলৈ তেওঁলোকক মাহিলী প্ৰদান কৰা ২১,৫৯৯ টকা পৰ্যাপ্ত নহয় । তেওঁলোকৰ প্ৰশ্ন শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ কথা কোৱা চৰকাৰে সৰ্বশিক্ষাৰ অধীনৰ শিক্ষকসকলক কিয় অৱহেলাৰ দৃষ্টিৰে চাইছে ?
মানসিকভাৱে এতিয়া ভাগি পৰিছে শিক্ষকসকল । এনে অৱস্থাত কি ধৰণে শিক্ষাৰ্থী উচিত শিক্ষা প্ৰদান কৰিব বুলিও তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে । বহু সময়তে চৰকাৰক এই কথা অৱগত কৰিছে যদিও তেওঁলোকৰ কথাত কোনো গুৰুত্ব দিয়া নাই চৰকাৰে । সেয়ে বাকী শিক্ষকসকলৰ সমান দৰমহা প্ৰদান কৰাৰ লগতে তেওঁলোকক আন আন সুবিধাসমূহো দিবলৈ দাবী জনাইছে প্ৰতিবাদী শিক্ষকসকলে । অনাগত দিনত তেওঁলোকৰ দাবীসমূহ পূৰণ নহ'লে ভয়ংকৰ আন্দোলন কৰিব বুলিও হুংকাৰ দিয়ে সৰ্বশিক্ষাৰ অধীনৰ শিক্ষকসকলে ।
লগতে পঢ়ক :অহা ২ এপ্ৰিলত আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয় ঘেৰাও কৰিব ত্ৰিপুৰা কংগ্ৰেছে