ETV Bharat / bharat

3rd G20 Tourism Working Group Meeting:আজিৰ পৰা শ্ৰীনগৰত জি-২০ পৰ্যটন কৰ্মী গোটৰ বৈঠক

author img

By

Published : May 22, 2023, 9:53 AM IST

আজিৰ পৰা শ্ৰীনগৰত অনুষ্ঠিত হ'বলগীয়া তিনিদিনীয়া জি ২০ বৈঠকৰ (G20 Tourism Working Group Meeting) প্ৰতি লক্ষ্য ৰাখি শ্ৰীনগৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চল সমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে।

Kashmir G20 summit
জি-২০ পৰ্যটন কৰ্মী গোটৰ বৈঠক

নেশ্যনেল ডেস্ক, 22 মে’ : জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজধানী শ্ৰীনগৰত ২২ মে’ ত অৰ্থাৎ সোমবাৰে জি-২০ "পৰ্যটন কৰ্মী গোট"ৰ এখন বৈঠক আৰম্ভ হ'ব (G20 in Kashmir) । বৈঠকখন ২২ মে'ৰ পৰা ২৪ মেলৈ অব্যাহত থাকিব । অনুচ্ছেদ 370 বাতিল কৰাৰ পিছত প্ৰথমবাৰৰ বাবে জম্মু-কাশ্মীৰত এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'বলৈ গৈ আছে ৷ এছ কে আই চি চি শ্ৰীনগৰত এখন সংবাদমেল সম্বোধন কৰি পৰ্যটন মন্ত্ৰী অৰবিন্দ সিঙে তিনিদিনীয়া জি-২০ বৈঠকৰ কথা জনায় (3rd G20 Tourism Working Group Meeting) ।

সিঙে জানিবলৈ দিয়ে যে 'তৃতীয় পৰ্যটন কাৰ্যকৰী গোটৰ বৈঠক'ত সেউজ পৰ্যটন, ডিজিটেলকৰণ, দক্ষতা, এমএছএমই আৰু গন্তব্য ব্যৱস্থাপনা নামৰ পাঁচটা মুখ্য অগ্ৰাধিকাৰ ক্ষেত্ৰৰ ওপৰত আলোচনা কৰা হ'ব । অৰবিন্দ সিঙে দাবী কৰিছে যে আজিৰ পৰা আৰম্ভ হ'বলগীয়া তিনিদিনীয়া জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ সৰ্বাধিক সংখ্যক প্ৰতিনিধিয়ে ইতিমধ্যে পঞ্জীয়ন কৰিছে । "লজিষ্টিক উদ্বেগৰ বাবে, কিছুমান দেশৰ প্ৰতিনিধি অহা নাই । ছিংগাপুৰে সৰ্ববৃহৎ প্ৰতিনিধিৰ দলটো প্ৰেৰণ কৰিছে," তেওঁ কয় (G20 Tourism Meet in Srinagar) ।

বৈঠকৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰীনগৰ আৰু ইয়াৰ আশে-পাশে কঠোৰ নিৰাপত্তা ব্যৱস্থা কৰা হৈছে । ইয়াৰ উপৰিও, ২২ ৰ পৰা ২৪ মে'লৈ এই বৈঠকৰ বাবে কাশ্মীৰ ভ্ৰমণ কৰা ৬০ জন বিদেশী আৰু স্থানীয় লোকৰ ভ্ৰমণ সূচী অন্তিম মুহূৰ্তত সলনি কৰা হৈছে । দল হ্ৰদৰ পাৰত অৱস্থিত শ্বেৰ-ই-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় সমাৱৰ্তন কেন্দ্ৰত বৈঠকখন অনুষ্ঠিত হৈছে । জি-20 বৈঠকৰ পৰিপ্ৰেক্ষিতত, পলিঅ'ভিউৰ পৰা এছ.কে.আই.চি.চি. লৈকে সকলো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে ।

আনহাতে, কৰ্তৃপক্ষই কয় যে বিশ্ব পৰ্যায়ৰ এই বৈঠক সফল আৰু দক্ষতাৰে সম্পূৰ্ণ কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে (Kashmir G20 summit) । বৈঠকৰ পূৰ্বে শ্ৰীনগৰত এক উচ্চ সতৰ্কতা জাৰি কৰা হৈছে, আনহাতে দল হ্ৰদ আৰু এছ.কে.আই.চি.চি.-ক সুৰক্ষা বাহিনীয়ে জিম্মাত লৈছে । যিকোনো অপ্ৰীতিকৰ ঘটনাৰ মোকাবিলা কৰিবলৈ সংশ্লিষ্ট অঞ্চলসমূহত বৃহৎ সংখ্যক নিৰাপত্তাকৰ্মী মোতায়েন কৰা হৈছে ।

লগতে পঢ়ক : G20 in Kashmir: জি20 বৈঠকৰ বাবে কাশ্মীৰত নিশ্চিদ্ৰ নিৰাপত্তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.