নেশ্যনেল ডেস্ক, ২৫ জুন : বিমান যাত্ৰীৰ বাবে সুখবৰ আনিছে স্পাইচজেটে । যাত্ৰীৰ বাবে বাম্পাৰ মনছুন অফাৰ আগবঢ়াইছে এয়াৰলাইনছ কোম্পানীটোৱে । স্পাইচজেটৰ মেগা মনছুন অফাৰ অনুসৰি, ঘৰুৱা বিমান টিকটৰ মূল্য ৯৯৯ টকাৰ পৰা আৰম্ভ হৈছে । কম খৰছতে হায়দৰাবাদ-বেলগাম, বেলগাম-হায়দৰাবাদ, চেন্নাই-হায়দৰাবাদ, চেন্নাই-বেংগালুৰুৰ আদি কেইখন নিৰ্বাচিত স্থানলৈ যাত্ৰা কৰাৰ ক্ষেত্ৰত এই অফাৰ আগবঢ়োৱা হৈছে ।
বৃহস্পতিবাৰে, ভিস্তাৰাই ঘৰুৱা বিমান টিকটৰ মূল্যৰ ক্ষেত্ৰত ৪৮ মনছুন অফাৰ ঘোষণা কৰিছিল । এবাৰ যাত্ৰা কৰা সকলো টিকটৰ মূল্য ১০৯৯ টকা নিৰ্ধাৰিত কৰিছিল । স্পাইচজেটে মনছুন অফাৰ সন্দৰ্ভত জনাইছে যে, গ্ৰাহকসকলে মনছুন অফাৰৰ বিনামূলীয়া ফ্লাইট ভাউচাৰৰ সৈতে সপ্তাহান্তৰ ভ্ৰমণসূচীৰ পৰিকল্পনা কৰিব পাৰে আৰু অৱসৰৰ দিন উপভোগ কৰিব পাৰে ।
বিনামূলীয়া ফ্লাইট ভাউচাৰ চলিত বৰ্ষৰ ১ আগষ্টৰ পৰা ২০২২ চনৰ ৩১ মাৰ্চলৈ প্ৰযোজ্য হ'ব । এয়াৰলাইনছ কোম্পানীটোৱে গ্ৰ'ফাৰ্ছ, এম ফাইন, মেডিবাডি, ম'বিকুইকৰ দৰে ব্ৰেণ্ড আৰু দ্য পাৰ্ক হোটেলৰ পৰাও বিশেষ অফাৰ আগবঢ়াইছে । স্পাইচজেট ৱেবছাইটৰ জৰিয়তে টিকট বুক কৰা গ্ৰাহকসকলৰ বাবে এই বিশেষ ব্ৰেণ্ডৰ অফাৰবোৰ উপলব্ধ হ'ব । এয়াৰলাইন কোম্পানীটোৱে জনাইছে যে, গ্ৰাহকসকলে পছন্দৰ আসন বাছনি কৰা আৰু অগ্ৰাধিকাৰ লাভ কৰা সেৱাৰ বাবে মাত্ৰ ১৪৯ টকা ব্যয় কৰিব লাগিব ।
তেওঁলোকে স্পাইচমেক্সো বাছনি কৰিব পাৰে আৰু এই অফাৰৰ অধীনত মাত্ৰ ৭৯৯ টকাতে অতিৰিক্ত লেগৰুম, অগ্ৰাধিকাৰ সেৱা, আহাৰ আৰু পানীয় আদি লাভ কৰিব । চলিত বৰ্ষৰ ২৫ জুনৰ পৰা 30 জুনলৈকে কৰা বুক কৰা গ্ৰাহকৰ ক্ষেত্ৰতহে এই অফাৰ প্ৰযোজ্য হ'ব । স্পাইচজেটৰ মুখ্য বাণিজ্যিক বিষয়া শিল্পা ভাটিয়াই কয় যে, এই বিশেষ মেগা মনছুন অফাৰ পালে কোনো লোকেই বহু প্ৰতীক্ষিত অৱসৰ বিনোদনৰ পৰিকল্পনাবোৰ বাতিল কৰাৰ কোনো কাৰণ বিচাৰি নাপাব ।