নেশ্যনেল ডেস্ক,12 নৱেম্বৰ: অভিনেতা চনু সুদে ঘোষণা কৰিছে যে,তেওঁ ল'ক ডাউনৰ সময়ত প্ৰবাহকাৰী শ্ৰমিকৰসকলক কৰা সহায়ৰ অভিজ্ঞতাৰ সকলো কাহিনী সম্বলিত এখন গ্ৰন্থ লিখি আছে ৷ "I Am No Messiah" শীৰ্ষক কিতাপ খন অভিনেতা গৰাকীয়ে নিজে সন্মুখীন হোৱা আৱেগিক প্ৰত্যাহ্বান বোৰৰ কথা লিপিবদ্ধ কৰাৰ উদ্দেশ্যেই লিখিছে বুলি প্ৰকাশ কৰিছে ৷
তেওঁ কয় যে,মানুহবোৰে অতি মৰমেৰে মোক মেচিহ বুলি নামাকৰণ কৰিছে। কিন্তু মই সঁচাকৈয়ে বিশ্বাস কৰো যে মই কোনো মেচিহ নহয় । মোৰ বিবেকে মোক কোৱা কামটোহে মই কৰো। মানুহ হিচাপে আমাৰ দায়িত্ব যে আমি সহানুভূতিশীল আৰু বিপদৰ সময়ত ইজনে আনজনক সহায় কৰিব লাগে ৷
মীনা ইয়াৰৰ সহযোগত লিখা কিতাপখন অনুৰাগীৰ বাবে ডিচেম্বৰ মাহত প্ৰকাশ কৰাৰ সম্ভাৱনা আছে ৷ লগতে কয় যে,শ্ৰমিকসকলক সহায় কৰাৰ বাবে মোক অনুপ্ৰেৰণা যোগোৱা বাবে মই ঈশ্বৰক ধন্যবাদ জনাইছো । মুম্বাইত থাকোতেই মই অনুভৱ কৰো যে মোৰ শৰীৰৰ এটা অংশ উত্তৰ প্ৰদেশ,বিহাৰ,ঝাৰখণ্ড, অসম,উত্তৰাখণ্ড আৰু আন বিভিন্ন ৰাজ্যত আছে ৷ য'ত মই এতিয়া নতুন বন্ধু পাইছো আৰু গভীৰ ভাৱে সংযোগ স্থাপন কৰিব পাৰিছো। মই মোৰ এই অভিজ্ঞতা আৰু কাহিনীবোৰ চিৰদিনৰ বাবে ৰাখিবলৈ সিদ্ধান্ত লৈয়ে কিতাপখন লিখাৰ কথা ভাবিছো ৷
লগতে পঢ়ক: দালাই লামাক ভাৰতৰত্ন প্ৰদান কৰিবলৈ প্ৰধানমন্ত্ৰীলৈ পত্ৰ বিজেপি নেতাৰ