ETV Bharat / bharat

ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ ছোনিয়া গান্ধীৰ

author img

By

Published : Oct 6, 2022, 1:46 PM IST

কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ পুত্ৰ তথা সাংসদ ৰাহুল গান্ধী আৰু অন্যান্য কংগ্ৰেছ নেতাসকলে ভাৰত জোড়ো যাত্ৰা অব্যাহত ৰাখিছে (Congress Bharat Jodo Yatra)। দলটো বৰ্তমান কৰ্ণাটক জিলাত আছে । বৃহস্পতিবাৰে দলটোত যোগ দিয়ে দলৰ অন্তৱৰ্তীকালীন অধ্যক্ষ ছোনিয়া গান্ধীয়ে ।

Sonia
ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ ছোনিয়া গান্ধীৰ

নেশ্যনেল ডেস্ক,৬ অক্টোবৰ : কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত দলৰ ভাৰত জোড়ো যাত্ৰা অব্যাহত (Congress Bharat Jodo Yatra)। এই যাত্ৰাত বৃহস্পতিবাৰে দলৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীয়ে অংশগ্ৰহণ কৰে । পুৱাই কৰ্ণাটকৰ মাণ্ডিয়াত দলটোত যোগ দিয়ে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে (Sonia Gandhi joins Congress Bharat Jodo Yatra)।

সোমবাৰে বিয়লি মহীশূৰত উপস্থিত হোৱাৰ পাছত ছোনিয়া গান্ধীয়ে পুৱাই পদযাত্ৰাৰ আৰম্ভণিস্থলত অংশগ্ৰহণ কৰে । ইফালে দশেৰাৰ বাবে দুদিনীয়া বিৰতিৰ অন্তত বৃহস্পতিবাৰে পুনৰ আৰম্ভ হৈছে এই যাত্ৰা । মহীশূৰ ভ্ৰমণৰ সময়ত ছোনিয়া গান্ধীয়ে ৫ অক্টোবৰত বেগুৰ গাঁৱৰ ভীমানাকোলি মন্দিৰ দৰ্শন কৰে (Sonia Gandhi Mysuru visits)।

ভাৰত জোড়ো যাত্ৰাত দলৰ অন্তৱৰ্তীকালীন সভানেত্ৰীয়ে এনেদৰে অংশগ্ৰহণ কৰাত যথেষ্ট আনন্দিত বাকী নেতাসকল (Sonia Gandhi joins Bharat Jodo Yatra in Karnataka)। কৰ্ণাটক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰে কয় যে প্ৰবীণ নেত্ৰী ছোনিয়া গান্ধীয়ে ৰাজপথত খোজ কঢ়াটো গৌৰৱৰ বিষয় । তেওঁৰ মতে বিজয়া দশমীৰ পাছত, কৰ্ণাটকত বিজয় হ'ব ।

ছোনিয়া গান্ধীয়ে কৰ্ণাটকৰ ৰাজপথত খোজ কাঢ়িবলৈ অহাৰ বাবে গৌৰৱান্বিত প্ৰদেশ কংগ্ৰেছ । শিৱকুমাৰে দাবী কৰা মতে ৰাজ্যখনত কংগ্ৰেছ ক্ষমতালৈ আহিছে আৰু বিজেপিয়ে তেওঁলোকৰ দোকান বন্ধ কৰাৰ দিশে আগবাঢ়িছে ।

ইফালে 'ভাৰত জোড়ো যাত্ৰা'ৰ ২৯ দিনৰ পুৱা ৫:৩০ বজাতে অৰ্থাৎ বৃহস্পতিবাৰে মহীশূৰৰ প্ৰদৰ্শনী খেলপথাৰত পতাকা উত্তোলনৰ দ্বাৰা পুনৰ যাত্ৰা আৰম্ভ হৈছে । মাণ্ডিয়াৰ সমীপৰ পদযাত্ৰা আৰম্ভ হোৱা স্থানলৈ এঘণ্টা বাছ যাত্ৰাৰ পাছত পদযাত্ৰা পুনৰ আৰম্ভ হয় । কংগ্ৰেছৰ সভানেত্ৰীগৰাকীয়ে পুৱা প্ৰায় ৮ মান বজাত এই যাত্ৰাত যোগ দিয়ে ।

উল্লেখ্য যে এই যাত্ৰা প্ৰতিদিনে ২৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি আছে । এই পদযাত্ৰাৰ লক্ষ্য আছিল পাঁচ মাহত প্ৰায় ১২ খন ৰাজ্য কভাৰ কৰা । দলটো কৰ্ণাটকত ২১ দিন থাকিব বুলি জানিব পৰা গৈছে । ভাৰত জোড়ো যাত্ৰাৰ দলটোৱে ৩০ ছেপ্টেম্বৰত কৰ্ণাটকত প্ৰৱেশ কৰিছিল ।

কংগ্ৰেছৰ মতে, বিজেপি নেতৃত্বাধীন কেন্দ্ৰৰ বিভাজনমূলক ৰাজনীতিৰ বিৰুদ্ধে যুঁজিবলৈ আৰু দেশৰ জনসাধাৰণক সজাগ কৰিবলৈ 'ভাৰত জোড়ো যাত্ৰা' আৰম্ভ কৰা হৈছে। লক্ষণীয়ভাৱে, এই যাত্ৰাৰ সময়ত ৰাহুল গান্ধীৰ সৈতে দলৰ সাংসদ, নেতা আৰু কৰ্মীসকলে বিশেষ কণ্টেইনাৰত নিশা কটাইছে ।

লগতে পঢ়ক :লোকসভা নিৰ্বাচনৰ পূৰ্বে তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ ৰাষ্ট্ৰীয় দল ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.