ETV Bharat / bharat

Sonia Gandhi on plenary session : ভাৰত জোড়ো যাত্ৰাই ছোনিয়াৰ ৰাজনৈতিক অধ্যায়ৰ শেষ পৃষ্ঠা হ'ব নেকি ? - Sonia Gandhi address plenary session

ৰায়পুৰত অনুষ্ঠিত কংগ্ৰেছৰ ৮৫ সংখ্যক পূৰ্ণাংগ অধিৱেশনত দলীয় নেতা-কৰ্মীসকলক সম্বোধন ছোনিয়া গান্ধীৰ (Sonia Gandhi address plenary session)। ভাষণ প্ৰসংগত ৰাজনৈতিক কেৰিয়াৰ সমাপ্ত কৰাৰো ইংগিত দিয়ে কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষগৰাকীয়ে । বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে কংগ্ৰেছ নেত্ৰীগৰাকী ।

Sonia Gandhi on plenary session
ৰাজনীতিৰ পৰা অৱসৰ ল'ব নেকি ছোনিয়া গান্ধীয়ে
author img

By

Published : Feb 25, 2023, 7:41 PM IST

নেশ্যনেল ডেস্ক,২৫ ফেব্ৰুৱাৰী : সম্ভৱত ৰাজনীতিৰ পৰা অৱসৰ ল'ব কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে (Sonia Gandhi may retire from politics)। ভৱিষ্যত ৰাজনীতি সম্পৰ্কে গুৰুত্বপূৰ্ণ সংকেত দিলে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ছোনিয়া গান্ধীয়ে । ৰায়পুৰত অনুষ্ঠিত নিখিল ভাৰত কংগ্ৰেছৰ পূৰ্ণাংগ অধিৱেশনত কংগ্ৰেছ নেত্ৰীৰ মন্তব্যৰ পাছতে দেশজুৰি ব্যাপক চৰ্চা ।

শুকুৰবাৰৰ পৰা ৰায়পুৰত অনুষ্ঠিত হৈছে কংগ্ৰেছৰ ৮৫ সংখ্যক পূৰ্ণাংগ অধিৱেশন । শনিবাৰে এই অধিৱেশনৰ দ্বিতীয়া দিনা দলীয় নেতা-কৰ্মীসকলক সম্বোধন কৰে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে । ভাষণ প্ৰসংগত ৰাজনৈতিক ভৱিষ্যত সম্পৰ্কে ছোনিয়া গান্ধীয়ে কয় যে তেওঁ সুখী যে কংগ্ৰেছ দলৰ প্ৰাক্তন সভাপতি হিচাপে তেওঁৰ কাৰ্যকাল ভাৰত জোড়ো যাত্ৰাৰ সৈতে সমাপ্ত হৈছে । ছোনিয়া গান্ধীৰ এই মন্তব্যটো তেওঁৰ অৱসৰৰ সৈতে সংযুক্ত যেন অনুভৱ হৈছে (Sonia Gandhi hints at retirement from politics)।

ইফালে ছোনিয়া গান্ধীয়ে অনুষ্ঠানত মোডী চৰকাৰক তীব্ৰ সমালোচনাও কৰে (Sonia Gandhi slams BJP govt)। বিজেপিয়ে ঘৃণাৰ ভাব বিয়পাইছে লগতে সংখ্যালঘু, মহিলা, দলিত আৰু জনজাতীয় লোকসকলক লক্ষ্য কৰি লোৱা বুলি অভিযোগ কৰে ছোনিয়া গান্ধীয়ে । ছোনিয়া গান্ধীয়ে কংগ্ৰেছ কৰ্মীসকলক বৰ্তমানৰ শাসকীয় পক্ষৰ সৈতে দৃঢ়ভাৱে মোকাবিলা কৰিবলৈ আহ্বান জনায় ।

সন্মিলনত ভাষণ প্ৰদান কৰি ছোনিয়া গান্ধীয়ে উদ্যোগপতি গৌতম আদানিৰ ব্যৱসায়িক সাম্ৰাজ্য সম্পৰ্কীয় বিতৰ্কক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপৰত পোনপটীয়া আক্ৰমণ কৰে । ছোনিয়া গান্ধীয়ে অভিযোগ কৰা মতে চৰকাৰে এজন নিৰ্দিষ্ট ব্যৱসায়ী পক্ষত থাকি অৰ্থনীতি ধ্বংস কৰিবলৈ কাম কৰি আছে ।

  • Our victories in 2004&2009 along with the able leadership of Dr Manmohan Singh gave me personal satisfaction but what gratifies me most is that my innings could conclude with the Bharat Jodo Yatra, a turning point for Congress: Cong MP & UPA chairperson Sonia Gandhi in Raipur https://t.co/EPG2ByMUrf pic.twitter.com/irStn2XzPY

    — ANI MP/CG/Rajasthan (@ANI_MP_CG_RJ) February 25, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

কংগ্ৰেছ দলৰ উদ্দেশ্য সম্পৰ্কে তেওঁ কয় যে ই কেৱল এটা ৰাজনৈতিক দল নহয় । কংগ্ৰেছে সকলো ধৰ্ম, জাতি আৰু লিংগৰ লোকৰ কণ্ঠস্বৰ প্ৰতিফলিত কৰে আৰু দলটোৱে তেওঁলোকৰ সকলোৰে সপোন পূৰণ কৰিব (Sonia Gandhi address plenary session)। লগতে এই বিশেষ সময়ত প্ৰতিগৰাকী কৰ্মী আৰু দলৰ দেশৰ প্ৰতি বিশেষ দায়িত্ব আছে বুলিও তেওঁ উল্লেখ কৰে ।

ছোনিয়া গান্ধীয়ে লগতে কয় যে বৰ্তমান সময়ত কংগ্ৰেছ আৰু দেশৰ বাবে প্ৰত্যাহ্বানৰে ভৰা । ছোনিয়া গান্ধীয়ে অভিযোগ কৰে যে চৰকাৰৰ পদক্ষেপে সংবিধানত সন্নিবিষ্ট মূল্যবোধৰ প্ৰতি অৱজ্ঞাক দৰ্শাইছে আৰু বৰ্তমানৰ পৰিস্থিতিয়ে তেওঁক সেই সময়ৰ কথা মনত পেলাই দিয়ে যেতিয়া তেওঁ প্ৰথমবাৰ সংসদত প্ৰৱেশ কৰিছিল । সেয়েহে এনে শাসনৰ বিৰুদ্ধে কঠোৰভাৱে মোকাবিলা কৰাৰ লগতে জনসাধাৰণৰ ওচৰলৈ গৈ স্পষ্টতাৰে কংগ্ৰেছ দলৰ বাৰ্তা দিয়া উচিত বুলিও তেওঁ কৰ্মীসকলক আহ্বান জনায় ।

লগতে পঢ়ক :Congress plenary session: নিখিল কংগ্ৰেছৰ 85 সংখ্যক পূৰ্ণাংগ অধিৱেশনৰ আজি দ্বিতীয় দিন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.