ETV Bharat / bharat

Modi on Snake Remarks : শিৱৰ ডিঙিৰ শোভা সাপ, ইয়াৰ সৈতে তুলনা কৰাটো ভাল; কৰ্ণাটকত প্ৰধানমন্ত্ৰী মোডী - Kharges venomous snake comments on Modi

কোলাৰত এক নিৰ্বাচনী সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, কংগ্ৰেছ আৰু দলটোৰ নেতাসকলে তেওঁক সাপৰ সৈতে তুলনা কৰি ৰাইজৰ পৰা ভোট বিচাৰি আছে । "কিন্তু সাপ হৈছে ভগৱান শংকৰৰ (শিৱ) ডিঙিৰ অলংকাৰ আৰু মোৰ বাবে দেশৰ লোকসকল ভগৱানৰ ৰূপ, তেওঁলোক শিৱৰ ৰূপ ।" কংগ্ৰেছৰ সাপ মন্তব্যৰ প্ৰত্যুত্তৰত মোডীয়ে এনেদৰে কয় (PM Modi attack congress on snake remarks) ।

Modi on Snake Remarks
Modi on Snake Remarks
author img

By

Published : Apr 30, 2023, 8:41 PM IST

নিউজ ডেস্ক, ৩০ এপ্ৰিল : কংগ্ৰেছ সভাপতি এম মল্লিকাৰ্জুন খাৰ্গেৰ 'বিষাক্ত সাপ' মন্তব্যৰ তীৰ্যক মন্তব্য প্ৰধানমন্ত্ৰীৰ । নিৰ্বাচনী প্ৰচাৰৰ বাবে কৰ্ণাটকত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Prime Minister Narendra Modi) এক জনসভা সম্বোধন কৰি খাৰ্গেৰ সাপ মন্তব্যৰ যোগ্য প্ৰত্যত্তৰ দিয়ে মোডীয়ে (PM Modi on Congress snake remarks) । দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে, সাপ হৈছে ভগৱান শিৱৰ ডিঙিৰ আকৰ্ষণ আৰু তেওঁৰ বাবে দেশৰ লোকসকল 'ঈশ্বৰৰ ৰূপ' । সেয়ে তেওঁলোকে ডিঙিত থকা সাপৰ সৈতে তুলনা কৰা বাবে তেওঁ যথেষ্ট ভাল পাইছে (PM Modi in Karnataka) ।

কোলাৰত এখন ৰাজহুৱা সভাত ভাষণ দি মোডীয়ে কয় যে, কংগ্ৰেছ তথা দলটোৰ নেতাসকলে তেওঁক সাপৰ সৈতে তুলনা কৰি আছে আৰু ৰাইজৰ পৰা ভোট বিচাৰিছে । "কিন্তু সাপ হৈছে ভগৱান শংকৰৰ (শিৱ) ডিঙিৰ অলংকাৰ । মোৰ বাবে দেশৰ লোকসকল ভগৱানৰ ৰূপ । তেওঁলোক হৈছে শিৱৰ ৰূপ । গতিকে মানুহৰ ডিঙিত শোভা বঢ়োৱা সাপ হোৱাৰ বাবে মই অতি ভাল পাইছোঁ (PM Modi slams congress on snake remarks) ।"

"মই জানো যে সাধু আৰু সংস্কাৰৰ ভূমি কৰ্ণাটকৰ জনসাধাৰণে ভোটৰ জৰিয়তে কংগ্ৰেছৰ উৎপীড়নৰ উপযুক্ত প্ৰত্যুত্তৰ দিব । কংগ্ৰেছৰ বিৰুদ্ধে ৰাইজৰ খং ১০ মে'ত ভোটৰ জৰিয়তে প্ৰতিফলিত হ'ব ।" তেওঁ লগতে কয় ।

উল্লেখ্য যে, বৃহস্পতিবাৰে নিৰ্বাচনমুখী কৰ্ণাটকত এক প্ৰচাৰ সভাত ভাষণ দি খাৰ্গেয়ে মোডীক এডাল বিষাক্ত সাপৰ সৈতে তুলনা কৰিছিল (Mallikarjun Kharges venomous snake comments on Modi) । কিন্তু এই মন্তব্যৰ পিচতে সৃষ্টি হোৱা বিপুল প্ৰতিক্ৰিয়াৰ লগে লগে তেওঁ এই মন্তব্যৰ বাবে আত্মপক্ষ সমৰ্থন কৰিবলৈ বাধ্য হয় । তেওঁ কয় যে, তেওঁৰ উদ্দেশ্য কাৰো অনুভূতিক আঘাত কৰিবলৈ নাছিল । লগতে কয়, "বিবৃতিটো প্ৰধানমন্ত্ৰী মোডীৰ বাবে নহয়, কিন্তু তেওঁ প্ৰতিনিধিত্ব কৰা আদৰ্শৰ বাবেহে (Karnataka Assembly election 2023) ।"

আনহাতে, দুৰ্নীতিৰ বিষয়ত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, দলটো সদায় '৮৫ শতাংশ কমিছন'ৰ সৈতে জড়িত আছিল । লগতে ইয়াৰ 'শ্বাহী পৰিয়াল' (ৰাজপৰিয়াল) হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰীত জামিনত আছিল । "দেশখনে কংগ্ৰেছ আৰু ইয়াৰ 'শ্বাহী পৰিয়াল'ৰ ওপৰত বিশ্বাস হেৰুৱাই পেলোৱাৰ এটা কাৰণ আছে, কংগ্ৰেছৰ পৰিচয় সদায় ৮৫ শতাংশ কমিছনৰ সৈতে জড়িত হৈ আহিছে । কংগ্ৰেছৰ শাসনকালত দলটোৰ শীৰ্ষ নেতা আৰু তদানীন্তন প্ৰধানমন্ত্ৰীয়ে গৌৰৱেৰে কৈছিল যে যদি তেওঁ দিল্লীৰ পৰা এক টকা প্ৰেৰণ কৰে, তেন্তে ১৫ পইচা তেওঁলোকৰ (সৰ্বসাধাৰণ) ওচৰলৈ যায় । কংগ্ৰেছৰ হাতোৰাই দৰিদ্ৰ লোকৰ ৮৫ পইচা কাঢ়ি লৈছিল ।" প্ৰধানমন্ত্ৰী মোডীয়ে কয় ।

লগতে পঢ়ক :Amit Shah Slams Congress: ৭০ বছৰ ধৰি কংগ্ৰেছে ৰাম মন্দিৰ প্ৰসংগ ওলোমাই ৰাখিছিল; অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.