নিউজ ডেস্ক, 17 আগষ্ট: জম্মুৰ সুদ্ৰা অঞ্চলৰ এটা ঘৰত বুধবাৰে পুৱা ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় ছয়জন লোকৰ মৃতদেহ(Six people were found dead in a single house) ৷ এই ঘটনাৰ তথ্য লাভ কৰাৰ পাছতেই ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰে ৷ আনহাতে লোককেইজনৰ মৃতদেহ এনেদৰে ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
এয়া হত্যাকাণ্ড নে আত্মহত্যা বৰ্তমানলৈ জানিব পৰা হোৱা নাই ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে জম্মু আৰক্ষীয়ে ৷ আনহাতে মৃতদেহকেইটাৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে জম্মু চিকিৎসা মহাবিদ্যালয়লৈ(Jammu Medical College) প্ৰেৰণ কৰা হৈছে ৷ আৰক্ষীয়ে উদ্ধাৰ কৰা মৃতদেহকেইটা ক্ৰমে নুৰ উল হাবিব, ছাকিনা বেগম, চাজাদ আহমেদ, নাচিমা আখতাৰ, ৰুবিনা বানো আৰু জাফৰ চেলিম বুলি জানিব পৰা হৈছে ৷
অধিক তথ্যৰ বাবে অপেক্ষা কৰক...
লগতে পঢ়ক : কাশ্মীৰত সন্ত্ৰাসবাদীৰ গুলীত নিহত কাশ্মীৰী পণ্ডিত