ETV Bharat / bharat

মধ্য প্ৰদেশত ৪৮ ঘণ্টাত ৬ নৱজাতকৰ মৃত্যু, তদন্তৰ নিৰ্দেশ - মধ্য প্ৰদেশত ৪৮ ঘণ্টাত ৬ নৱজাতকৰ মৃত্যু

মধ্য প্ৰদেশৰ শ্বাহদল চৰকাৰী হাস্পতালত পুনৰ দুটা নৱজাতকৰ মৃত্যু । ৪৮ ঘণ্টাৰ ভিতৰত কৰুণ মৃত্যুক সাৱতিবলগীয়া হ'ল ৬ টাকৈ নৱজাতকে । ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে মুখ্য চিকিৎসা স্বাস্থ্য বিষয়াই ।

মধ্য প্ৰদেশত ৪৮ ঘণ্টাত ৬ নৱজাতকৰ মৃত্যু
মধ্য প্ৰদেশত ৪৮ ঘণ্টাত ৬ নৱজাতকৰ মৃত্যু
author img

By

Published : Nov 30, 2020, 7:40 PM IST

নেশ্যনেল ডেস্ক, ৩০ নৱেম্বৰ: ৪৮ ঘণ্টাত মধ্য প্ৰদেশৰ শ্বাহদল চৰকাৰী হাস্পতালত ৬ টাকৈ নৱজাতকৰ মৃত্যু হোৱাৰ পিছতে তদন্তৰ নিৰ্দেশ দিয়া হৈছে । দেওবাৰে ৫ টা দেৱশিশু মৃত্যু হোৱাৰ কথা পোহৰলৈ আহে । সোমবাৰে পুৱা পুনৰ এটি শিশুৰ মৃত্যু হয় । হাস্পতাল কৰ্তৃপক্ষৰ হেমাহিতে ৬ টাকৈ দেৱশিশুৰ প্ৰাণ যোৱাৰ অভিযোগ উত্থাপিত হৈছে আৰু হাস্পতালৰ পৰিচালক আৰু স্বাস্থ্য বিষয়াসকলে নানা প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হৈছে ।

দেওবাৰে মৃত্যু হোৱা নৱজাতকৰ পৰিয়ালে অভিযোগ তুলিছে যে, জন্মৰ পিছত চিকিৎসকে শিশুৰ উপযুক্ত চিকিৎসা কৰা নাছিল আৰু পৰিয়ালৰ লোকক সদ্যোজাত শিশুকেইটা চোৱাতো বাধা আৰোপ কৰিছিল । অৱশ্যে, হাস্পতাল কৰ্তৃপক্ষই কয় যে, শিশুকেইটাৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক আছিল । শ্বাহদলৰ মুখ্য চিকিৎসা স্বাস্থ্য বিষয়া ৰাজেশ পাণ্ডেই কয় যে, নৱজাতকৰ মৃত্যু সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়া হৈছে আৰু যদি হাস্পতাল কৰ্তৃপক্ষৰ গাফিলতিৰ প্ৰমাণ হয়, তেন্তে বিভাগীয় বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এখন তদন্ত কমিটীও গঠন কৰি দিয়া হৈছে ।

শিশুকেইটাক পিডিয়েত্ৰিক ইন্টেনছিভ কেয়াৰ ইউনিটত ভৰ্তি কৰোৱা হৈছিল । দেওবাৰে ছিক নিউবৰ্ণ কেয়াৰ ইউনিটত সদ্যোজাত শিশুকেইটাৰ মৃত্যু হয় । মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে জৰুৰীকালীন বৈঠক আহ্বান কৰি শীৰ্ষ স্বাস্থ্য বিষয়াৰে আলোচনা কৰে । আনহাতে, নৱজাতকৰ মৃত্যুক লৈ কংগ্ৰেছে হাস্পতালৰ বাহিৰত প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰে । চলিত বৰ্ষৰ জানুৱাৰীত শ্বাহদলত ৬টা আদিবাসী শিশুৰ মৃত্যু হৈছিল। তৎকালীন স্বাস্থ্যমন্ত্ৰী তুলসী চিলাৱটৰ নিৰ্দেশত মুখ্য চিকিৎসা স্বাস্থ্য বিষয়া আৰু ছাৰ্জনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।

লগতে পঢ়ক:ৰাজস্থানৰ বিজেপি বিধায়িকা কিৰণ মাহেশ্বৰীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.