ETV Bharat / bharat

Delhi Liquor Scam : মনীষ চিছোদিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি - AAP slams BJP on Liquor scam case

দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰীৰ জামিন আবেদন নাকচ । ইডিৰ গোচৰত তেওঁৰ ন্যায়িক জিম্মাৰ দিন বৃদ্ধি কৰিলে আদালতে (Court extends judicial custody of Sisodia)। আদালতে তেওঁৰ ন্যায়িক জিম্মা ২৩ মে'লৈ বৃদ্ধি কৰিছে ।

Delhi Liquor Scam
মনীষ চিছোদিয়াৰ ন্যায়িক জিম্মাৰ দিন বৃদ্ধি
author img

By

Published : May 8, 2023, 6:59 PM IST

নেশ্যনেল ডেস্ক,৮ মে': আদালতৰ মজিয়াত পুনৰ মুখ থেকেচা খালে দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই । ইডিৰ ধন আত্মসাৎ গোচৰত দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ ন্যায়িক জিম্মাৰ দিন বৃদ্ধি কৰিলে দিল্লীৰ এখন আদালতে (Court extends judicial custody of Sisodia)। আদালতে সোমবাৰে তেওঁৰ ন্যায়িক জিম্মা ২৩ মে'লৈ বৃদ্ধি কৰে । চিবিআইৰ বিশেষ ন্যায়াধীশ এম কে নাগপালে তেওঁৰ ন্যায়িক জিম্মা বৃদ্ধি কৰাৰ নিৰ্দেশ জাৰি কৰে ।

দিল্লী আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলৰ কঠোৰ নিৰাপত্তাৰ মাজেৰে চিছোদিয়াক আদালতত হাজিৰ কৰোৱা হয় (Manish Sisodia in court)। আবেলি প্ৰায় ২.২০ বজাত ন্যায়াধীশে আদালতৰ প্ৰক্ৰিয়া আৰম্ভ কৰে । সেই সময়ত চিছোদিয়াকো আদালতৰ ভিতৰত তেওঁৰ অধিবক্তাৰ সৈতে ১০ মিনিটৰ বাবে কথা পাতিবলৈ অনুমতি দিয়া হয় ।

চিছোদিয়াই তেওঁৰ পত্নীৰ অসুস্থতাৰ কথা উল্লেখ কৰি ইডি গোচৰত অন্তৱৰ্তীকালীন জামিন বিচাৰি দিল্লী উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছে (Sisodia moves Delhi HC seeking interim bail)। তাৰ ওপৰত আদালতে ইডিৰ পৰা সঁহাৰি বিচাৰিছে ।

ইয়াৰ পূৰ্বে পুৱা দিল্লীৰ আবকাৰী নীতি কেলেংকাৰীৰ আন এজন অভিযুক্ত শৰৎ চন্দ্ৰ ৰেড্ডীক উচ্চ ন্যায়ালয়ে নিয়মীয়া জামিন প্ৰদান কৰে । শনিবাৰে, একেটা গোচৰতে আন দুজন অভিযুক্ত গৌতম মালহোত্ৰা আৰু ৰাজেশ যোশীকো ৰাউজ এভিনিউ আদালতে জামিন প্ৰদান কৰে । চিবিআই গোচৰত চিছোদিয়া ১২ মে'লৈকে ন্যায়িক জিম্মাত আছে । আদালতৰ কোঠাৰ পৰা ওলাই অহাৰ সময়ত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত চিছোদিয়াই কয় যে দিল্লীৰ বিজেপিয়ে যিমানে চেষ্টা নকৰক পাটপাৰগঞ্জৰ কাম বন্ধ নহয় ।

ইয়াৰ মাজতে দিল্লীৰ শাসনাধিষ্ঠ আম আদমি পাৰ্টীয়ে দাবী কৰিছে যে বিজেপিয়ে মনীষ চিছোদিয়াক বদনাম কৰাৰ বাবে ক্ষমা বিচাৰিব লাগে কিয়নো ইডি আৰু চিবিআইয়ে তেওঁৰ বিৰুদ্ধে দুৰ্নীতিৰ কোনো প্ৰমাণ পোৱা নাই (AAP slams BJP on Liquor scam case)। দিল্লীৰ মন্ত্ৰী তথা আপ নেতা আতিশীয়ে দেওবাৰে কৈছিল যে বিজেপি নেতাসকলে এখন সংবাদমেল সম্বোধন কৰিব লাগে আৰু দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিব লাগে ।

লগতে পঢ়ক : Karnataka Election 2023 : কৰ্ণাটকত একমাত্ৰ কংগ্ৰেছে হ'ব বিকল্প ; ছলমান খুৰ্ছিদ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.