ETV Bharat / bharat

পথাৰত কাম কৰি সাধাৰণ জীৱন-যাপন কেন্দ্ৰীয় মন্ত্ৰীৰ পিতৃ-মাতৃৰ

‘মুৰুগানে মোডী চৰকাৰৰ মন্ত্ৰী হিচাপে স্থান পোৱা বুলি আমাক আমাক ফোনযোগে জনাইছিল ৷ আমি নাজানো ইয়াৰ অৰ্থ কি আৰু কি পদবীত মুৰুগান আছে ৷ কিন্তু আমি এইটো জানো ই এক ডাঙৰ প্ৰাপ্তি ৷ আমি ইয়াক লৈ সুখী আৰু গৰ্বিত’- এই ভাষ্য কেন্দ্ৰীয় মন্ত্ৰী এল মুৰুগানৰ মাতৃৰ ৷

author img

By

Published : Jul 21, 2021, 7:41 PM IST

Simplicity at its best: Union minister  L Murugan's parents toil all day long to make ends meet
সৰলতা: পথাৰত শ্ৰম কৰি জীৱন যাপন কেন্দ্ৰীয় মন্ত্ৰীৰ পিতৃ-মাতৃৰ

নেশ্যনেল ডেস্ক, 21 জুলাই : যেতিয়া তামিলনাডু বিজেপিৰ প্ৰাক্তন সভাপতি এল মুৰুগানে (L Murugan) নৰেন্দ্ৰ মোডীৰ চৰকাৰৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল, তেতিয়া তেওঁৰ পিতৃ লোগানাথন আৰু মাতৃ ভৰুডাম্মালে খেতিত কাম কৰি আছিল ৷ গাঁৱখনৰ ৰাজনৈতিকভাৱে সচেতন কিছুসংখ্যক লোকে যেতিয়া তেওঁলোকক এই খবৰ দিছিল, তেওঁলোকে কেৱল মিচিকিয়াই হাঁহিছিল ৷ মুৰুগানে এই বাতৰি দিয়াৰ বাবে যেতিয়া মাক-দেউতাকক যোগাযোগ কৰিছিল, তেওঁলোকে সাধাৰণভাৱে সুধিছিল "এইটো আগৰ পদবীটোতকৈ ডাঙৰ নেকি" ৷

মুৰুগান 2020 চনৰ মাৰ্চৰ পৰা চলিত বৰ্ষৰ 7 জুলাইলৈ তামিলনাডু বিজেপিৰ সভাপতি পদত অধিষ্ঠিত আছিল ৷ চলিত মাহত হোৱা মোডী কেবিনেটৰ সম্প্ৰসাৰণৰ সময়ত তেওঁক পশুপালন আৰু তথ্য আৰু প্ৰযুক্তি মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী হিচাপে দায়িত্ব অৰ্পণ কৰা হয় ৷ সন্তানে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিলেও মুৰুগানৰ পিতৃ-মাতৃয়ে অতি সাধাৰণভাৱে জীৱন যাপন কৰে ৷ তেওঁলোকে টিনৰ ঘৰত বাস কৰাৰ লগতে, দিন হাজিৰা কৰিবলৈ যায়, চাইকেলেৰে পথাৰলৈ যায় ৷

লগতে পঢ়ক- ৰাজহুৱাকৈ ক্ষমা নিবিচৰালৈকে নৱজ্যোত সিং সিদ্ধুক সাক্ষাৎ নকৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে

‘মুৰুগানে মোডী চৰকাৰৰ মন্ত্ৰী হিচাপে স্থান পোৱা বুলি আমাক আমাক ফোনযোগে জনাইছিল ৷ আমি নাজানো ইয়াৰ অৰ্থ কি আৰু কি পদবীত মুৰুগান আছে ৷ কিন্তু আমি এইটো জানো ই এক ডাঙৰ প্ৰাপ্তি ৷ আমি ইয়াক লৈ সুখী আৰু গৰ্বিত ৷

মুৰুগানে আমাক আৰু পথাৰলৈ যাব নালাগে বুলি কৈছে ৷ আমাক তাৰ সৈতে থাকিবলৈ মাতিছে ৷ আমি এই কথাত অমান্তি হ’ব নোৱাৰো ৷ গতিকে আমি প্ৰতি ছয়মাহত এবাৰ তাক দেখা কৰিবলৈ যাম ৷

কিন্তু চহৰৰ ভীৰ আৰু জাক-জমকতাৰ সৈতে আমি মিলিব নোৱাৰিম ৷ আমি চাৰিবেৰৰ মাজত আৱদ্ধ হৈ থাকিব নোৱাৰো" ৷ মৰুগানৰ মাতৃ ভৰুডাম্মালে এনেদৰে কয় ৷

যেতিয়া সাংবাদিকে ভৰুডাম্মালক সুধিছিল, পুত্ৰই সকলো সুবিধাৰ ব্যৱস্থা কৰিবলৈ সক্ষম হোৱাৰ পিছতো কিয় তেওঁলোকে ইমান কষ্ট কৰে ৷ ইয়াৰ উত্তৰত তেওঁ কৈছিল, ‘মুৰুগানে নিজৰ প্ৰতিভা আৰু কষ্টৰ বলত এই উচ্চতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ কিন্তু আমি আমাৰ হাত-ভৰি কাৰ্যক্ষম হৈ থকালৈকে নিজে কাম কৰি নিজৰ বাবে ভাত মুকলি কৰিব বিচাৰো' বুলি মাতৃয়ে কৈছিল ৷

লগতে চাওকঃ পেগাচাছক লৈ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষুব্ধ মমতা বেনাৰ্জী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.