ETV Bharat / bharat

শ্ৰীকৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহ মছজিদ গোচৰৰ শুনানি

author img

By

Published : Sep 13, 2022, 12:30 PM IST

মঙলবাৰে মথুৰা জিলা আদালতত শ্ৰীকৃষ্ণ জন্মভূমি আৰু শ্বাহী ইদগাহ মছজিদৰ বিতৰ্কিত ভূমি সম্পৰ্কে শুনানি গ্ৰহণ কৰা হ'ব (Krishna Janmabhoomi Shahi Idgah dispute)। ১৩.৩৭ একৰ ভূমিক লৈ আৰম্ভ হৈছিল বিতৰ্ক । উচ্চ ন্যায়ালয়ে নিম্ন আদালতক মন্দিৰৰ পক্ষই দাখিল কৰা আবেদনৰ শুনানি চাৰি মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে ।

krishna janmabhoomi
শ্ৰীকৃষ্ণ জন্মভূমি আৰু শ্বাহী ইদগাহ মছজিদ গোচৰৰ শুনানি

নেশ্যনেল ডেস্ক,১৩ ছেপ্টেম্বৰ : আদালতত মথুৰাৰ শ্ৰীকৃষ্ণ জন্মভূমি আৰু শ্বাহী ইদগাহ মছজিদক লৈ হোৱা বিতৰ্কক (Krishna Janmabhoomi Shahi Idgah controversy) লৈ মোকৰ্দমা চলি আছে । মঙলবাৰে এই বিতৰ্কক লৈ মথুৰা জিলা আদালতত শুনানি গ্ৰহণ কৰা হ'ব (Hearing on Krishna Janmabhoomi Shahi Idgah case)। আদালতৰ নিৰ্দেশনালৈ অপেক্ষা সকলোৰে ।

উল্লেখ্য যে বিতৰ্কৰ মাজত থকা ১৩.৩৭ একৰ ভূমিক লৈ মথুৰা আদালতত এখন আবেদন দাখিল কৰা হৈছিল । আনহাতে শ্ৰীকৃষ্ণৰ জন্মভূমিত থকা শ্বাহী ইদগাহ মছজিদৰ ভূমি দখলৰ বাবে মন্দিৰ পক্ষই আবেদন জনাইছিল ।

আবেদনকাৰীয়ে বিতৰ্কিত স্থানটোৰ ভিডিঅ'গ্ৰাফী আৰু ফটোগ্ৰাফীও বিচাৰিছিল । গোচৰটো নিম্ন আদালতত বিচাৰাধীন হৈ আছে । কিন্তু শুনানিত বিলম্ব হোৱাৰ বাবে, আবেদনকাৰী মনীষ যাদৱে উচ্চ ন্যায়ালয়লৈ যায় । মনীষে উচ্চ ন্যায়ালয়ত একেটা দাবী উত্থাপন কৰে । পিছত আদালতে নিম্ন আদালতৰ পৰা প্ৰতিবেদন বিচাৰে ।

গোচৰটো সন্দৰ্ভত ২৯ আগষ্টত উচ্চ ন্যায়ালয়ত শুনানি গ্ৰহণ কৰা হৈছিল । ইফালে আদালতে নিম্ন আদালতত মন্দিৰৰ পক্ষৰ দ্বাৰা দাখিল কৰা আবেদনৰ শুনানি চাৰি মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে ।

কোৱা হয় যে ঔৰংগজেবে শ্ৰীকৃষ্ণৰ জন্মস্থানত নিৰ্মিত প্ৰাচীন কেশৱনাথ মন্দিৰ ধ্বংস কৰিছিল আৰু ১৬৬৯-৭০ চনত একে ঠাইতে শ্বাহী ইদগাহ মছজিদ নিৰ্মাণ কৰিছিল । ১৭৭০ চনত গোবৰ্ধনত মোগল আৰু মাৰাঠাসকলৰ মাজত যুদ্ধ হয় । মাৰাঠাসকলে এই যুদ্ধত জয়ী হৈছিল । বিজয়ৰ পাছত, মাৰাঠাসকলে পুনৰ মন্দিৰটো নিৰ্মাণ কৰে ।

১৯৩৫ চনত, এলাহাবাদ উচ্চ ন্যায়ালয়ে বেনাৰসৰ ৰাজা কৃষ্ণ দাসক ১৩.৩৭ একৰ ভূমি আৱণ্টন কৰিছিল । ১৯৫১ চনত শ্ৰীকৃষ্ণ জন্মভূমি ন্যাসে সেই ভূমি অধিগ্ৰহণ কৰে ।

১৯৬৮ চনৰ ১২ অক্টোবৰত শ্ৰীকৃষ্ণ জন্মস্থান সেৱা সংস্থানে শ্বাহী মছজিদ ইদগাহ ন্যাসৰ সৈতে এক চুক্তি কৰে । চুক্তিখনত, মন্দিৰ আৰু মছজিদ দুয়োটাই ১৩.৩৭ একৰ ভূমিত থাকিব । সমগ্ৰ বিবাদটো এই ১৩.৩৭ একৰ ভূমিক লৈয়ে আছিল । এই ভূমিৰ ভিতৰত ১০.৯ একৰ শ্ৰীকৃষ্ণ জন্মস্থানৰ পক্ষত আৰু ২.৫ একৰ শ্বাহী ইদগাহ মছজিদৰ পক্ষত আছে ।

এই চুক্তিত, মছজিদ পক্ষই মন্দিৰৰ বাবে তেওঁলোকৰ কিছু অংশ এৰি দিছিল আৰু তাৰ বিনিময়ত মছজিদ পক্ষক তেওঁলোকৰ সমীপৰ কিছু ঠাই দিয়া হৈছিল । এতিয়া মন্দিৰ পক্ষই সমগ্ৰ ১৩.৩৭ একৰ ভূমি দখল কৰাৰ দাবী জনাইছে ।

লগতে পঢ়ক :বিজেপি চৰকাৰ গঠনৰ পিছৰে পৰা ত্ৰিপুৰাত উন্নতি হৈছে : মাণিক সাহা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.