ETV Bharat / bharat

এতিয়াৰ পৰা সহজসাধ্য হ’ল দাৰ্জিলিং হিমালয়ান ৰে’লৱেত দৃশ্যগ্ৰহণ

author img

By

Published : Jul 5, 2021, 9:31 PM IST

Updated : Jul 6, 2021, 4:57 PM IST

এখন চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ (Shooting)ৰ বাবে এতিয়াৰ পৰা হাহাকাৰ কৰিব নালাগে ছবি প্ৰযোজক অথবা উৎসাহী লোকসকলে ৷ ইতিমধ্যে অনলাইনযোগে দৃশ্যগ্ৰহণৰ বাবে উত্তৰ-পূৱ সীমান্ত ৰে'লৱে (North-East Frontier Railway)ই উলিয়াইছে এক বিশেষ ব্যৱস্থা ৷

shooting of films in darjeeling becomes easier
অনলাইনত উপলব্ধ চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ সুবিধা

নিউজ ডেস্ক, 5 জুলাই : চলচ্চিত্ৰ এখনৰ দৃশ্যগ্ৰহণ (Shooting)ৰ সময়ত ছবিখনৰ কলা-কুশলী তথা নিৰ্মাতাসকলে বিভিন্ন সমস্যা তথা অসুবিধাত পৰাতো স্বাভাৱিক ৷ কিন্তু এই সমস্যাকো নেওচি চলচ্চিত্ৰ অথবা তথ্যচিত্ৰৰ দৃশ্যগ্ৰহণ অব্যাহত ৰাখিছে ছবি নিৰ্মাতাসকলে ৷ এই সমস্যা সমাধানৰ বাবে আগবাঢ়ি আহিছে উত্তৰ-পূৱ সীমান্ত ৰে'লৱে (North-East Frontier Railway)ই ৷ এতিয়াৰ পৰা আৰু দৃশ্যগ্ৰহণৰ সময়ত পূৰ্বৰ সমস্যাৰ সন্মুখীন হ’ব নালাগে ছবি নিৰ্মাতাসকলে ৷ অনলাইনযোগে উপলব্ধ হৈ পৰিছে চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ সুবিধা ৷

উল্লেখ্য যে, চলচিত্ৰ আৰু তথ্যচিত্ৰৰ দৃশ্যগ্ৰহণৰ বাবে এক জনপ্ৰিয় স্থান হৈছে ‘দাৰ্জিলিং’ (Darjeeling) ৷ দাৰ্জিলিং হিমালয়ান ৰে’লৱে (Darjeeling Himalayan Railway)ৰ কিছুমান আটাইতকৈ মনোৰম স্থান হৈছে- বাটাছিয়া লপু, এগনী পইন্ট, ঘুম ষ্টেচন, দাৰ্জিলিং ষ্টেচন, চুকনা আৰু ৰংটং ষ্টেচনৰ মাজত অৱস্থিত মহানন্দা অভয়াৰণ্য ৷ এই অঞ্চলসমূহত চলচিত্ৰৰ দৃশ্যগ্ৰহণ কৰিবলৈ যাওতে বহু অসুবিধাৰ সন্মুখীন হয় প্ৰযোজক অথবা পৰিচালকসকল ৷ এখন ছবিৰ দৃশ্যগ্ৰহণৰ বাবে কেতিয়াবা দুই-তিনিবাৰলৈকে দৃশ্যগ্ৰহণথলীলৈ অহা-যোৱা কৰিবলগীয়া পৰিস্থিতিৰ সন্মুখীন হয় ছবি নিৰ্মাতাসকল ৷ যাৰ ফলস্বৰূপে ছবিখনত ব্যয় হোৱা ধনকে ধৰি কেতিয়াবা ছবিখনৰ দৃশ্যগ্ৰহণৰ সময়-সূচীও সাল-সলনি কৰিবলগীয়া হোৱাত বহু সমস্যা আহি পৰে ৷

এই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত সোমবাৰে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য জন সম্পৰ্কৰক্ষী বিষয়া শুভানন চন্দে ৰে'লৱেৰ ৱেবছাইটত প্ৰযোজক তথা উৎসাহীৰ লোকৰ বাবে এটা লিংক প্ৰদান কৰিছে ৷ লিংকটো হৈছে https://nfr.indiarailways.Gov.in/ ৷

ওপৰত উল্লেখিত দাৰ্জিলিঙৰ বিভিন্ন স্থানত ইতিমধ্যে 25 খনতকৈ অধিক বলীউড চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ কৰা হৈছে ৷ ঠাইসমূহত ইতিমধ্যে দৃশ্যগ্ৰহণ কৰা কেইখনমান জনপ্ৰিয় চলচ্চিত্ৰ হৈছে ‘জব প্যাৰ কিচি চে হোতা হে’ (1961), ‘চাইনা টাউন’ (1962), ‘আৰাধনা’ (1969), ‘ৰাজু বন গয়া জেন্টলমেন’ (1992), ‘পৰিণীতা’ (2005), ‘বৰফি’ (2012) আৰু ‘জাগ্গা জাসুচ’ (2017) ৷ শেহতীয়াকৈ চলিত বৰ্ষৰ জানুৱাৰী মাহতো মাদাৰ টেৰেচাৰ ওপৰত এখন তথ্যচিত্ৰৰ দৃশ্যগ্ৰহণ শিলিগুৰি জংচনৰ পৰা কাৰ্ছিয়াঙলৈ ট্ৰয়-ট্ৰেইন এখনত কৰা হৈছিল ৷

মানৱ জীৱনৰ মনোৰঞ্জনধৰ্মী অনুষ্ঠানসমূহৰ মাজত চিনেমা অথবা বোলছবিৰো আছে এক উল্লেখযোগ্য অৱদান ৷ সেয়েহে দৰ্শকক আকৰ্ষিত কৰি এক সুন্দৰ পৰিবেশ উপভোগ কৰাবলৈ এই ছবিসমূহৰ দৃশ্যগ্ৰহণ কৰা হয় বিভিন্ন প্ৰাকৃতিক দৃশ্যাৱলী, যেনে- নদ-নদী, পাহাৰ-ভৈয়ামকে আদি কৰি ঐতিহ্য বহন কৰা কীৰ্তিচিহ্নসমূহ ৷ কিন্তু ছবি দৃশ্য গ্ৰহণৰ সময়তো বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় ছবি প্ৰযোজকসকল ৷ কলকতা, হায়দৰাবাদ, চেন্নাই, মুুম্বাই আদি বিভিন্ন স্থানত থকা ছবি নিৰ্মাণস্থলীত ছবিৰ দৃশ্যগ্ৰহণ কৰা হয় যদিও আউটড’ৰৰ শ্বুটিংৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাৰ লগতে ভৰিব লগা হয় মোটা অংকৰ ধন ৷

ছবি নিৰ্মাণৰ এনে সমস্যাৰ মাজতে ছবি নিৰ্মাতা সকলৰ বাবে উত্তৰ-পূৱ সীমান্ত ৰে'লৱে লৈ আহিছে এটা ভাল খবৰ ৷ ছবি প্ৰযোজক অথবা উৎসাহী ব্যক্তিয়ে যদি ‘ট্ৰয়-ট্ৰেইন’ অথবা দাৰ্জিলিং হিমালয়ান ৰে’লৱেৰ ৰে’ল চৌহদ ব্যৱহাৰ কৰি চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ কৰিবলৈ ইচ্ছুক হয়, তেন্তে তেওঁলোকে সোঁ-শৰীৰে নহাকৈয়ে অনলাইনযোগে উক্ত ৱেবছাইটৰ জৰিয়তে আবেদন কৰিব পাৰিব ৷ এই ৱেৱছাইডত ডাচব’ৰ্ড (Dashboard)লৈ গৈ প্ৰয়োজনীয় নথি-পত্ৰৰ স্কেন কৰা প্ৰতিলিপি আপলোড (Upload) কৰিব পাৰিব ৷

ইফালে ছবি নিৰ্মাতাসকলে দৃশ্যগ্ৰহণৰ নামত দিবলগীয়া আগধনসমূহো অনলাইনযোগে জমা কৰিব পাৰিব ৷ ইয়াৰ জৰিয়তে পূৰ্বৰ তুলনাত ছবি প্ৰযোজকসকলে সময় আৰু অৰ্থকে আদি কৰি শাৰীৰিক কষ্টৰ পৰাও ৰেহাই পাব পাৰিব ৷ গতিকে এতিয়াৰে পৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ দাৰ্জিলিঙত চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ কৰিবলৈ হাবাথুৰি খোৱাৰ আৰু প্ৰয়োজন নাই ৷ দৃশ্যগ্ৰহণৰ ক্ষেত্ৰত ছবি নিৰ্মাতাসকলে গুৱাহাটী বা দাৰ্জিলিঙলৈ গৈ অনুমতি লোৱাৰ বিপৰীতে উক্ত বেৱচাইটযোগে অনলাইনযোগে পোনপটীয়াকৈ অনুমতি লাভ কৰিব পাৰিব ৷

লগতে পঢ়ক: নতুন চৰকাৰৰ দুমাহ নহওঁতেই দুই মন্ত্ৰীৰ বিৰুদ্ধে পদত্যাগৰ দাবী

Last Updated : Jul 6, 2021, 4:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.