ETV Bharat / bharat

বৰ্ষাকালীন অধিৱেশনৰ সময়তে সংসদৰ বাহিৰত আকালি দলৰ প্ৰতিবাদ - নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰ

সংসদৰ বৰ্ষাকালীন অধিৱেশন(Monsoon session)ৰ প্ৰথম দিনটোতে অৰ্থাৎ সোমবাৰে সংসদৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰিলে শিৰোমণি আকালি দল(Shiromani Akali Dal)ৰ নেতৃত্বই । কেন্দ্ৰই প্ৰণয়ন কৰা কৃষি আইন(FARM BILL)ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে দলটোৱে । এই ক্ষেত্ৰত বিৰোধী দলকো নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনালে শিৰোমণি আকালি দলৰ সভাপতি সুখবীৰ সিং বাদলে ।

Shiromani Akali Dal staged a protest against the Centre's farm laws outside Parliament
সংসদৰ বাহিৰত প্ৰতিবাদ শিৰোমণি আকালি দলৰ নেতৃত্বৰ
author img

By

Published : Jul 19, 2021, 7:33 PM IST

নেশ্যনেল ডেস্ক, ১৯ জুলাই : ২০২০ বৰ্ষৰ ২৬ নৱেম্বৰৰ পৰাই কেন্দ্ৰই প্ৰণয়ন কৰা তিনিখন কৃষি আইন(FARM BILL)ৰ বিৰুদ্ধে দিল্লী সীমান্তত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে কৃষকসকলে । কেইবাটাও পৰ্যায়ত বৈঠক অনুষ্ঠিত কৰাৰ পাছতো কৃষি আইনক লৈ সৃষ্টি হোৱা সমস্যাৰ সমাধানসূত্ৰ উলিয়াব পৰা নাই কেন্দ্ৰই । এতিয়াও দিল্লী সীমান্ততে অক্লান্তভাৱে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে কৃষকে । আনহাতে, বিৰোধী দলেও প্ৰতিবাদী কৃষকৰ প্ৰতি সমৰ্থন আগবঢ়াই কেন্দ্ৰীয় চৰকাৰক কৃষি আইন বাতিলৰ দাবী জনাই অহাই আহিছে ।

সোমবাৰে সংসদৰ বৰ্ষাকালীন অধিৱেশন(Monsoon session)ৰ প্ৰথম দিনটোতো একেটা প্ৰসংগই হ'ল । সোমবাৰে বৰ্ষাকালীন অধিৱেশন চলি থকা সময়তে সংসদৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰিলে শিৰোমণি আকালি দল(Shiromani Akali Dal)ৰ নেতৃত্বই । প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ শিৰোমণি আকালি দলৰ সভাপতি সুখবীৰ সিং বাদলে(Sukhbir Singh Badal) কয় যে, কৃষকসকলে এই ক'লা আইন বাতিল কৰাটো বিচাৰে । আকালি দলে সেয়ে অধিৱেশন স্থগিতৰ জাননী জাৰি কৰিছিল বুলিও তেওঁ জানিবলৈ দিয়ে ।

লগতে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে আকালি দলৰ সৈতে লগ হৈ বিৰোধী দলকো প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনালে সুখবীৰ সিং বাদলে । শিৰোমণি আকালি দলৰ নেতা আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী হৰসিম্ৰত কৌৰ বাদলে কয় যে, দলটোৱে কেন্দ্ৰীয় চৰকাৰক নতুন কৃষি আইন বাতিল কৰিবলৈ দাবী জনাব । কৃষকৰ অধিকাৰৰ বাবে সংসদৰ মজিয়াত কেন্দ্ৰক দাবী জনাব লাগিব বুলিও তেওঁ মন্তব্য কৰে ।

তেওঁ লগতে কয় যে, ৫০০ জনৰো অধিক কৃষকে আত্মহননৰ পথ বাছি লৈছে । সেয়ে দলটোৱে কৃষি আইন বতিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাব বুলি তেওঁ স্পষ্ট কৰি দিয়ে । উল্লেখ্য যে, সংসদৰ অধিৱেশন অহা ১৩ আগষ্টলৈকে চলিব । কংগ্ৰেছৰ সাংসদ মণিষ তিৱাৰী আৰু আম আদমী পাৰ্টীৰ সাংসদ ভগৱন্ত সিং মানে লোকসভাত চলিত কৃষকৰ প্ৰতিবাদৰ বিষয়ে আলোচনা কৰাৰ বাবে সভা স্থগিত ৰখাৰ প্ৰস্তাৱ উত্থাপন কৰিছিল ।

ইফালে, ৰাজ্যসভাৰ কেইবাজনো সদস্যই সভা স্থগিত ৰাখি কৃষকসকলৰ প্ৰতিবাদ সন্দৰ্ভত আলোচনা কৰিবলৈ জাননী প্ৰদান কৰিছে । চি পি আই(এম)ৰ সাংসদ এলামাৰাম কৰিম আৰু ড০ ভি শিৱদাসনে নিয়ম ২৬৭ ৰ অধীনত সভা স্থগিতৰ জাননী প্ৰদান কৰিছে আৰু ৰাজ্যসভাত কৃষকসকলৰ প্ৰতিবাদৰ বিষয়ে আলোচনা কৰাৰ বাবে দাবী জনাইছে । উল্লেখ্য যে, কৃষকসকলে "ফাৰ্মাৰ্ছ ট্ৰেড এণ্ড কমাৰ্চ(প্ৰম'ছন এণ্ড ফেচিলিটিজ) আইন ২০২০, এগ্ৰীমেণ্ট অন প্ৰাইচ এছুৰেন্স এণ্ড ফাৰ্ম ছাৰ্ভিচ আইন ২০২০ আৰু দ্য এছেনচিয়েল ক'ম'ডিটিজ আইন ২০২০ বাতিলৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰি আছে ।

লগতে পঢ়ক:আগৰ বা সাঁচিগছৰ খেতিৰ বাবে ত্ৰিপুৰাক পৰ্যাপ্ত সহায় কৰিব কেন্দ্ৰীয় চৰকাৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.