নেশ্বনেল, 5 অক্টোবৰ : ৭ অক্টোবৰৰ পৰা দৰ্শনৰ বাবে মুকলি থাকিব শিৰডিৰ সাই মন্দিৰ ৷ মহাৰাষ্ট্ৰ চৰকাৰে ৭ অক্টোবৰৰ পৰা সকলো ধৰ্মীয় স্থান মুকলি কৰাৰ নিৰ্দেশ দিছে । সেই অনুসৰি, প্ৰতিদিনে শ্ৰী সাই বাবা সমাধি মন্দিৰত ১৫,০০০ সাই ভক্তক দৰ্শনৰ সুবিধা প্ৰদান কৰা হ'ব । প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যবাহী বিষয়া ভাগ্যশ্ৰী বানায়েতে কয় যে, 10 বছৰৰ তলৰ শিশু, গৰ্ভৱতী মহিলা, 65 বছৰৰ অধিক বয়সৰ ব্যক্তি আৰু ৰুগীয়া ব্যক্তিৰ লগতে মাস্ক পৰিধান নকৰা ভক্তসকলক মন্দিৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ'ব ।
মন কৰিব লগীয়া যে, যোৱা 5 এপ্ৰিলৰ পৰা বন্ধ হৈ আছিল শিৰডিৰ সাই মন্দিৰ ৷ সম্প্ৰতি চৰকাৰে ধৰ্মীয় স্থান সমূহ মুকলি কৰি দিয়া অনুসৰি, ককাদ আৰতিৰ পিছত ৭ অক্টোবৰত দৰ্শনৰ বাবে সমাধি মন্দিৰ মুকলি কৰা হ'ব । পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈ মন্দিৰ খোলা থাকিব ।
দিনটোত, মুঠ 15,000 ভক্তক মন্দিৰ দৰ্শনৰ বাবে অনুমতি প্ৰদান কৰা হ'ব । ইয়াৰ ভিতৰত 10,000 অনলাইন পাছ (5,000 পেইড আৰু 5,000 বিনামূলীয়া) থাকিব । প্ৰতি ঘণ্টাত ১,১৫০ জন চাই ভক্তক মন্দিৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হ'ব । চাই ভক্তসকলে দৰ্শনৰ বাবে online.sai.org.in যোগে অনলাইন পাছ সমূহ বুক কৰিব লাগিব ।
প্ৰতিষ্ঠানটোৰ চাই আশ্ৰম 1, সাই বাবা ভক্ত নিৱাস্থন (500 কোঠা), ডাৰ্কাৱতী ভক্ত নিৱাস্থন, শ্ৰীৰাম পাৰ্কিং, চাই কমপ্লেক্স আৰু শিৰডি বাছ ষ্টেণ্ডত পুৱা 5 বজাৰ পৰা নিশা 10 বজালৈ দৰ্শন পাছ প্ৰদান কৰা হ'ব । লগতে, প্ৰতিটো আৰতিৰ বাবে, মুঠ 80 জন সাই ভক্তক আৰতিৰ বাবে ভৰ্তি কৰা হ'ব ।
প্ৰতিটো আৰতিত শিৰডি গাওঁবাসীক ১০ টা পাছ দিয়া হ'ব । 20 টা আৰতি পাছ অনলাইনত দিয়া হ'ব, গুৰুত্বপূৰ্ণ আৰু অতি গুৰুত্বপূৰ্ণ গণ্যমান্য ব্যক্তি আৰু দাতা সকলক 50 টা আৰতি পাছ দিয়া হ'ব । ইয়াৰ বাহিৰেও, মন্দিৰত ফুল, মালা আৰু অন্যান্য উপাসনা সামগ্ৰী কঢ়িয়াই নিয়াটো বন্ধ কৰা হৈছে ৷
লগতে পঢ়ক : উত্তৰ প্ৰদেশৰ লখিমপুৰ কাণ্ডৰ বিৰুদ্ধে বৰপেটাত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ