ETV Bharat / bharat

Shimla Shiv Temple Landslide: আপোনজনৰ অপেক্ষাত চিমলাৰ শিৱবাৰী ভূমিস্খলনৰ ভুক্তভোগীৰ পৰিয়াল

author img

By

Published : Aug 16, 2023, 9:17 PM IST

চিমলাৰ শিৱবাৰী মন্দিৰত সংঘটিত শিহৰণকাৰী ভূমিস্খলনৰ ঘটনাৰ কথা সোঁৱৰি এতিয়া অশ্ৰুসিক্ত দিন অতিবাহিত কৰিছে ভুক্তভোগী পৰিয়ালে ৷ আপোনজনৰ অপেক্ষাত উজাগৰী ৰজনী কটাইছে বহু পৰিয়ালে ৷ চৰকাৰ তথা প্ৰশাসনক তেওঁলোকৰ এটা অনুৰোধ- "জীৱিত বা মৃত, কিন্তু লাগে নিজৰ আপোনজনক" ৷

Shimla landslide in Shiv temple
আপোনজনৰ অপেক্ষাত চিমলাৰ শিৱবাৰী ভূমিস্খলনৰ ভুক্তভোগীৰ পৰিয়াল

নিউজ ডেস্ক, ১৬ আগষ্ট: হিমালচ প্ৰদেশৰ ৰাজধানী চিমলাৰ শিৱবাৰী মন্দিৰত সোমবাৰে হোৱা ভয়ংকৰ ভূমিস্খলনত প্ৰাণ হেৰুৱা ১৩ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে যদিও আনকেইবাজনো ধ্বংসস্তূপৰ মাজত আৱদ্ধ হৈ আছে । তেওঁলোকৰ সন্ধানত প্ৰশাসনৰ লোকে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷ এই ঘটনাই কেইবাটাও পৰিয়াললৈ কাল অমানিশা নমাই আনিছে ৷ ভুক্তভোগীসকলৰ মাজত সুনীতা শৰ্মাৰ পৰিয়ালটোও অন্যতম ।

এই ভূমিস্খলনত সুনীতা শৰ্মাৰ পৰিয়ালৰ তিনিটা প্ৰজন্মৰ সাতজন সদস্য জীৱিত অৱস্থাত সমাধিস্থ হৈছিল । শিৱ মন্দিৰ ভাঙি পৰাৰ সময়ত তিনিটা শিশুসহ পৰিয়ালটোৰ সাতজন সদস্য মন্দিৰৰ ভিতৰত আছিল । এই সাতজন লোকৰ ভিতৰত ৫জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । আন দুজনৰ সন্ধানত প্ৰশাসনৰ লোকে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷

ইফালে সুনীতা শৰ্মাৰ পৰিয়ালৰ মৃতদেহ উদ্ধাৰ হোৱা কেইজন ক্ৰমে পৱন শৰ্মা, পত্নী সন্তোষ, পুত্ৰ অমন, বোৱাৰী অৰ্চনা আৰু তিনি নাতিনী । ইফালে আপোনজনক হেৰুৱাই এতিয়া শোকত সম্পূৰ্ণৰূপে ম্ৰিয়মান সুনীতা শৰ্মা ৷ সুনীতাই কয়, মোৰ একমাত্ৰ অনুৰোধ মোৰ পৰিয়ালৰ লোকক বিচাৰি আমাৰ ওচৰলৈ আনক ৷ আমি তেওঁলোকক জীৱিত বা মৃত অৱস্থাত গ্ৰহণ কৰিম । তেওঁ আৰু কয়, আমি যোৱা তিনিদিন ধৰি আমাৰ আপোনজনৰ বাবে অপেক্ষা কৰি আছো ।

ইফালে এই ঘটনাৰ আন এগৰাকী ভুক্তভোগী সুনেধীয়ে কান্দি কান্দি অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে ভায়েকৰ বাবে ৷ আপোনজনক মনত পেলাই সুনেধীৰ নয়নেৰে এতিয়া মাত্ৰ বৈছে অশ্ৰু ৷ সুনেধীয়ে কয়, আমি নাজানো ঈশ্বৰে এয়া আমাৰ লগত কি কৰিলে? এই দুৰ্ঘটনাত মোৰ ভাইটি নিৰুদ্দেশ হৈছে । চৰকাৰ তথা প্ৰশাসনে এনে স্থান নিৰাপদ কৰি তোলাৰ প্ৰয়োজন বুলিও তেওঁ কয় । এই অঞ্চলসমূহৰ বাবে এনে ব্যৱস্থা কৰিব লাগে, যাতে বানপানী হ’লে পানী তৎক্ষণাত হ্ৰাস পায় । একে সময়তে তেওঁৰ চুবুৰীয়া মেহৰ সিং এইচ ভাৰ্মাই কয়, আগদিনা তেওঁ একেটা পৰিয়ালৰ চাৰিজন সদস্যৰ শেষকৃত্য কৰিছিল ।

লগতে পঢ়ক: Landslide at Shimla Shiv temple: ৮ জনৰ মৃতদেহ উদ্ধাৰ, ২০ জন লোকক আৱদ্ধ হৈ থকাৰ আশংকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.