ETV Bharat / bharat

ৱাছিম ৰিজৱিক গ্ৰেপ্তাৰৰ দাবীৰে অমিত শ্বাহলৈ পত্ৰ ছিয়া পৰিষদৰ

ছিয়া চেন্ট্ৰেল ৱাকফ ব'ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ ৱাছিম ৰিজৱিক গ্ৰেপ্তাৰৰ দাবী সৰ্ব ভাৰতীয় ছিয়া পৰিষদৰ । ৰিজৱিক "দেশৰ একতা আৰু অখণ্ডতাৰ শত্ৰু" আখ্যা দি তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাই পৰিষদে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহলৈ এখন পত্ৰ প্ৰেৰণ কৰে ।

author img

By

Published : Mar 19, 2021, 7:16 PM IST

ৱাছিম ৰিজৱিক গ্ৰেপ্তাৰৰ দাবীৰে অমিত শ্বাহলৈ পত্ৰ ছিয়া পৰিষদৰ
ৱাছিম ৰিজৱিক গ্ৰেপ্তাৰৰ দাবীৰে অমিত শ্বাহলৈ পত্ৰ ছিয়া পৰিষদৰ

নেশ্যনেল ডেস্ক, ১৯ মাৰ্চ: সৰ্ব ভাৰতীয় ছিয়া পৰিষদৰ ৰোষত পৰিল ছিয়া চেন্ট্ৰেল ৱাকফ ব'ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ ৱাছিম ৰিজৱি । ছিয়া পৰিষদে তেওঁৰ বিৰুদ্ধে দেশৰ একতা ভংগ কৰাৰ অভিযোগ উত্থাপন কৰিছে । লগতে ৰিজৱি মুছলমান নহয় বুলিও গুৰুতৰ অভিযোগ তুলিছে সৰ্ব ভাৰতীয় ছিয়া পৰিষদে । ৱাছিম ৰিজৱিৰ গ্ৰেপ্তাৰৰ দাবী জনাই বৃহস্পতিবাৰে পৰিষদে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহলৈ এখন পত্ৰ প্ৰেৰণ কৰে ।

সৰ্ব ভাৰতীয় ছিয়া পৰিষদে আহ্বান কৰা বৈঠকত ৰিজৱিক "দেশৰ একতা আৰু অখণ্ডতাৰ শত্ৰু" আখ্যা দিয়ে পৰিষদৰ সদস্যসকলে । ছিয়া মুছলমান আৰু ধৰ্মীয় নেতাসকলৰ অভিযোগ মতে, ৰিজৱিয়ে কোৰাণৰ দৰে পৱিত্ৰ গ্ৰন্থক অপমান কৰিছে । সেয়ে তেওঁক মুছলমান সম্প্ৰদায়ৰ লোক বুলি গণ্য কৰিব নোৱাৰি আৰু তেওঁ কৰা কামক মুছলমানৰ কাম নহয় বুলি তেওঁলোকে মন্তব্য কৰে ।

দিল্লীৰ ছিয়া জামা মছজিদৰ বিৰুদ্ধে ৱাছিম ৰিজৱিয়ে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ বিৰুদ্ধে সাব্যস্ত কৰা প্ৰতিবাদ সন্দৰ্ভত মৌলানা মাকছুদ কাছামীয়ে কয় যে, ৱাছিম ৰিজৱিয়ে কোৰাণৰ পৰা ২৬ টা শ্লোক আঁতৰ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছে । এই আবেদন অগ্ৰাহ্য কৰা হ'ব আৰু জৰিমনা বিহা হ'ব বুলি তেওঁ মন্তব্য কৰে । তেওঁ কয় যে, কোনো ধৰ্মীয় গ্ৰন্থ অথবা বেদ-পুৰাণত কোনো পৰিৱৰ্তন কৰিব নোৱাৰি ।

ৱাছিম ৰিজৱিৰ বিৰুদ্ধে ধৰ্মীয় গ্ৰন্থক অপমান কৰাৰ অভিযোগ কৰি ছিয়া ধৰ্মগুৰুসকলে কয় যে, তেওঁ দেশৰ কোটি কোটি মুছলমান লোকৰ অনুভূতিক আঘাত কৰিছে আৰু তাৎক্ষণিক প্ৰভাৱ প্ৰয়োগেৰে ৰিজৱিক গ্ৰেপ্তাৰ কৰিব লাগে ।

লগতে পঢ়ক:পশ্চিমবংগ নিৰ্বাচনঃ পাৰ্থ চেটাৰ্জীৰ বিৰুদ্ধে যুঁজ দিব শ্ৰাৱন্তী চেটাৰ্জীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.