ETV Bharat / bharat

Sherlyn Chopra on Rakhi Sawant: ৰাখী সাৱন্তক শীঘ্ৰেই কাৰাগাৰলৈ প্ৰেৰণৰ দাবী শ্বেৰলিনৰ - Mumbai police detains actress Rakhi Sawant

ৰাখী সাৱন্তক ৰাজু কুন্দ্ৰা আৰু চাজিদ খানৰ পোহনীয়া কুকুৰ আখ্যা শ্বেৰলিন চোপ্ৰাৰ ৷ ৰাখীক 14 দিনলৈ আৰক্ষীৰ জিম্মাত অথবা কাৰাগাৰলৈ প্ৰেৰণ কৰিবলৈ দাবী শ্বেৰলিনৰ (Sherlyn Chopra commented on Rakhi Sawant)৷

Sherlyn Chopra on Rakhi Sawant
ৰাখী সাৱন্তক 14 দিনৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ !
author img

By

Published : Jan 20, 2023, 1:24 PM IST

নেশ্যেনল ডেস্ক, 20 জানুৱাৰী : "যেতিয়াই মই চাজিদ খান আৰু ৰাজ কুন্দ্ৰাৰ দৰে নিৰ্যাতনকাৰীৰ বিৰুদ্ধে মাত মাতো... ৰাখী সাৱন্তে তেওঁলোকৰ পোহনীয়া কুকুৰৰ দৰে মাজত কিয় মাত মাতিবলৈ আহে আৰু সেই অভিযুক্তসকলক বচাবলৈ যথাসাধ্য চেষ্টা কৰে..."শ্বেৰলিন চোপ্ৰাই আম্বোলি আৰক্ষী থানাৰ বাহিৰত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰোতে এই মন্তব্য প্ৰকাশ কৰে (Sherlyn Chopra commented on Rakhi Sawant)৷

বৃহস্পতিবাৰে শ্বেৰলিন চোপ্ৰাই ৰুজু কৰা এটা গোচৰৰ ভিত্তিত আম্বোলি আৰক্ষীয়ে ড্ৰামা কুইন ৰাখী সাৱন্তক গ্ৰেপ্তাৰ কৰিছিল(Mumbai police detains actress Rakhi Sawant) । ৰাখীক গ্ৰেপ্তাৰৰ পাছত শ্বেৰলিনে নিজেই টুইট কৰি এই তথ্য প্ৰকাশ কৰে । শ্বেৰলিনে অভিযোগ কৰা অনুসৰি, ৰাখীয়ে মোৰ আপত্তিজনক ভিডিঅ' ভাইৰেল কৰিছিল ৷ ৰাখীয়ে মোৰ বিবাহিত জীৱনৰ বিষয়েও অশ্লীল শব্দৰে গালি গালাজ পাৰাৰ লগতে আপত্তিজনক কথা শ্বেয়াৰ কৰিছিল (Rakhi Sawant arrested) ৷ আম্বোলি আৰক্ষীয়ে 833/2022 এজাহাৰৰ ভিত্তিত ৰাখী সাৱন্তক গ্ৰেপ্তাৰ কৰিছে(Rakhi Sawant arrested) ।

বুধবাৰে ৰাখী সাৱন্তৰ এবিএ 1870/2022 মুম্বাই সত্ৰ আদালতে নাকচ কৰিছিল । শ্বেৰলিনে ৰাখী সাৱন্তৰ বিৰুদ্ধে 2022 চনৰ 8 নৱেম্বৰত গোচৰ ৰুজু কৰিছিল ৷ ইয়াৰোপৰি শ্বেৰ্লিন চোপ্ৰাই ৰাখী সাৱন্তৰ বিষয়ে কয় যে ৰাখীক দণ্ডাধীশ আদালতলৈ লৈ যোৱা হ'ব। মই বিচাৰো ৰাখীক ১৪ দিনৰ বাবে আৰক্ষীৰ জিম্মা বা কাৰাগাৰত ৰখা হ'ব।

আনহাতে ভগ্নী ৰাখীক গ্ৰেপ্তাৰ কৰাৰ পিছত ভাতৃ ৰাকেশ সাৱন্তে খঙত অগ্নিশৰ্মা হৈ পৰে ৷ তেওঁ শ্বেৰলিনৰ বিষয়ে স্পষ্টকৈ কৈছে যে ৰাখীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ অধিকাৰ নাই শ্বেৰলিনৰ ৷ ইয়াৰ লগতে ৰাখী সাৱন্তৰ ভাতৃ ৰাকেশ সাৱন্তে কয়, 'আৰক্ষীয়ে বান্ধি দিয়া সময়ত আৰক্ষী থানালৈ যাব নোৱাৰাৰ বাবে ৰাখীক গ্ৰেপ্তাৰ কৰা হৈছে । ৰাখীৰ ভাতৃয়ে আৰু কয়, "এইটো শ্বেৰলিন আৰু ৰাখীৰ মাজত কেইবাটাও ব্যক্তিগত বিষয় আছিল, সেই বিষয়বোৰক লৈ দুয়োৰে মাজত বিবাদ আছে ৷ হয়তো ৰাখীক আৰক্ষীয়ে তলৱ কৰিছিল, কিন্তু তেওঁৰ মাতৃৰ স্বাস্থ্য বেয়া হোৱাৰ বাবে তেওঁ যাব নোৱাৰিলে ।"

উল্লেখ্য যে, ৰাকেশ সাৱন্ত বৰ্তমান তেওঁৰ অসুস্থ মাতৃৰ লগত আছিল । ৰাকেশে ৰাখীৰ সৈতে পৰিয়াল, অধিবক্তা আৰু তেওঁৰ স্বামী আদিল খান আছে বুলি জানিবলৈ দিয়ে । ৰাকেশে লগতে ভগ্নী ৰাখীক 'মহাৰাষ্ট্ৰৰ জান' বুলি অভিহিত কৰে । শ্বেৰলিনৰ সন্দৰ্ভত ৰাকেশে কয়, 'শ্বেৰলিন, আপুনি বাহিৰৰ পৰা আহিছে, ইয়াত আপোনাৰ জন্ম নেকি ? আমাৰ সমান আপোনাৰ সামৰ্থ আছেনে ? উদ্যোগটোলৈ আহিবলগীয়া নৱপ্ৰজন্মৰ ওপৰত ইয়াৰ কি প্ৰভাৱ পৰিব ? ৰাখী সাৱন্তক কিয় গ্ৰেপ্তাৰ কৰা হৈছিল ?

ইফালে ৰাখী শ্বাৱন্তে এই সন্দৰ্ভত কয় যে "মই এনে লোকসকলৰ পৰা মোৰ ভাতৃদ্বয়ক বচাবলৈ অনুৰোধ কৰিছো ৷ শ্বেৰলিন চোপ্ৰাই মোৰ ভাতৃৰ ওপৰত ভুৱা বদনাম দি তেওঁলোকক কলংকিত কৰিছে ৷ মহিলাগৰাকীৰ অভিযোগত কিমান সত্যতা আছে প্ৰথমে সেইটোহে বিচাৰ্য বিষয় ৷ "

লগতে পঢ়ক: Mumbai police detains actress Rakhi Sawant: ড্ৰামা কুইন ৰাখী সাৱন্তক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.