ETV Bharat / bharat

আৰিয়ান খান ক্ৰুজ ড্ৰাগছ গোচৰত প্ৰধানমন্ত্ৰীক লক্ষ্য শত্ৰুঘ্ন সিনহাৰ

author img

By

Published : Oct 13, 2021, 1:57 PM IST

আৰিয়ান খান(Aryan Khan)ক সমৰ্থন বলীউডৰ প্ৰসিদ্ধ অভিনেতা তথা ৰাজনৈতিক নেতা শত্ৰুঘ্ন সিনহা(Shatrughan Sinha)ৰ ৷ বৰ্তমান আৰিয়ানৰ পিতৃ কিং খান শ্বাহৰুখ খানক ছবিজগতৰ যথেষ্ট সমৰ্থনৰ প্ৰয়োজন ৷ কিন্তু গোডী মিডিয়া(Godi Media)ৰ বাবে কোনেও সমৰ্থনৰ বাবে আগবাঢ়ি আহিবলৈ সাহস কৰা নাই বুলি এক সাক্ষাৎকাৰযোগে মন্তব্য কৰে অভিনেতাগৰাকীয়ে ৷

Shatrughan Sinha target on PM Modi on Aryan Khan Cruise Drug Case
আৰিয়ান খান ক্ৰুজ ড্ৰাগছ গোচৰত প্ৰধানমন্ত্ৰীক লক্ষ্য শত্ৰুঘ্ন সিনহাৰ

চিটাৰা ডেস্ক, 13 অক্টোবৰ : মুম্বাইৰ ক্ৰুজ ড্ৰাগছ গোচৰ(Cruise Drug Case)ত আটক হোৱা অভিনেতা শ্বাহৰুখ খান(Shah Rukh Khan)ৰ পুত্ৰ আৰিয়ান খান(Aryan Khan)ক সমৰ্থন দিছে বলীউডৰ প্ৰসিদ্ধ অভিনেতা তথা ৰাজনৈতিক নেতা শত্ৰুঘ্ন সিনহা(Shatrughan Sinha)ই ৷

আৰিয়ানক সমৰ্থন কৰি শত্ৰুঘ্ন সিনহাই ছ’চিয়েল মিডিয়াযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(PM Modi)ক সমালোচনা কৰা দেখা গৈছে ৷ লগতে বৰ্তমান আৰিয়ানৰ পিতৃ চুপাৰষ্টাৰ শ্বাহৰুখ খানক ছবিজগতৰ যথেষ্ট সমৰ্থনৰ প্ৰয়োজন ৷ তেওঁ কয় যে, আৰিয়ানৰ পিতৃ শ্বাহৰুখ খানক সহায় কৰাৰ এয়াই উপযুক্ত সময় ৷

কিন্তু গোডী মিডিয়া(Godi Media)ৰ বাবে কোনেও সমৰ্থনৰ বাবে আগবাঢ়ি আহিবলৈ সাহস কৰিব পৰা নাই ৷ ছবি জগতখন ভয়াতুৰ মানুহেৰে ভৰি থকা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে অভিনেতা শত্ৰুঘ্ন সিনহাই ৷ আৰিয়ানৰ ধৰ্মৰ ভিত্তিত আটক কৰা হৈছে নেকি বুলি কৰা প্ৰশ্নৰ উত্তৰত অভিনেতা শত্ৰুঘ্ন সিনহাই কয় যে, এয়া সঠিব বুলি ক’ব নোৱাৰি ৷

লগতে তেওঁ কয় যে, কিছুসংখ্যকে এনেকুৱা ধৰণৰ কথা কোৱাও শুনা গৈছে ৷ এনেধৰণৰ কথা কোৱাতো একেবাৰে অনুচিত ৷ কিয়নো আৰিয়ানো এজন ভাৰতীয় ৷ আৰিয়ান শ্বাহৰুখৰ পুত্ৰ হোৱাৰ বাবে তেওঁক লক্ষ্য কৰি লোৱা হৈছে ৷ এক ইংৰাজী পৰ্টেলযোগে হোৱা সাক্ষাৎকাৰত অভিনেতাগৰাকীয়ে কয় যে, আৰিয়ানৰ সৈতে আটক হোৱা মুনমুন ধমেচা আৰু আৰবাজ মাৰ্শ্বেণ্টৰ কথা কিন্তু কোনেও বু-বু-বা-বা কৰা নাই ৷

ইয়াৰ পূৰ্বেও বিগত বৰ্ষত দীপিকা পাডুকন(Deepika Padukone)ক এনেদৰে লক্ষ্য কৰি লোৱা হৈছিল ৷ দীপিকাৰ লগতে অন্য বহু লোককো ড্ৰাগছ সন্দৰ্ভত সোচ-পোছ কৰা হৈছিল যদিও দীপিকাৰ কথা অধিক পৰিমাণে চৰ্চা হৈছিল বুলি অভিনেতাগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

আনহাতে, নাৰ্কোটিকছ ব্যুৰ’(NCB)ৰ ভূমিকা সন্দৰ্ভত শত্ৰুঘ্ন সিনহাই কয় যে, আৰিয়ান খানৰ পৰা কোনো আপত্তিজনক সামগ্ৰী জব্দ কৰা হোৱা নাই ৷ এন চি বিয়ে আৰিয়ানৰ ওচৰত কোনো ড্ৰাগছ জব্দ কৰা নাই ৷ যদিও শাস্তিৰ পৰিমাণ এবছৰতকৈও অধিক হয়, কিন্তু এই ঘটনাটোত এনেকুৱা নহ’ব ৷

উল্লেখ্য যে, বুধবাৰে মুম্বাইৰ সত্ৰ ন্যায়াধীশৰ আদালতে আৰিয়ান খানৰ জামিন সন্দৰ্ভত শুনানি দিয়াৰ সম্ভাৱনা আছে ৷ ইয়াৰ পূৰ্বৰ দিনটোলৈকে আদালতে এন চি বিক সন্তোষজনক উত্তৰ দাখিল কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল ৷ এন চি বিয়ে আদালতত সন্তোষজনক উত্তৰ দাখিল কৰাৰ পাচতে আদালতে আৰিয়ানৰ জামিনক লৈ শুনানি গ্ৰহণ কৰিব ৷

লগতে পঢ়ক : আৰিয়ান খানৰ গ্ৰেপ্তাৰ সন্দৰ্ভত বিশাল দদলানিৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.