ETV Bharat / bharat

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ভূমিকাক লৈ অসন্তুষ্ট ভাৰত; দ্ৰুত সংস্কাৰৰ আহ্বান

author img

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 2:19 PM IST

ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰুচিৰা কম্বোজে নিৰাপত্তা পৰিষদৰ সদস্যপদ বৃদ্ধি আৰু ন্যায়সঙ্গত প্ৰতিনিধিত্বৰ প্ৰশ্নত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ বাৰ্ষিক পূৰ্ণাংগ সভাত ভাষণ প্ৰদান কৰে । তেওঁ দৃঢ়তাৰে কয় যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ বিষয়টো এক গুৰুত্বপূৰ্ণ আৰু তাৎক্ষণিক অগ্ৰাধিকাৰ হিচাপে চিনাক্ত কৰা হৈছে । কিন্তু ৰাষ্ট্ৰসংঘৰ উচ্চ স্তৰত আমাৰ কোনো মাত নাই ।

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ভূমিকাক লৈ অসন্তুষ্ট ভাৰত
India on UNSC

নিউজ ডেস্ক, ১৭ নৱেম্বৰ : গ্লোবেল ছাউথৰ দেশসমূহৰ সৈতে সম্পৰ্কিত মূল বিষয়বোৰৰ ওপৰত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে কোনো উল্লেখযোগ্য ভূমিকা গ্ৰহণ নকৰাৰ অভিযোগ উত্তাপন কৰিছে ভাৰতে । আনহাতে, সাম্প্ৰতিক সময়ৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ উচ্চ স্তৰত গ্লোবেল ছাউথৰ দেশমূহৰ বিষয়ত কোনো মাত নমতাৰো অভিযোগ তুলি ভাৰতে এই দেশবোৰৰ পক্ষত থকাৰ কথা উল্লেখ কৰে । কিয়নো এই দেশবোৰে বিশ্বজুৰি যি সংকটৰ প্ৰসাৰ ঘটিছে তাক মোকাবিলা কৰিবলৈ এক প্ৰতিনিধি হিচাপে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দি তাত যোগদান কৰিছে ।

আনহাতে, ভাৰতে ৰাষ্ট্ৰসংঘৰ ব্যৱস্থাৱলীৰ কেইবাটাও দিশত জৰুৰীভাৱে সংস্কাৰৰ প্ৰয়োজনৰ কথাও উল্লেখ কৰে । ইয়াৰ ভিতৰত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰক এক গুৰুত্বপূৰ্ণ আৰু তাৎক্ষণিক অগ্ৰাধিকাৰ হিচাপে চিনাক্ত কৰা হৈছে বুলি প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰাষ্ট্ৰদূত ৰুচিৰা কম্বোজে । "উক্ত সামূহিক আহ্বান সত্ত্বেও এতিয়ালৈকে আমি কোনো ফলাফল পোৱা নাই কিয় ?" কম্বোজে লগতে প্ৰশ্ন কৰে ।

নিৰাপত্তা পৰিষদৰ সদস্যপদ সমান আৰু বৃদ্ধি কৰাৰ প্ৰশ্নত বৃহস্পতিবাৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ বাৰ্ষিক পূৰ্ণাংগ সভাত ভাষণ দি কম্বোজে কয়, "গ্লোবেল ছাউথৰ সদস্য হিচাপে আমি ইয়াৰ সামূহিক ক্ষোভৰ অংশীদাৰ যে গ্লোবেল ছাউথৰ মূল উদ্বেগৰ বিষয়বোৰত উচ্চ স্তৰত আমি কোনো মাত মাতিব পৰা নাই ।"

তেওঁ উল্লেখ কৰে যে ১৬৪ খন সদস্য ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ ওপৰত আলোচনাৰ ভিত্তি হিচাপে কাম কৰিবলৈ এক দৃঢ় পদক্ষেপৰ আহ্বান জনাইছে । লগতে দেশকেইখনে এই কথাত গুৰুত্ব আৰোপ কৰে যে নিৰাপত্তা পৰিষদৰ সংস্কাৰত আৰু যিকোনো প্ৰকাৰৰ বিলম্বই ইয়াৰ প্ৰতিনিধিত্বমূলক ঘাটি বৃদ্ধি কৰিব । বৈধতা আৰু কাৰ্যকাৰিতা দুয়োটাৰ বাবে অপৰিহাৰ্য প্ৰতিনিধিত্বই সকলোতে প্ৰাথমিকতা হিচাপে দেখা দিয়ে বুলি কম্বোজে কয় ।

উল্লেখ্য যে বৰ্তমান ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাঁচখন স্থায়ী সদস্য আৰু ১০ খন অস্থায়ী সদস্য দেশ আছে । এই দেশবোৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ দ্বাৰা দুবছৰীয়া কাৰ্যকালৰ বাবে নিৰ্বাচিত হয় । পাঁচখন স্থায়ী সদস্য দেশ হৈছে ৰাছিয়া, ব্ৰিটেইন, চীন, ফ্ৰান্স আৰু আমেৰিকা । আনহাতে, এই দেশবোৰে যিকোনো প্ৰস্তাৱত ভেটো দিব পাৰে । কম্বোজে উদ্বেগ ব্যক্ত কৰে যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ ওপৰত আন্তঃচৰকাৰী আলোচনা আৰম্ভ হোৱাৰ ১৫ বছৰৰ পিছতো সদস্য ৰাষ্ট্ৰসমূহৰ মাজত কোনো আলোচনা হোৱা নাই । ই কেৱল বিবৃতি বিনিময় আৰু কথা-বতৰাতে সীমাবদ্ধ হৈ আছে ।

"কোনো মীমাংসামূলক সিদ্ধান্ত নাই । কোনো সময়সীমা নাই । আৰু কোনো নিৰ্ধাৰিত অন্তিম লক্ষ্য নাই । আমি প্ৰতিবছৰে বিবৃতি দিওঁ আৰু ড্ৰয়িং বোৰ্ডলৈ উভতি যাওঁ ।" কম্বোজে কয় । তদুপৰি, তেওঁ কয় যে সহমতৰ যুক্তিটো ইয়াক অস্বীকাৰ কৰাসকলৰ দ্বাৰা হেঁচা দি ৰখা হয় । আমি সিদ্ধান্ত ভিত্তিক আলোচনা আৰম্ভ কৰাৰ পূৰ্বে সকলোৱে সকলো বিষয়ত একমত হ'ব লাগিব বুলিও কম্বোজে কয় ।

লগতে পঢ়ক: UNGA on Israel Hamas conflict : ৰাষ্ট্ৰসংঘত ইজৰাইল হামাছ যুদ্ধবিৰতিৰ প্ৰস্তাৱ; সাধাৰণ পৰিষদত ভোটদানৰ পৰা বিৰত ভাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.