নেশ্যনেল ডেস্ক,১৩ এপ্ৰিল: সোমবাৰে মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত অস্ত্ৰোপচাৰ সম্পন্ন হোৱা এনচিপি প্ৰধান শৰদ পাৱাৰ ক্ৰমান্বয়ে সুস্থ হৈ উঠিছে । মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে মঙলবাৰে জনাইছে যে, শৰদ পাৱাৰক দুদিনৰ ভিতৰত চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ অনুমতি দিয়া হ'ব । অজিত পাৱাৰ আৰু পত্নীয়ে ব্ৰীচ কেণ্ডি হাস্পতালত পাৱাৰক সাক্ষাৎ কৰি তেওঁৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ লয় । তেওঁ কয় যে, অস্ত্ৰোপচাৰৰ পিছত শৰদ পাৱাৰ আৰোগ্য হৈছে । তেওঁক দুদিনৰ ভিতৰত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হ'ব ।
এনচিপি নেতা আৰু ৰাজ্যিক মন্ত্ৰী নৱাব মালিকে কয় যে, সোমবাৰে ৮০ বছৰীয়া পাৱাৰৰ পিত্তথলীৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছে । লেপাৰ'স্ক'পিৰ জৰিয়তে অস্ত্ৰোপচাৰ কৰা হৈছে ।
লগতে পঢ়ক: লোক আদালত অধিক শক্তিশালী হোৱাৰ প্ৰয়োজন