নেশ্যনেল ডেস্ক, 14 জুলাই : চৰ্চাত তাজমহল নিৰ্মাণৰ পুৰণি অধ্যায় ৷ শ্বাহজাহানে প্ৰেমৰ প্ৰতীক তাজমহল নিৰ্মাণৰ বাবে কোনো নিবিদা প্ৰস্তুত কৰা নাছিল ৷ এক বিবৃতিযোগে বিধানসভাৰ শীতকালীন অধিৱেশনৰ সময়ত বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ তাজমহল সন্দৰ্ভত এই মন্তব্য কৰে গোৱাৰ কলা আৰু সংস্কৃতি মন্ত্ৰী গোবিন্দ গৌড়ে (Art and Culture Minister Govind Gowde)৷
উল্লেখ্য যে, ৰাজধানী পানাজীত কলা অকাডেমি ভৱনৰ নবীকৰণৰ বাবে 49 কোটি টকা ধাৰ্য কৰা হৈছে ৷ যাৰ ওপৰত গোৱাৰ ফৰৱাৰ্ড পাৰ্টিৰ বিধায়ক বিজয় সৰদেসাইয়ে (MLA Vijay Sardesai) জানিব বিচাৰিছিল যে, কলা অকাডেমী ভৱনটোৰ (Kala Akademi Bhawan) নবীকৰণৰ নামত আৱণ্টন ধন সন্দৰ্ভত কলা আৰু সংস্কৃতি বিভাগৰ কিছু প্ৰতিক্ৰিয়া ৷
তেতিয়াই শ্বাহজাহানে তাজমহল নিৰ্মাণ কৰা সন্দৰ্ভত এক অদ্ভূত মন্তব্য কৰে গোৱাৰ কলা আৰু সংস্কৃতি মন্ত্ৰী গোবিন্দ গৌড়ে(Goa Minister on Tajmahal) ৷
লগতে পঢ়ক : Communal Harmony in Kolkata: তালা পাৰ্কৰ এটা শিৱ মন্দিৰ য’ত আজিও অটুট সম্প্ৰিতিৰ বান্ধোন
গোৱা বিধানসভাৰ শীতকালীন অধিৱেশনৰ (Monsoon session of Goa Legislative Assembly) প্ৰশ্নকালত গোৱা ফৰৱাৰ্ড পাৰ্টিৰ (Goa Forward Party চমুকৈ GPF) বিধায়ক বিজয় সৰদেসাই কলা অকাডেমি ভৱনৰ নবীকৰণৰ বাবে 49 কোটি টকাৰ ৱৰ্ক অৰ্ডাৰ আৱণ্টন কৰিছিল ৷ যাৰ ওপৰত উত্থাপন কৰা হৈছিল ভিন্ন প্ৰশ্ন ৷ যি আজি সৰ্বত্ৰে চৰ্চাৰ কাৰণ হৈ পৰিছে ৷
নিজৰ বিভাগৰ কাৰ্যকলাপ সন্দৰ্ভত গোবিন্দ গৌড়াই তাজমহল আৰু শ্বাহজাহানৰ উদাহৰণ দি কয়, "তাজমহল সদায়ে ধুনীয়া ৷ কিয়নো শ্বাহজাহানে ইয়াক আগ্ৰাত নিৰ্মাণ কৰিবলৈ কোনো নিবিদা প্ৰস্তুত কৰা নাছিল’’ ৷ লগতে কয় যে, তেওঁৰ সহকৰ্মীসকলে নিশ্চয় আগ্ৰাৰ তাজমহল দেখিছে ।
যাৰ নিৰ্মাণ 1632 চনত আৰম্ভ হৈছিল আৰু ইয়াৰ কাম 1653 চনত সম্পূৰ্ণ হৈছিল ৷ কিন্তু ইমান পুৰণি এই তাজমহল আজিও অতিশয় ধুনীয়া তথা চকুত লগা হৈয়ে আছে’’ ৷ গোবিন্দ গৌড়াই আৰু কয় যে, তাজমহলটো 390 বছৰৰ পৰা একেদৰে ধুনীয়া হৈ আছে ৷ তাত কোনো পৰিৱৰ্তন হোৱা নাই ৷ কিয়নো শ্বাহজাহানে তাজমহল নিৰ্মাণৰ সময়ত ইয়াৰ বাবে কাৰোৰে পৰা নিবিদা বিচৰা নাছিল (Shah Jahan did not invite quotation to build Taj mahal) ।
লগতে পঢ়ক : HIV patients increasing in Tripura: ত্ৰিপুৰাৰ নিচামুক্তি কেন্দ্ৰত HIV ৰোগীৰ সংখ্যা বৃদ্ধি