ETV Bharat / bharat

latest accident news : ৰে’লৱে ট্ৰেকত বাছ বাগৰি 4 জনৰ মৃত্যু, আহত কেইবাজনো - ৰাজস্থানত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা

শোকাৱহ দুৰ্ঘটনাত বৰ্তমানলৈ মৃত্যু 4 জনৰ ৷ 28 জন আহত ৷ আহত লোকক চিকিৎসালয়লৈ লৈ যোৱা হৈছে ৷ মৃত লোকসকলৰ চিনাক্তকৰণৰ প্ৰক্ৰিয়া আৰম্ভ ৷ ৰাজস্থানত সংঘটিত হৈছে এই দুৰ্ঘটনাটো ৷

latest accident news
শোকাৱহ দুৰ্ঘটনাত বৰ্তমানলৈ মৃত্যু 4 জনৰ
author img

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 7:26 AM IST

Updated : Nov 6, 2023, 3:03 PM IST

নেশ্যনেল ডেস্ক, 6 নৱেম্বৰ: দেওবাৰৰ মাজনিশা সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা ৷ ৰাজস্থানত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাটোৰ ফলত থিতাতে মৃত্যু ঘটে 4 জন লোকৰ ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বাছখনত প্ৰায় 30 জন যাত্ৰী যাত্ৰা কৰি আছিল বুলি জানিব পৰা গৈছে । ৰাজস্থানৰ জিলা সদৰ চহৰ দৌছাৰ কালেক্টৰেট চাৰ্কলৰ সমীপত ৰেলপথত নিয়ন্ত্ৰণ হেৰুৱাই বাছখন বাগৰি পৰে বুলি প্ৰাথমিকভাৱে জানিব পৰা গৈছে । দেওবাৰৰ মাজনিশা সংঘটিত হয় এই দুৰ্ঘটনাটো ৷

প্ৰায় 28 জন আহত লোকক চিকিৎসালয়লৈ নিয়াৰ বিপৰীতে চাৰিজনৰ ইতিমধ্যে মৃত্যু ঘটিছে বুলি জানিব পৰা গৈছে । দৌছা কলেক্টৰেট চাৰ্কলৰ সমীপত ৰেলপথত এখন বাছে নিয়ন্ত্ৰণ হেৰুৱাই গতি পথ সলোৱাৰ ফলত 4 জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় 24 জন আহত হয় । আহত আটাইকেইজনক চিকিৎসালয়লৈ লৈ যোৱা হৈছে । দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে স্থানীয় কৰ্তৃপক্ষ ঘটনাস্থলীত উপস্থিত হয় । বাহনখন 30 ফুট তললৈ বাগৰি পৰে বুলি জানিব পৰা গৈছে ৷ আহতসকলক ততাতৈয়াকৈ আৰক্ষীৰ সহায়ত দৌছা জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

বাছখনে গতি পথ সলোৱাৰ তাৎক্ষণিক কাৰণ জানিব পৰা হোৱা নাই । জিলা বিষয়াসকলৰ উদ্যোগত আৰম্ভ উদ্ধাৰ অভিযান । দুৰ্ঘটনাটোৰ আহতসকলক চিকিৎসা প্ৰদান কৰা হৈছে । ৰাজস্থানৰ মহকুমাধিপতি ৰাজকুমাৰ কাছৱাই জনোৱা মতে, ঘটনাৰ তদন্তৰ বাবে ঘটনাস্থলীত এছডিএম প্ৰেৰণ কৰা হৈছে । মৃত লোকসকলৰ চিনাক্তকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বিষয়াসকলে ।

লগতে পঢ়ক: Road accident in Assam: বকলীয়াঘাটত যাত্ৰীবাহী বাছ খাৱৈত বাগৰি মহিলাৰ মৃত্যু; আহত ১২

Last Updated : Nov 6, 2023, 3:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.