ETV Bharat / bharat

Road Collision: বিয়া খাবলৈ গৈ প্ৰাণ হেৰুৱালে 11 গৰাকী লোকে

চত্তীশগড়ৰ বালোদ জিলাৰ 30 নং ৰাষ্ট্ৰীয় ঘাইপথত এখন বলেৰ’ বাহন আৰু দ্ৰুতবেগী ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয় (Road Accident in Chattishgarh) ৷ এই দুৰ্ঘটনাটোত এতিয়ালৈ 11 গৰাকী লোকৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে (11 killed one injured Bolero Truck collision balod) ৷

author img

By

Published : May 4, 2023, 7:39 PM IST

10-people-died-in-a-horrific-road-accident-in-balod-district-of-chhattisgarh
বিয়া খাবলৈ গৈ প্ৰাণ হেৰুৱালে 11 গৰাকী লোকে

নিউজ ডেস্ক, 4 মে’: বুধবাৰে নিশা চত্তীশগড়ৰ বালোদ জিলাৰ 30 নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে (Road Accident in Chattishgarh) ৷ নিশা প্ৰায় 9.30 বজাত বিবাহ অনুষ্ঠানত ভাগ ল’বলৈ গৈ থকা এখন বলেৰ’ বাহন আৰু দ্ৰুতবেগী ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয় ৷ এই দুৰ্ঘটনাটোত থিতাতে একেটা পৰিয়ালৰ 5 গৰাকী মহিলাসহ দুটা শিশু নিহত হয় (11 killed one injured Bolero Truck collision balod) ৷

আনহাতে, ক্ষতিগ্ৰস্ত বাহনখনৰ পৰা জীৱিত অৱস্থাত উদ্ধাৰ কৰা এজনী কিশোৰীক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত চিকিৎসাধীন অৱস্থাত চিকিৎসালয়তে মৃত্যুবৰণ কৰে কিশোৰীগৰাকীয়ে (Accident Balod Bolero Truck head on collision) ৷ ইফালে এই ঘটনা সংঘটিত কৰিয়েই ট্ৰাক চালকজনে বাহনখন এৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কয় যে, মৃত লোককেইজন একেটা পৰিয়ালৰ আছিল ৷ তেওঁলোক জিধামতাৰী জিলাৰ চোৰেম গাঁৱৰ বাসিন্দা আছিল ৷ পৰিয়ালটো কাংকাৰৰ মাৰ্কাটোলাত হোৱা এখন বিয়াত ভাগ ল’বলৈ গৈ আছিল ৷ আৰক্ষীয়ে মৃত লোককেইজনৰ পৰিচয় জানিবলৈ চেষ্টা কৰি আছে যদিও এতিয়াও জানিবলৈ পৰা নাই ৷

আৰক্ষীয়ে লগতে কয় যে, এই দুৰ্ঘটনাত ট্ৰাকখনৰ খুন্দাত সম্পূৰ্ণৰূপে ভাঙি চূৰমাৰ হৈ গৈছিল বলেৰ’খন ৷ সম্প্ৰতি আৰক্ষীয়ে মৃতদেহ কেইটা উদ্ধাৰ কৰি স্থানী চৰকাৰী চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷

  • अभी अभी सूचना मिली है कि बालोद के पुरूर और चारमा के बीच बालोदगहन के पास शादी कार्यक्रम में जा रही बोलेरो और ट्रक के बीच भिड़ंत में 10 लोगों की मृत्यु हो गई है एवं एक बच्ची की स्थिति गंभीर है।

    ईश्वर दुर्घटना में दिवंगत आत्माओं को शांति एवं उनके परिवारजनों को हिम्मत दे। घायल बच्ची…

    — Bhupesh Baghel (@bhupeshbaghel) May 3, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

এই দুৰ্ঘটনাৰ খবৰ প্ৰচাৰ হোৱাৰ পিচতে চত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে সামাজিক মাধ্যমযোগে এক পোষ্ট কৰি উল্লেখ কৰে (Chhattsigarh CM offers condolence) যে, ‘‘এইমাত্ৰ খবৰ পোৱা গৈছে যে বালোদৰ পুৰুৰ আৰু চাৰমাৰ মাজত এখন বলেৰ’ আৰু এখন ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষত 10 জন লোকৰ মৃত্যু হৈছে আৰু এগৰাকী কিশোৰীৰ অৱস্থা সংকটজনক । ঈশ্বৰে বিদেহী আত্মাসকলক শান্তি দিয়ক আৰু তেওঁলোকৰ পৰিয়ালক সাহস দিয়ক। মই আঘাতপ্ৰাপ্ত ছোৱালীজনীৰ আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো ৷’’

  • बालोद जिले के पुरूर और चारमा के बीच बालोदगहन के पास शादी कार्यक्रम में जा रही बोलेरो और ट्रक के बीच भिड़ंत में 10 लोगों की मृत्यु हो गई है एवं एक बच्ची की स्थिति गंभीर है। मुख्यमन्त्री श्री @bhupeshbaghel ने इस बेहद दुखद दुर्घटना में दिवंगत आत्माओं को श्रद्धांजलि देते हुए घायल…

    — CMO Chhattisgarh (@ChhattisgarhCMO) May 3, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

বালোদৰ আৰক্ষী অধীক্ষক জীতেন্দ্ৰ কুমাৰ যাদৱে (SP Jitendra Kumar Yadav)কয় যে, আঘাতপ্ৰাপ্ত শিশুটোক চিকিৎসকৰ পৰামৰ্শ অনুসৰি উন্নত চিকিৎসাৰ বাবে ৰায়পুৰলৈ প্ৰেৰণ কৰা হৈছে । পলাতক ট্ৰাক চালকজনক বিচাৰি উলিওৱাৰ বাবে অনুসন্ধান অব্যাহত আছে ৷

লগতে পঢ়ক : Kharge over Manipur violence : বিজেপিৰ ঘৃণা আৰু বিভাজনৰ ৰাজনীতি দায়ী; মণিপুৰৰ হিংসা সন্দৰ্ভত খাৰ্গে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.