ETV Bharat / bharat

Blanket Distribution Ceremony : বিজেপিৰ কম্বল আনিবলৈ গৈ প্ৰাণ গ'ল 3 গৰাকীৰ

author img

By

Published : Dec 15, 2022, 9:37 AM IST

পশ্চিমবংগৰ আছানছোলত অঘটন ৷ বিজেপিৰ কম্বল বিতৰণ অনুষ্ঠানত গচকত দুগৰাকী মহিলাসহ এগৰাকী কিশোৰী নিহত হোৱাৰ লগতে কেইবাজনো আহত হৈছে (Blanket Distribution Ceremony in Asansol)৷

Several died in Suvendu Adhikaris programme in Asansol
Blanket Distribution Ceremony : বিজেপিৰ কম্বল বিতৰণ অনুষ্ঠানত 3 গৰাকীৰ মৃত্যু, 7 গৰাকী আহত

নেশ্যনেল ডেস্ক, 15 ডিচেম্বৰ: পশ্চিমবংগৰ আছানছোলত সংঘটিত হৈছে এক অঘটন ৷ বিজেপিৰ কম্বল বিতৰণ অনুষ্ঠানত তিনিগৰাকী লোক মৃত্যুমুখত পৰে ৷ ঘটনা অনুসৰি বুধবাৰে বিয়লি বিজেপিৰ নেতা সুভেন্দু অধিকাৰীৰ (BJP leader Subhendu Adhikari) উপস্থিতিতেই এই ঘটনা সংঘটিত হয় (3 died in Subhendu Adhikari programme)৷

আছানচোল পৌৰ নিগমৰ 27 নং ৱাৰ্ডৰ ৰামকৃষ্ণ দংগল অঞ্চলত বিজেপিৰ কৰ্মকৰ্তাসকলে শীতৰ বাবে স্থানীয় লোকসকলৰ সকাহ হ’ব বুলি ভাবি এক কম্বল বিতৰণ অনুষ্ঠানৰ আয়োজন কৰে (Blanket Distribution Ceremony in Asansol)৷ বিজেপিৰ এই কম্বল বিতৰণ অনুষ্ঠানত প্ৰায় হাজাৰ হাজাৰ লোকে কম্বল নিবলৈ আহি ভিৰ কৰিছিল যদিও সেই ঠাইত মাত্ৰ 1500 লোক থাকিব পৰাকৈহে ঠাই উপলব্ধ আছিল ৷

জানিব পৰামতে এই কম্বল বিতৰণী অনুষ্ঠানত প্ৰায় 5,000ৰ ওচৰি ওচৰি লোক উপস্থিত হৈছিলহি ৷ লোকৰ হেঁচা ঠেলাত বিতৰণস্থলীতেই গচকত দুগৰাকী মহিলাসহ এগৰাকী কিশোৰী নিহত হোৱাৰ লগতে 7 গৰাকী লোক আহত হয় ৷ নিহত সকলক চান্দমণি দেৱী যাদৱ (54), ঝালী দেৱী বাউৰী (50)আৰু প্ৰীতি সিং (12) বুলি চিনাক্ত কৰা হৈছে ৷

এই অনুষ্ঠানটোত জীতেন্দ্ৰ তিৱাৰীকে (BJP leader Jitendra Tiwari ) ধৰি আছানছোলৰ বিজেপি নেতাসকল উপস্থিত আছিল ৷ ইফালে আৰক্ষীয়ে অনুমতি অবিহনে অনুষ্ঠানটো অনুষ্ঠিত কৰা বুলি অভিযোগ উত্থাপন হৈছে ৷ আছানচোল-দুৰ্গাপুৰৰ আয়ুক্ত সুধীৰ নীলাকান্তমে কোৱা অনুসৰি আৰক্ষীয়ে অনুষ্ঠানটোৰ বাবে অনুমতি দিয়া নাছিল ৷

এই ঘটনাৰ পিছতে হুলস্থুল লগাত তিনিগৰাকী লোকক আছানচোল জিলা চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও তেওঁলোকক মৃত বুলি ঘোষণা কৰা হৈছিল ৷ এতিয়ালৈ এই ঘটনাত আহত সাতজন লোক চিকিৎসাধীন হৈ আছে ৷

ইফালে অনুষ্ঠানটোৰ আয়োজক জীতেন্দ্ৰ তিৱাৰীয়ে আৰক্ষীৰ পৰা অনুমতি বিচাৰি 3 ডিচেম্বৰত এখন আবেদন দাখিল কৰিছিল বুলি জানিবলৈ দিয়ে ৷ লগতে তেওঁ কয় যে আমি 3 ডিচেম্বৰত আৰক্ষীক বৃহৎ ধৰ্মীয় অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ বিষয়ে লিখিতভাৱে অৱগত কৰিছিলো ৷ আৰক্ষীয়ে আমাক অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়া নাছিল ৷

অধিকাৰীয়ে ঘটনাটোৰ বিষয়ে টুইট কৰি ইয়াক দুৰ্ভাগ্যজনক, দুখজনক আৰু কৰুণ বুলি উল্লেখ কৰি কয়- "এই দুৰ্ঘটনাটোৰ বাবে কাকো দোষাৰোপ কৰিব নিবিচাৰো ৷ মই শোকসন্তপ্ত পৰিয়ালৰ সৈতে আছো ৷ মই আঘাতপ্ৰাপ্ত সকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো ৷ মই স্থানীয় কৰ্মকৰ্তাসকলৰ সৈতে আহতসকলক সহায়ৰ বাবে কথা পাতিছো ৷ মই অচিৰেই আহতসকলক সাক্ষাৎ কৰিম ৷"

ইয়াৰোপৰি অধিকাৰীয়ে যোৱা ৩ ডিচেম্বৰত আয়োজকসকলে আছানছোল আৰক্ষীলৈ প্ৰেৰণ কৰা আবেদনখনো টুইটযোগে শ্বেয়াৰ কৰিছে ৷ আনহাতে বিজেপিৰ অনুষ্ঠানৰ এই ঘটনাক তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বেনাৰ্জীয়ে (Trinamul MP Abhishek Banerjee) তীব্ৰ সমালোচনা কৰিছে ৷

লগতে পঢ়ক: Tawang border issue: ইষ্টাৰ্ণ এয়াৰ কমাণ্ডক সস্তম হৈ থকাৰ নিৰ্দেশ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.