ETV Bharat / bharat

Bengaluru flood : বানৰ ফলত কৰ্ণাটকত নিহত ৩৮, ভুক্তভোগী পৰিয়াললৈ ৫ লাখ টকাকৈ সাহায্য ঘোষণা

author img

By

Published : Jul 27, 2023, 11:24 AM IST

বানৰ ফলত কৰ্ণাটকত এতিয়ালৈ ৩৮ গৰাকী লোকৰ মৃত্যু হৈছে । ভুক্তভোগীৰ পৰিয়ালক চৰকাৰে ৫ লাখ টকাৰ সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে । বেংগালুৰুৰ বান পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে ।

Bengaluru flood
বানৰ ফলত কৰ্ণাটকত নিহত ৩৮

নেশ্যনেল ডেস্ক, ২৭ জুলাই : দেশৰ কেইবাখনো ৰাজ্যত প্ৰকৃতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, গুজৰাটৰ লগতে কৰ্ণাটকৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ হোৱা দেখা গৈছে । ফলত ৰাজ্যখনত বানৰ সংহাৰ দেখিবলৈ পোৱা গৈছে । বানে কৰ্ণাটকৰ বেংগালুৰুত ভয়ংকৰ ৰূপ লৈছে । জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে ।

আনহাতে ৰাজ্যখনত এনে পৰিস্থিতিৰ ফলত এতিয়ালৈ প্ৰায় ৩৮ গৰাকী লোকৰ মৃত্যু হৈছে । মৃত লোকসকলৰ পৰিয়ালক কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই ক্ষতিপূৰণ হিচাবে ৫ লাখ টকাকৈ দিয়াৰ কথা ঘোষণা কৰিছে ।

সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্যখনত বাৰিষা কিছু পলমকৈ আহিছে আৰু কিছুমান ঠাইত যথেষ্ট বৰষুণ হৈ আছে । বানপানীৰ ফলত ৰাজ্যখনৰ বিভিন্ন স্থানত যথেষ্ট ক্ষতি হৈছে । বানপানীৰ ফলত ৩৮ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে বুলি তেওঁ উল্লেখ কৰে । আনহাতে, মুখ্যমন্ত্ৰীয়ে জনোৱা মতে ৩৫ গৰাকী লোক আহত হৈছে । বানৰ ফলত ৫৭ টা ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছে আৰু ২০৮ টা ঘৰৰ যথেষ্ট ক্ষতি হৈছে । ইফালে ৰাজ্যখনৰ ২,৬৮২ টা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে ।

তেওঁ উল্লেখ কৰা মতে বানৰ ফলত ১০৫ টা পশুধনৰ মৃত্যু হৈছে । ১৮৫ হেক্টৰ কৃষি ভূমি প্লাৱিত হোৱাৰ ফলত শস্য নষ্ট হৈছে । ৩৫৬ হেক্টৰ এলেকাৰ উদ্যান শস্যও নষ্ট হৈছে । যাৰ ফলত কৃষকসকল বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে ১১,৯৯৫ টা বৈদ্যুতিক খুটাৰ ক্ষতি হৈছে । ৮৯৪ টা ট্ৰেন্সফৰ্মাৰো ক্ষতি হৈছে । তেওঁ উল্লেখ কৰা মতে ২১৫ কিলোমিটাৰ অঞ্চলৰ বিদ্যুৎ যোগান কৰ্তন কৰা হৈছে । বানৰ ফলত ১৮৯ খন দলং, ৮৫৯ খন বিদ্যালয়ৰ কোঠা, ৮ টা প্ৰাথমিক কেন্দ্ৰ, ২৬৯ টা অংগনৱাড়ী কেন্দ্ৰও ক্ষতিগ্ৰস্ত হৈছে । ইফালে বানপীড়িতৰ বাবে ২ টা সাহায্য কেন্দ্ৰ স্থাপন কৰা হৈছে । মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই জনোৱা মতে আশ্ৰয় শিবিৰত এতিয়ালৈ প্ৰায় ৫০ গৰাকী লোকে আশ্ৰয় লৈছে ।

লগতে পঢ়ক : Flood in Junagadh : বানৰ কৱলত গুজৰাটৰ ঐতিহাসিক জুনাগড় চহৰ, সৌৰাষ্ট্ৰত সতৰ্কবাণী জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.