নেশ্যনেল ডেস্ক,২২ আগষ্ট : ৰাজস্থানৰ দৌচা জিলাত শোকাৱহ পথ দুৰ্ঘটনা । জিলাখনৰ মান্দাৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত এটা অঞ্চলত সংঘটিত পথ দুৰ্ঘটনাত ৬ গৰাকী লোক নিহত হয় । আনহাতে এই দুৰ্ঘটনাত ১১ গৰাকী লোক আহত হয় । তেওঁলোকৰ ৪ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । তেওঁলোকক জয়পুৰলৈ প্ৰেৰণ কৰা হৈছে । আচলতে মান্দাৱাৰৰ বীৰাসনা পথত যাত্ৰীভৰ্তি এখন জীপ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হয় । তাৰ পাছত ট্ৰাকখন জীপখনৰ ওপৰতে বাগৰি পৰে । ফলস্বৰূপে জীপখনত থকা যাত্ৰীসকল নিহত হয় । দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে মান্দাৱাৰ আৰক্ষী দুৰ্ঘটনাস্থলীত উপস্থিত হয় আৰু স্থানীয় লোকৰ সহায়ত লোকসকলক উদ্ধাৰ কৰে ।
দুৰ্ঘটনাটোত আহত লোকসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । আৰক্ষীয়ে জনোৱা মতে দুৰ্ঘটনাটোত ৬ গৰাকী লোকৰ মৃত্যু হয় । তেওঁলোকৰ মৃতদেহ মাহৱা চিএইচচিৰ মৰ্গত ৰখা হৈছে । আনহাতে দুৰ্ঘটনাটোত আন ১১ গৰাকী লোক আহত হয় । তেওঁলোককো চিকিৎসাৰ বাবে মাহৱা চিএইচচিলৈ প্ৰেৰণ কৰা হৈছে । তথ্য অনুসৰি ঘটনাস্থলীত থিতাতে ৪ জন লোকৰ মৃত্যু হয় । আনহাতে চিকিৎসাৰ সময়ত আন দুজন লোকৰ মৃত্যু হয় । শীতল পানীয়ৰে ভৰ্তি ট্ৰাকখন আলৱাৰৰ পৰা মাহৱালৈ গৈ আছিল । আনহাতে জীপখন মাহৱাৰ পৰা মান্দাৱাৰলৈ গৈ আছিল । জীপখনত ওচৰৰে গাঁৱৰ যাত্ৰী আছিল ।
দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে জীপখন সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছিল । আৰক্ষীয়ে জেচিবি আৰু ক্ৰেনৰ সহায়ত ট্ৰাকখন আঁতৰাই আৰু আৱদ্ধ লোকসকলক উদ্ধাৰ কৰে । জানিব পৰা মতে দুৰ্ঘটনাটোৰ সময়ত অঞ্চলটোত বৰষুণ হৈ আছিল । যাৰ বাবে আৰক্ষী আৰু স্থানীয় লোকসকলে উদ্ধাৰ অভিযানৰ সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল ।
ইফালে মুখ্যমন্ত্ৰী অশোক গেহলটে দুৰ্ঘটনাটোক লৈ শোক প্ৰকাশ কৰিছে । লগতে বিধায়ক ওম প্ৰকাশ হুডাৰ পৰা সমগ্ৰ ঘটনাটোৰ তথ্য সংগ্ৰহ কৰিছে । আহতসকলৰ চিকিৎসাৰ বাবে পৰ্যাপ্ত ব্যৱস্থা কৰিবলৈও তেওঁ নিৰ্দেশ দিয়ে ।
লগতে পঢ়ক :Manipur Violence : মণিপুৰত ৬ দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ, বিধানসভা অধিবেশন অনুষ্ঠিত নকৰাত কংগ্ৰেছৰ ক্ষোভ