ETV Bharat / bharat

Manipur Student killing: মণিপুৰৰ শিক্ষাৰ্থী হত্যাৰে জড়িত 6 অভিযুক্তক গ্ৰেপ্তাৰ

author img

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 8:27 PM IST

অৱশেষত জালত পৰিল মণিপুৰৰ দুই মেইটে শিক্ষাৰ্থীৰ হত্যাৰ সৈতে জড়িত ছয় অপৰাধী ৷ অতি নৃশংসভাৱে অপহৰণ কৰি নি হত্যা কৰা হৈছিল ছাত্ৰ-ছাত্ৰী দুগৰাকীক ৷ ইয়াকে লৈ ইম্ফলত ব্যাপত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷

Manipur Student killing
মণিপুৰৰ শিক্ষাৰ্থী হত্যাৰে জড়িত 6 অভিযুক্তক গ্ৰেপ্তাৰ

নেশ্যনেল ডেস্ক, 1 অক্টোবৰ: মণিপুৰৰ দুই মেইটেই শিক্ষাৰ্থীক অপহৰণ কৰি হত্যা কৰা ঘটনাৰ সৈতে জড়িত 6 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ৷ 'X' যোগে এই কথা সদৰী কৰিছে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ৷ উল্লেখ্য যে এই দুই শিক্ষাৰ্থীৰ হত্যাৰ সৈতে জড়িতসকলক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবীৰে মণিপুৰৰ ইম্ফলত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল ৷ 'X' ত মণিপুৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয় যে, চৰকাৰে তেওঁলোকৰ মৃত্যুদণ্ডকে ধৰি সৰ্বাধিক শাস্তি নিশ্চিত কৰিব ৷

  • I’m pleased to share that some of the main culprits responsible for the abduction and murder of Phijam Hemanjit and Hijam Linthoingambi have been arrested from Churachandpur today.

    As the saying goes, one may abscond after committing the crime, but they cannot escape the long…

    — N.Biren Singh (@NBirenSingh) October 1, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

‘‘মই এই কথা জনাবলৈ পাই আনন্দিত যে ফিজাম হেমজিৎ আৰু হিজাম লিনথইঙ্গেম্বিৰ অপহৰণ আৰু হত্যাৰ বাবে দায়ী কেইজনমান মুখ্য অপৰাধীক আজি চুৰাচান্দপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ৷ অপৰাধ কৰি অপৰাধী পলাই যাব পাৰে কিন্তু আইনৰ দীঘল হাতৰ পৰা কেতিয়াও বাচিব নোৱাৰে ৷ তেওঁলোকে কৰা জঘন্য অপৰাধৰ বাবে মৃত্যুদণ্ডকে ধৰি সৰ্বাধিক শাস্তি নিশ্চিত কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ,’’ মুখ্যমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে ৷

দুই মেইটেই সম্প্ৰদায়ৰ শিক্ষাৰ্থী (ছাত্ৰ আৰু ছাত্ৰী) 6 জুলাইত মণিপুৰৰ পৰা নিৰুদ্দেশ হৈছিল ৷ যোৱা 25 ছেপ্টেম্বৰত দুয়োৰে মৃতদেহৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে ৷ ইয়াৰ পিছত 26 আৰু 27 ছেপ্টেম্বৰত ছাত্ৰ-ছাত্ৰীসকলৰ হিংসাত্মক প্ৰতিবাদে ৰাজ্যখনৰ ৰাজধানী ইম্ফল কঁপাই তোলে ।

২৮ ছেপ্টেম্বৰৰ নিশা এদল জনতাই মুখ্যমন্ত্ৰীৰ পিতৃৰ গৃহত আক্ৰমণ কৰাৰ চেষ্টা কৰিছিল, অৱশ্যে সুৰক্ষা বাহিনীয়ে এই প্ৰচেষ্টা বিফল কৰে । আন একাংশ জনতাই ইম্ফল পশ্চিম জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত লণ্ড-ভণ্ড কৰে আৰু একেদিনাই পুৱতি নিশা দুখন চাৰিচকীয়া বাহন জ্বলাই দিয়ে ৷

লগতে পঢ়ক: AFSPA extended in Assam: অসমৰ ৪ খন জিলাত AFSPA সম্প্ৰসাৰণ; ৪ খন জিলাৰ পৰা প্ৰত্যাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.