ETV Bharat / bharat

ব্যৱসায়ৰ সহজতা বৃদ্ধিৰ লক্ষৰে নিৰ্মলা সীতাৰমণে মুকলি কৰিলে বিজনেছ ৰিফৰ্ম একচন প্লেন

ব্যৱসায় সংস্কাৰ কাৰ্য পৰিকল্পনা ২০২০ ৰূপায়ণৰ ভিত্তিত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰেংকিঙৰ শীৰ্ষত ভাৰতৰ 7 খন ৰাজ্যৰ স্থান দখল(Seven states top achievers in business ) ৷

seven-states-among-top-achievers-in-ease-of-doing-business-ranking-of-states
‘ইজ অৱ ডুইং বিজনেছ’ ৰেংকিঙৰ শীৰ্ষত ভিতৰত তামিলনাডু, তেলেংগানা আৰু গুজৰাট
author img

By

Published : Jul 1, 2022, 9:17 AM IST

নেশ্যনেল ডেস্ক, 1 জুলাই : ব্যৱসায়ৰ দিশত ভাৰতৰ অগ্ৰগতি ৷ বৃহস্পতিবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি ব্যৱসায় সংস্কাৰ কাৰ্য পৰিকল্পনা ২০২০ ৰূপায়ণৰ ভিত্তিত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰেংকিঙৰ শীৰ্ষত ভাৰতৰ 7 খন ৰাজ্যই স্থান দখল কৰিবলৈ সক্ষম হৈছে (Seven states top achievers in business ) ৷ অন্ধ্ৰ প্ৰদেশ, গুজৰাট, হাৰিয়ানা, কৰ্ণাটক, পঞ্জাৱ, তামিলনাডু আৰু তেলেংগানাকে ধৰি এই তালিকাত শীৰ্ষ স্থান লাভ কৰা 7 খন ৰাজ্যৰ নাম প্ৰকাশ কৰে বিত্তমন্ত্ৰীগৰাকীয়ে (Union finance minister Nirmala Sitharaman) ৷

এচিভাৰ শিতানত হিমাচল প্ৰদেশ, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, উৰিষ্যা, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে ৷ ইফালে এছপায়াৰছ শিতানত অসম, কেৰেলা, গোৱা, ছত্তীশগড়, ঝাৰখণ্ড, কেৰেলা, ৰাজস্থান আৰু পশ্চিম বংগৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে । উদীয়মান ব্যৱসায়িক পৰিৱেশ তন্ত্ৰৰ শাখাত দিল্লী, পণ্ডিচেৰী, ত্ৰিপুৰাকে ধৰি 11 খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে ৷

এই প্ৰতিবেদনৰ মূল লক্ষ্য হৈছে বিনিয়োগকাৰীৰ আত্মবিশ্বাস বৃদ্ধি কৰা, ব্যৱসায়-অনুকূল পৰিৱেশ সৃষ্টি কৰা আৰু ব্যৱসায় সংস্কাৰ কাৰ্য পৰিকল্পনা (বিআৰএপি) ৰূপায়ণত ৰাজ্যসমূহৰ প্ৰদৰ্শনৰ আধাৰত মূল্যাংকন প্ৰণালীৰ জৰিয়তে এক উৎসাহজনক প্ৰতিযোগিতাৰ সহায়ত সমগ্ৰ দেশত ব্যৱসায় কৰাৰ সহজতা বৃদ্ধি কৰা ৷

ডি পিপি আই আই টিৰ সচিব অনুৰাগ জৈনে এই বিষয়ে সাংবাদিকৰ আগত কয় যে, "আমি ব্ৰাপ ২০২২ৰ বাবে ৰাজ্যসমূহৰ সৈতে আলোচনা আৰম্ভ কৰিছো ৷ আমি ৰাজ্যসমূহৰ লগত বিভিন্ন ধৰণৰ ব্যৱসায়ীক অনুশীলনো আৰম্ভ কৰিছো ৷ এই পদক্ষেপৰ জৰিয়তে বিভিন্ন আইন অনুসৰি ৰাজ্যসমূহক সৰু বৰ অপৰাধৰ পৰা মুক্তকৰণৰ ওপৰতো গুৰুত্ব দিয়া হৈছে । "

আগন্তুক ২০২৩ বৰ্ষৰ মাৰ্চ মাহৰ ভিতৰত ডিপিপিআই ৰ আইটি বিভাগে ব্যৱসায় সংস্কাৰ কাৰ্য পৰিকল্পনা ২০২২ শীৰ্ষক কাৰ্যপন্থা মুকলি কৰাৰ লক্ষ্যৰে এই পদক্ষেপ হাতত লৈছে ৷ এই পদক্ষেপৰ জৰিয়তে এগৰাকী নাগৰিকৰ জীৱন সহজ হৈ পৰিব বুলি আশা প্ৰকাশ কৰে বিভাগটোৱে ৷ ব্যৱসায় সংস্কাৰ কাৰ্য পৰিকল্পনা ২০২২ ৰ অধীনত একোগৰাকী সাধাৰণ লোকৰ বাবে ইয়াত ব্যৱসায়ৰ ২৬১ টা একচন পইণ্ট আছে আৰু ৯১ টা নাগৰিক কেন্দ্ৰ মুকলি কৰা হ'ব ৷

প্ৰতিবেদনখন মুকলি কৰাৰ পিছত বিত্তমন্ত্ৰী সীতাৰমণে কয় যে, ১৯৯১ চনৰ প্ৰতিবেদনতকৈ এইবাৰৰ ব্যৱসায় সংস্কাৰ কাৰ্যৰ কিছুমান নিয়মৰ সাল সলনি কৰা হৈছে ৷ "১৯৯১ চনৰ তুলনাত আমাক বৰ্তমান সময়ত যিসমূহ নীতি ৰূপায়ণৰ বাবে দিয়া হৈছে, এই ব্যৱস্থাত কোনো বাধ্যবাধকতা নাই ৷ এই ব্যৱস্থাই আমাৰ দেশৰ ব্যৱসায়ত উন্নয়ন সাধন কৰিব ৷" এইদৰে ক’লে বিত্তমন্ত্ৰী সীতাৰমণে (Union finance minister Nirmala Sitharaman ) ৷

লগতে পঢ়ক:2030 চনৰ ভিতৰত 140 মেট্ৰিক টন কয়লা উৎপাদনৰ লক্ষ্য কয়লা মন্ত্ৰালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.