ETV Bharat / bharat

কপিল ছিব্বাল : লখিমপুৰ খেৰীৰ ঘটনাকৈ লৈ কিয় মৌন প্ৰধানমন্ত্ৰী ? - প্ৰিয়ংকা গান্ধী ভাদ্ৰা

উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীৰ ঘটনাক লৈ পুনৰ প্ৰতিক্ৰিয়া কংগ্ৰেছ সাংসদ কপিল ছিব্বালৰ । টুইটাৰযোগে প্ৰধানমন্ত্ৰী মোডীক এইবাৰ প্ৰশ্ন কৰিলে কপিল ছিব্বালে । প্ৰধানমন্ত্ৰীৰ নীৰৱতাকলৈ প্ৰশ্ন ছিব্বালৰ ।

Senior Congress leader
লখিমপুৰ খেৰীৰ ঘটনাকৈ লৈ কিয় মৌন প্ৰধানমন্ত্ৰী
author img

By

Published : Oct 8, 2021, 6:59 PM IST

নেশ্যনেল ডেস্ক, ৮ অক্টোবৰ : উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীৰ হিংসাত্মক ঘটনাই সম্প্ৰতি সমগ্ৰ দেশতে উত্তেজনাৰ সৃষ্টি কৰিছে । এই ঘটনাক লৈ ৰাজনৈতিক দলসমূহেও আৰম্ভ কৰিছে ৰাজনীতি । ইয়াৰ মাজতে পুনৰ এবাৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জ্যেষ্ঠ কংগ্ৰেছী নেতা কপিল ছিব্বালে । ঘটনাক লৈ নীৰৱতা অৱলম্বন কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক (Prime Minister Narendra Modi) প্ৰশ্ন কৰিলে কংগ্ৰেছ নেতাগৰাকীয়ে ।

হিংসাত্মক ঘটনাক লৈ প্ৰধানমন্ত্ৰীয়ে কিয় নীৰৱ ভূমিকা পালন কৰিছে তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে নেতাগৰাকীয়ে । কংগ্ৰেছ নেতাগৰাকীৰ মতে প্ৰধানমন্ত্ৰীৰ মাত্ৰ এটা সহানুভূতি পালেই যথেষ্ট হ'ব । ৰাজ্যসভাৰ সাংসদগৰাকীয়ে লগতে প্ৰশ্ন কৰি কয় যে যদি মোডী বিৰোধী দলত থাকিলহেতেন তেতিয়া তেওঁৰ প্ৰতিক্ৰিয়া কেনে হ'লহেতেন ? প্ৰধানমন্ত্ৰীৰ পৰা ইয়াৰ উত্তৰো বিচাৰিলে জ্যেষ্ঠ কংগ্ৰেছীগৰাকীয়ে ।

  • Lakhimpur Kheri Horror

    Modi ji
    Why are you silent ?

    We need just one word of sympathy from you
    That should not be difficult !

    Had you been in opposition how would you have reacted ?

    Please tell us

    — Kapil Sibal (@KapilSibal) October 8, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে ইয়াৰ পূৰ্বেও লখিমপুৰৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল কংগ্ৰেছ নেতাজনে । ঘটনাৰ স্বপ্ৰণোদিত পদক্ষেপৰ বাবে উচ্চতম ন্যায়ালয়ক আহ্বান জনাইছিল ছিব্বালে । পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ে ঘটনাটোত পূৰ্ণ হস্তক্ষেপ কৰাত তেওঁ ভাৰতৰ মুখ্য ন্যায়াধীশক ধন্যবাদো জ্ঞাপন কৰিছিল । সমান্তৰালকৈ বুধবাৰে বিৰোধী কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী (Rahul Gandhi) আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাই (Priyanka Gandhi Vadra) লখিমপুৰ খেৰীৰ ভুক্তভোগী পৰিয়ালক সাক্ষাৎ কৰে ।

যোৱা ৩ অক্টোবৰত লখিমপুৰ খেৰীত সংঘটিত হৈছিল সেই হিংসাত্মক ঘটনাটো । য'ত চাৰিজন কৃষকসহ মুঠ আঠজন লোকৰ মৃত্যু হৈছিল । কৃষি আইনৰ বিৰুদ্ধে আন্দোলন কৰি থকা কৃষকৰ এটা দলে উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যৰ ভ্ৰমণৰ বিৰুদ্ধে এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ সময়তে ক'নভয়ে মহটিয়াই লৈ গৈছিল প্ৰতিবাদকাৰীসকলক ।

পৰৱৰ্তী সময়ত ক্ষুব্ধ প্ৰতিবাদকাৰীসকলৰ প্ৰহাৰত দুগৰাকী বিজেপি কৰ্মী আৰু এগৰাকী চালকৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে । আনহাতে হিংসাত্মক ঘটনাত এগৰাকী স্থানীয় সাংবাদিকো নিহত হয় । উত্তৰ প্ৰদেশ আৰক্ষীয়ে বৃহস্পতিবাৰে লখিমপুৰ খেৰীৰ হিংসাত জড়িত থকাৰ সন্দেহত দুজন লোকক গ্ৰেপ্তাৰ কৰে আৰু লগতে কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰক সোধা-পোছাৰ বাবে তলব কৰে ।

লগতে পঢ়ক :প্ৰধানমন্ত্ৰীৰ উপহাৰৰ নিলাম : নীৰজ চোপ্ৰাৰ জেভলিনে পালে সৰ্বাধিক টকাৰ নিবিদা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.