নেচনেল ডেস্ক, 18 ফেব্ৰুৱাৰী: বাজেট অধিৱেশনক লৈ উত্তৰ প্ৰদেশত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে ৷ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা বাজেট অধিৱেশনৰ প্ৰাকক্ষণত উত্তৰ প্ৰদেশ বিধানসভাৰ বাহিৰত নিৰাপত্তা ব্যৱস্থাক কটকটীয়া কৰি ৰখাক লৈ যথেষ্ট ব্যস্ততা পৰিলক্ষিত হৈছে ৷ জানিব পৰা মতে 18 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এই বাজেট অধিৱেশন আগন্তুক 10 মাৰ্চলৈ অব্যাহত থাকিব ৷
বিধানসভাৰ বাহিৰত বৃহস্পতিবাৰে সমাজবাদী দলৰ কৰ্মী সকলে ৰাজ্যিক চৰকাৰৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচীও হাতত লোৱা দেখিবলৈ পোৱা যায় ৷ মূলতঃ কেন্দ্ৰত বিজেপি চৰকাৰে গৃহিত কৰা তিনি নতুন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ উদ্দেশ্যে সমাজবাদী দলৰ কৰ্মী সকলে শস্য ভৰ্তি টেক্টৰত উঠি বিধান সভাৰ বাহিৰত বিক্ষোভ প্ৰদৰ্শন কৰে ৷
উল্লেখ্যে যে, স্পেচিয়েল টাস্ক ফৰ্চে মাত্ৰ দুদিন পূৰ্বে লক্ষ্নৌত দুগৰাকী দুৰ্বৃত্তৰ বোমা বিস্ফোৰণৰ পৰিকল্পনা বিফল কৰিছিল ৷ এই ঘটনাৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিধানসভাৰ নিৰাপত্তাৰ দিশটোক যথেষ্ট সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰা হৈছে ৷ জানিব পৰা মতে বিধানসভাত প্ৰায় 700 ৰো অধিক আৰক্ষী মোতায়েন কৰা হৈছে ৷
ৰাজ্যপাল আনন্দিবেন পেটেলৰ উদ্বোধনী ভাষনেৰে বৃহস্পতিবাৰে বাজেট অধিৱেশনৰ আৰম্ভণী হয় ৷ জানিব পৰা মতে এইবাৰ প্ৰথম বাৰৰ বাবে উত্তৰ প্ৰদেশ স্পেচিয়েল প্ৰটেকশ্যন ফৰ্চ (Uttar Pradesh Special Protection Force) মোতায়েন কৰা হৈছে ৷ বিধান সভাৰ গেট নং 5, 2 আৰু 3 ত স্পেচিয়েল প্ৰটেকশ্যন ফৰ্চ মোতায়েন কৰা হৈছে ৷
লগতে পঢ়ক: প্ৰিয়ংকা গান্ধীক প্ৰত্যাহ্বান জনাবলৈ সাজু উত্তৰ প্ৰদেশ বিজেপি