ETV Bharat / bharat

Al Qaeda threat :আল কায়দাৰ ভাবুকিৰ পাচতেই আতিক-আশ্ৰফৰ হত্যাকাৰী থকা কাৰাগাৰৰ নিৰাপত্তা বৃদ্ধি

author img

By

Published : Apr 23, 2023, 12:11 PM IST

আতিক আৰু আশ্ৰাফক হত্যা কৰা তিনি শ্বুটাৰক আজি সন্ধিয়া প্ৰতাপগড়লৈ অনাৰ সম্ভাৱনা আছে (Atiq and Ashraf shooters threatened )। ইপিনে,আল কায়দাৰ ভাবুকিৰ পাচত জিলা কাৰাগাৰৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে ।

Atiq and Ashraf shooters threatened
প্ৰতাপগড়লৈ অনা হ'ব তিনিজন শ্বুটাৰক

নেশ্য়নেল ডেস্ক, ২৩ এপ্ৰিল: যোৱা ১৫ এপ্ৰিলত প্ৰয়াগৰাজত গেংষ্টাৰ আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰাফ আহমেদক গুলীয়াই হত্যা কৰা হৈছিল (Prayagraj Atiq and Ashraf murder case)। ইয়াৰ পিচতেই আৰক্ষীয়ে এই হত্যাকাণ্ডটোত জড়িত তিনি শ্বুটাৰক গ্ৰেপ্তাৰ কৰে । সম্প্ৰতি উক্ত গোচৰটোৰ তিনিওজন অভিযুক্ত আৰক্ষীৰ জিম্মাত আছে ।

ইফালে, সন্ত্ৰাসবাদী সংগঠন আল কায়দাই শুকুৰবাৰে এখন সাত পৃষ্ঠাৰ পত্ৰ প্ৰকাশ কৰি আতিক আৰু আশ্ৰাফৰ হত্যাৰ প্ৰতিশোধ লোৱাৰ কথা ঘোষণা কৰে । ইয়াৰ পিচতেই আৰক্ষীয়ে নিৰাপত্তা সংস্থাসমূহক সতৰ্ক কৰি ইয়াৰ বাবে সাজু হৈ থাকিবলৈ নিৰ্দেশ দিয়ে । আনহাতে, এই ভাবুকিৰ পিচতেই তিনিওজন হত্যাত অভিযুক্ত অৰুণ মৌৰ্য, ছানী আৰু লাভলেশ তিৱাৰীৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে । ইয়াৰ উপৰি প্ৰতাপগড় কাৰাগাৰত নিৰাপত্তা ব্যৱস্থা কৰা কটকটীয়া কৰা হৈছে ।

উল্লেখ্য় যে এই হত্যাকাণ্ডত জড়িত তিনিওজন শ্বুটাৰক আদালতে চাৰি দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল (Security arrangements for Atiq Ashraf shooters )। এই জিম্মাৰ সময় দেওবাৰে আবেলি ৫ বজাত সমাপ্ত হ'ব । সূত্ৰ অনুসৰি, তিনিওজন অভিযুক্তৰ বাবে জিলা কাৰাগাৰ প্ৰতাপগড়ত নিৰাপত্তা বৃদ্ধি কৰা হৈছে । এছটিএফৰ তত্বাৱধানত নিৰাপত্তা বেষ্টনী অধিক শক্তিশালী কৰা হৈছে ।

উল্লেখ্য যে, নয়নী কেন্দ্ৰীয় কাৰাগাৰত ৰখা হৈছিল তিনি হত্যাকাৰীক । কিন্তু এই কাৰাগাৰত আতিক আহমেদৰ পুত্ৰ আৰু তেওঁৰ গুণ্ডাসহ কেইটামান নিকট আত্মীয়কো বন্দী কৰি ৰখা হৈছে । সেয়েহে,তিনিজন শ্বুটাৰ লাভলেশ, ছানী আৰু অৰুণক প্ৰয়াগৰাজৰ ধুমানগঞ্জ আৰক্ষীয়ে প্ৰতাপগড় জিলা কাৰাগাৰলৈ লৈ যায় । ইয়াৰ পৰা তিনিওজনক উপস্থিতিৰ বাবে প্ৰয়াগৰাজলৈ লৈ যোৱা হৈছিল । আৰক্ষীয়ে তিনিওজনক আদালতত হাজিৰ কৰাই আৰক্ষীৰ জিম্মাত লয় । এতিয়া জিম্মাৰ ম্যাদ সম্পূৰ্ণ হোৱাৰ পিচত তেওঁক প্ৰতাপগড় কাৰাগাৰলৈ ঘূৰাই পঠিওৱা হ'ব (Terrorist organization Al Qaeda)।

উল্লেখ্য় যে আতিক-আশ্ৰফ হত্যাকাণ্ডৰ তিনিওজন অভিযুক্তক প্ৰতাপগড় জিলা কাৰাগাৰৰ তানহাই বেৰেকত ৰখা হৈছিল । তানহাই বেৰেক হৈছে এটা বেৰেক যাৰ দৈৰ্ঘ্য আৰু প্ৰস্থ অতি সৰু । এই বেৰেকত, বন্দী আৰু অপৰাধীসকলক ৰখা হয় যিসকল অধিক বিপদজনক আৰু অপৰাধী প্ৰকৃতিৰ । ইয়াৰ উপৰি তেওঁলোকৰ মাজত বাস কৰা অভিযুক্তসকলক কাৰাগাৰত বাস কৰা আন বন্দীৰ পৰাও বিচ্ছিন্ন কৰা হয় ।

লগতে পঢ়ক:Amritpal Singh arrest: আৰক্ষীৰ নিদ্ৰাহৰণকাৰী কোন এই অমৃতপাল সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.