নেশ্যনেল ডেস্ক, ১২ অক্টোবৰ: জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে তালাচী অভিযান তীব্ৰতৰ কৰি তুলিছে নিৰাপত্তা বাহিনীয়ে । মঙলবাৰে পুৱা পুঞ্চ আৰু ৰাজৌৰী জিলাত নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান চলায় । শ্বাহদাৰাত হোৱা সংঘৰ্ষত ৫ গৰাকী সেনা জোৱান শ্বহীদ হোৱাৰ পাচতে অভিযান তীব্ৰতৰ কৰি তুলিছে নিৰাপত্তা বাহিনীয়ে ।
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, সোমবাৰে নিশা সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে জম্মু-কাশ্মীৰৰ পুঞ্চ আৰু ৰাজৌৰীৰ শ্বাহদাৰা অঞ্চলত অভিযান আৰম্ভ কৰিছিল । অভিযানৰ সময়তে নিৰ্বিচাৰ গুলীচালনা কৰে সন্ত্ৰাসবাদীয়ে ।
এই সংঘৰ্ষত এজন জে চি অ' আৰু আন চাৰিজন সেনা জোৱান শ্বহীদ হয় । শ্বহীদ সেনা জোৱানকেইজন হৈছে পঞ্জাৱৰ কাপুৰথালাৰ নায়ক চুবেদাৰ জছবিন্দৰ সিং, পঞ্জাৱৰ গুৰদাসপুৰৰ নায়ক মনদীপ সিং, চিপাহী সজ্জন সিং, পঞ্জাৱৰ স্বৰাজ সিং আৰু কেৰালাৰ বৈশাখ এইচ । গুলীচালনাৰ পাচতে সন্ত্ৰাসবাদীৰ দলটো সমীপৰ ভাংগাই গাঁৱলৈ পলায়ন কৰে । বৰ্তমানেও অভিযান অব্যাহত আছে বুলি মুখপাত্ৰগৰাকীয়ে জানিবলৈ দিছে ।
সোমবাৰে পুৱা পুঞ্চ জিলাৰ চুৰাণকোট অঞ্চলৰ ডেৰা কী গলিৰ ওচৰৰ গাঁৱত সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত এজন জুনিয়ৰ কমিছনাৰ অফিচাৰসহ পাঁচজন সেনা জোৱান নিহত হয় । এই কথা নিশ্চিত কৰিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ জম্মুৰ জনসম্পৰ্কৰক্ষী বিষয়াই ।
লগতে পঢ়ক:৩০ ঘণ্টাত জম্মু-কাশ্মীৰত ৭ সন্ত্ৰাসবাদী নিহত; ৫ গৰাকী সেনা জোৱান শ্বহীদ